ETV Bharat / state

প্ৰথমে চেণ্ডেলৰে প্ৰহাৰ, তাৰপিছত চোকা অস্ত্ৰৰে আক্ৰমণ : যোৰহাটৰ মাজমজিয়াতে চাঞ্চল্যকৰ ঘটনা - Specially abled youth beaten up

author img

By ETV Bharat Assamese Team

Published : May 22, 2024, 9:37 AM IST

Horrific incident in Jorhat : জীৱশ্ৰেষ্ঠৰ নিকৃষ্ট কাণ্ড ৷ চহৰৰ মাজমজিয়াতে এগৰাকী বিশেষভাৱে সক্ষম যুৱকক পুৰুষ-মহিলাসহ তিনিগৰাকী লোকে প্ৰহাৰ কৰি মুমুৰ্ষ অৱস্থাত পেলাই থৈ যায় ৷

Specially abled youth beaten up
প্ৰথমে চেণ্ডেলেৰে প্ৰহাৰ তাৰ পিচত চোকা অস্ত্ৰৰে প্ৰহাৰ (ETV BHARAT ASSAM)

যোৰহাট, 22 মে’ : যোৰহাটত ক্ৰমান্বয়ে ব্যাপক হাৰত অৱনতি ঘটিছে আইন-শৃংখলা পৰিস্থিতিৰ ৷ দীৰ্ঘদিন ধৰি যোৰহাট নগৰত চোৰ-ডকাইতৰ উপদ্ৰৱৰ লগতে বিভিন্ন অপৰাধজনিত ঘটনাই ত্ৰাসিত কৰিছে যোৰহাট নগৰবাসীক ৷

ইয়াৰ মাজতে যোৰহাট নগৰৰ মাজমজিয়াত সংঘটিত হৈছে এক নৃশংস ঘটনা ৷ এগৰাকী বিশেষভাৱে সক্ষম লোকক পুৰুষ-মহিলাসহ তিনিগৰাকী লোকে অতৰ্কিতে আক্ৰমণ কৰে ৷ মঙলবাৰে বিয়লি সংঘটিত হৈছে এই ঘটনা ৷

ঘটনাৰ বিৱৰণী : লোকজনে প্ৰত্যেকদিনাৰ দৰেই সেই স্থানতে আছিল ৷ তেনেতে দুইগৰাকী মহিলাই আহি লোকজনক হঠাতে চেণ্ডেলেৰে আক্ৰমণ কৰে ৷ আনকি যুৱকজনক শাৰিৰীকভাৱে কৰে প্ৰহাৰ ৷ সেইসময়তে সেই স্থানত এজন পুৰুষ উপস্থিত হৈ প্ৰথমে যুৱকজনক গতা মাৰি দিয়ে ৷ তাৰ পিচতে হাতত থকা কটাৰীখনেৰে যুৱকজনৰ শৰীৰত আঘাত কৰে ৷ ফলত বিশেষভাৱে সক্ষম যুৱকজন ঘটনাস্থলীতে মুমুৰ্ষ অৱস্থাত পৰি ৰয় ৷ যুৱকজনৰ শৰীৰৰ পৰা যথেষ্ট পৰিমাণে ৰক্তক্ষৰণ হয় ৷

প্ৰত্যক্ষদৰ্শীৰ ভাষ্য: সেই স্থানত উপস্থিত থকা লোকসকলে ততালিকে 108 সেৱাৰ লগতে স্থানীয় আৰক্ষীক খবৰ দিয়ে ৷ খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত 108 সেৱাৰ লগতে আৰক্ষী উপস্থিত হৈ তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত যুৱকজনক উদ্ধাৰ কৰি যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰে ৷

এনেকৈ এগৰাকী বিশেষভাৱে সক্ষম যুৱকক পুৰুষ-মহিলাই দিন-দুপৰতে আক্ৰমণ কৰি মৃত্যুমুখলৈ থেলি দিয়া ঘটনাক সকলোৱে ধিক্কাৰ আৰু গৰিহণা দিয়াৰ লগতে অভিযুক্তক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰিছে ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত ৷ এতিয়ালৈ এই ঘটনাৰ আঁৰৰ কাৰণ অৱশ্যে জানিব পৰা হোৱা নাই ৷

লগতে পঢ়ক : বিদ্যালয়ৰ পৰা ক'লৈ গ'ল জিতু ? সন্ধান নাই আজিও - Student Missing In Bongaigaon

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.