বোৱাৰীয়েকক মৰিয়াই মৰিয়াই মাৰি পেলালে আদিত্য চেতিয়াই - Murder in Dibrugarh

By ETV Bharat Assamese Team

Published : May 19, 2024, 9:23 PM IST

thumbnail
চাবুৱাত বৰজনাকে হত্যা কৰিলে বোৱাৰীয়েকক (ETV Bharat Assam)

ডিব্ৰুগড়, 19 মে’: দেওবাৰে চাবুৱাত সংঘটিত হ’ল এক চাঞ্চল্যকৰ হত্যাকাণ্ড । চাবুৱাৰ বালিজান গাঁৱত বোৱাৰীয়েকক ৰডেৰে প্ৰহাৰ কৰি হত্যা কৰিলে স্বামীৰ ককায়েকে ।

জানিব পৰা অনুসৰি দেওবাৰে বিয়লি এটা সন্তানৰ মাতৃক স্বামীৰ ককায়েক আদিত্য চেতিয়াই(32) ভাই বোৱাৰীয়েক শেৱালী চেতিয়াক (30) হত্যা কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ । সামান্য কথাতে কাজিয়াৰ সূত্ৰপাত হোৱাত আদিত্য চেতিয়াই বোৱাৰীয়েক শেৱালীক ৰডেৰে প্ৰহাৰ কৰে । ঘটনা সংঘটিত কৰিয়েই অভিযুক্ত ঘটনাস্থলীৰ পৰা পলায়ন কৰে ।

ঘটনাস্থলীৰ পৰা এখন তেজ লাগি থকা দাও উদ্ধাৰ কৰা হৈছে । মহিলাগৰাকীক চিকিৎসালয়লৈ নিয়া হৈছিল যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে । ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে আৰু হত্যাকাৰীক বিচাৰি অভিযান আৰম্ভ কৰিছে । এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে ।

লগতে পঢ়ক: ডুমডুমাত খৰি চুৰিয়েই কাল হ'ল এজন লোকৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.