বোৱাৰীয়েকক মৰিয়াই মৰিয়াই মাৰি পেলালে আদিত্য চেতিয়াই - Murder in Dibrugarh - MURDER IN DIBRUGARH

🎬 Watch Now: Feature Video

thumbnail
চাবুৱাত বৰজনাকে হত্যা কৰিলে বোৱাৰীয়েকক (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : May 19, 2024 at 9:23 PM IST

1 Min Read
Choose ETV Bharat

ডিব্ৰুগড়, 19 মে’: দেওবাৰে চাবুৱাত সংঘটিত হ’ল এক চাঞ্চল্যকৰ হত্যাকাণ্ড । চাবুৱাৰ বালিজান গাঁৱত বোৱাৰীয়েকক ৰডেৰে প্ৰহাৰ কৰি হত্যা কৰিলে স্বামীৰ ককায়েকে ।

জানিব পৰা অনুসৰি দেওবাৰে বিয়লি এটা সন্তানৰ মাতৃক স্বামীৰ ককায়েক আদিত্য চেতিয়াই(32) ভাই বোৱাৰীয়েক শেৱালী চেতিয়াক (30) হত্যা কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ । সামান্য কথাতে কাজিয়াৰ সূত্ৰপাত হোৱাত আদিত্য চেতিয়াই বোৱাৰীয়েক শেৱালীক ৰডেৰে প্ৰহাৰ কৰে । ঘটনা সংঘটিত কৰিয়েই অভিযুক্ত ঘটনাস্থলীৰ পৰা পলায়ন কৰে ।

ঘটনাস্থলীৰ পৰা এখন তেজ লাগি থকা দাও উদ্ধাৰ কৰা হৈছে । মহিলাগৰাকীক চিকিৎসালয়লৈ নিয়া হৈছিল যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে । ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে আৰু হত্যাকাৰীক বিচাৰি অভিযান আৰম্ভ কৰিছে । এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে ।

লগতে পঢ়ক: ডুমডুমাত খৰি চুৰিয়েই কাল হ'ল এজন লোকৰ

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details