ETV Bharat / state

বহুত সহিলে নিৰ্যাতন; কুলাংগাৰ পুত্ৰৰ বিৰুদ্ধে থানাত এজাহাৰ মাতৃৰ - FIR against son

author img

By ETV Bharat Assamese Team

Published : May 22, 2024, 9:33 PM IST

Son assaults mother: ধুবুৰীত চাঞ্চল্যকৰ ঘটনা । পুত্ৰৰ বিৰুদ্ধে মাতৃৰ এজাহাৰ । সম্পত্তিৰ বাবে মাতৃক শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ ।

FIR against SON
mother files complaint against son (ETV Bharat Assam)

কুলাংগাৰ পুত্ৰৰ বিৰুদ্ধে থানাত এজাহাৰ মাতৃৰ (ETV Bharat Assam)

ধুবুৰী, 22 মে’: ৰাজ্যত নিতৌ সংঘটিত কেতবোৰ অপৰাধৰ ঘটনাই মানৱতাৰ চূড়ান্ত স্খলনৰ ছবিখন প্ৰতিফলিত কৰিছে । পিতৃ-মাতৃৰ ওপৰত সন্তানৰ অত্যাচাৰৰ কেবাটাও ঘটনাই ইতিমধ্যে সৃষ্টি কৰিছে চাঞ্চল্যৰ ৷ কেইদিনমান পূৰ্বে শিৱসাগৰত সুৰাপায়ী পুত্ৰই ঘৰৰ চোতালতে মাতৃক জ্বলাই দিয়া ঘটনা সংঘটিত হোৱাৰ পিছত এইবাৰ ধুবুৰীত সংঘটিত হৈছে পুত্ৰৰ দ্বাৰা মাতৃক নিৰ্যাতনৰ অভিযোগ ৷

সম্পত্তিৰ বাবেই মাতৃক অকথ্য নিৰ্যাতন কুলাংগাৰ পুত্ৰৰ: মাতৃ-পুত্ৰৰ সম্পৰ্কত কালিমা সানিলে ধুবুৰীৰ বজাৰ নগৰ আৰক্ষী চকীৰ অধীনৰ ৰাজা চৌধুৰী নামৰ যুৱকজনে ৷ কেৱল সম্পত্তিৰ লোভতেই জন্মদাত্ৰীক অকথ্য শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ উঠিছে ৰাজা চৌধুৰীৰ বিৰুদ্ধে ৷ এডোখৰ মাটিৰ বাবে দীৰ্ঘদিন ধৰি মঞ্জু দেৱী নামৰ মহিলাগৰাকীক পুত্ৰ ৰাজাই চলাই আহিছে নিৰ্যাতন ৷

বলপূৰ্বক ঘৰৰ পৰা খেদি পঠিওৱাৰ চেষ্টা: মাতৃগৰাকীয়ে অভিযোগ কৰা অনুসৰি পুত্ৰৰ সমানে বোৱাৰীয়েও তেওঁক চলাই নিৰ্যাতন ৷ ঘৰৰ পৰা ওলাই যাবলৈ বহুবাৰ পুত্ৰ-বোৱাৰীয়ে তেওঁক ভাবুকি প্ৰদান কৰাৰ লগতে প্ৰহাৰো কৰিছে ৷

পুত্ৰৰ বিৰুদ্ধে থানাত গোচৰ মাতৃৰ: এগৰাকী মাতৃৰ সন্তানৰ প্ৰতি মমতা কিমান সেয়া হয়তো তুলনাবিহীন ৷ কিন্তু এইগৰাকী মাতৃয়ে আজি সহিব নোৱৰা হৈছে পুত্ৰৰ অত্যাচাৰ ৷ যাৰ বাবে ন্যায় বিচাৰি পুত্ৰৰ বিৰুদ্ধে থানা পালেহি মঞ্জু দেৱী ৷ ধুবুৰীৰ বজাৰ নগৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে মাতৃগৰাকীয়ে ৷

লগতে পঢ়ক: 7 বছৰীয়া ছাত্ৰীক নিৰ্যাতন শিক্ষকৰ; অপসাৰণৰ দাবী অভিভাৱকৰ - Teacher Beating Student

লগতে পঢ়ক: প্ৰথমে চেণ্ডেলৰে প্ৰহাৰ, তাৰপিছত চোকা অস্ত্ৰৰে আক্ৰমণ : যোৰহাটৰ মাজমজিয়াতে চাঞ্চল্যকৰ ঘটনা - Specially abled youth beaten up

পূৰ্বে গোচৰ তৰিও নাপালে সঁহাৰি: নিতৌ পুত্ৰৰ নিৰ্যাতনৰ বলি হোৱা মঞ্জু দেৱীয়ে ইয়াৰ পূৰ্বেও ৰাজা চৌধুৰীৰ বিৰুদ্ধে ধুবুৰীৰ বজাৰ নগৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল ৷ কিন্তু আৰক্ষীয়ে তেওঁৰ অভিযোগ সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে বুলি অভিযোগ তুলিছে ভুক্তভোগী মহিলাগৰাকীয়ে ৷ উপায়বিহীন হৈ সংবাদ মাধ্যমৰ কাষ চাপি ন্যায়ৰ দাবী জনাই মঞ্জু দেৱীয়ে ।

বুকুত যাতনা চকুত চকুলো মাতৃৰ: নিজ পুত্ৰ হাততেই নিৰ্যাতনৰ বলি হোৱা অসহায় বৃদ্ধা মাতৃগৰাকীৰ চকুত এতিয়া চকুলো, বুকুত দুখৰ এটা অভেদ্য বোজা ৷ নিজ সন্তানৰ শাস্তিৰ দাবীত ধুবুৰী আৰক্ষী তথা অসম চৰকাৰ লৈ কাতৰ আহ্বান মাতৃ মঞ্জু দেৱীৰ । তেওঁৰ কুলাংগাৰ পুত্ৰক ঘৰৰ পৰা আঁতৰাই পঠিয়াবলৈ আৰক্ষীৰ পৰা সহায় বিচাৰিছে মাতৃগৰাকীয়ে ৷

ৰাজা চৌধুৰীৰ এনে জঘন্যকাণ্ডক লৈ ধুবুৰীত সৃষ্টি হৈছে চাঞ্চল্যৰ । সচেতন নাগৰিকৰ মাজতো সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ । দুৰ্ভগীয়া মাতৃ মঞ্জু দেৱীক ধুবুৰী আৰক্ষীয়ে ন্যায় প্ৰদান কৰিবনে ? ৰাজা চৌধুৰীক আইনৰ আওঁতালৈ আনি উপযুক্ত শাস্তি প্ৰদানৰ বাবে দাবী জনাইছে ধুবুৰীৰ একাংশ সচেতন ৰাইজেও । এতিয়া আৰক্ষীয়ে কেনে ধৰণৰ পদক্ষপে গ্ৰহণ কৰে সেয়া হ’ব লক্ষ্যণীয় ৷

লগতে পঢ়ক: বোৱাৰীয়েকক মৰিয়াই মৰিয়াই মাৰি পেলালে আদিত্য চেতিয়াই - Murder in Dibrugarh

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.