ETV Bharat / state

7 বছৰীয়া ছাত্ৰীক নিৰ্যাতন শিক্ষকৰ; অপসাৰণৰ দাবী অভিভাৱকৰ - Teacher Beating Student

author img

By ETV Bharat Assamese Team

Published : May 20, 2024, 8:42 AM IST

Teacher Beating Student : শিক্ষাৰ নামত 7 বছৰীয়া ছাত্ৰীক শাৰীৰিক নিৰ্যাতন শিক্ষকৰ । অপসাৰণৰ দাবী অভিভাৱকৰ । নিৰ্বিকাৰ ভূমিকা গ্ৰহণৰ অভিযোগ বিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে ৷

teacher has physically abused a student of silapathar donbosco high school
7 বছৰীয়া ছাত্ৰীক নিৰ্যাতন শিক্ষকৰ; অপসাৰণৰ দাবী অভিভাৱকৰ (ETV Bharat Assam)

জোনাই, 20 মে’ : সৰ্বশিক্ষা অভিযান মিছন আৰু শিক্ষাৰ অধিকাৰ আইন 2009 অনুসৰি কোনো এগৰাকী শিক্ষাৰ্থীক শিক্ষকে শাৰীৰিক আৰু মানসিকভাৱে শাস্তি প্ৰদান কৰাতো আইন মতে অপৰাধ ৷ অৱশ্যে এই আইনক সময়ে সময়ে উলংঘা কৰা পৰিলক্ষিত হৈ আহিছে ৰাজ্যৰ একাংশ শিক্ষকে ৷ তেনে এক ঘটনাই শেহতীয়াকৈ পোহৰলৈ আহিছে ৷

ধেমাজি জিলাৰ চিলাপথাৰত সংঘটিত হৈছে শিক্ষকে ছাত্ৰীক নিৰ্যাতন চলোৱাৰ ঘটনা ৷ চিলাপথাৰৰ ব্যক্তিগত খ্ৰীষ্টান মিছনেৰী স্কুলত শিক্ষকতাৰ নামত অতপালি চলোৱাৰ অভিযোগ উত্থাপিত হৈছে এগৰাকী শিক্ষয়ত্ৰীৰ বিৰুদ্ধে । অভিভাৱক তথা ভুক্তভোগী ছাত্ৰৰ অভিযোগ অনুসৰি শিক্ষয়ত্ৰীৰ কাণতলীয়া চৰত গুৰুতৰভাৱে আহত হয় এগৰাকী 2 য় শ্ৰেণীৰ ছাত্ৰী । এই ঘটনাটো সংঘটিত হৈছে চিলাপথাৰৰ ডন'বস্ক’ হাইস্কুলত ।

বিদ্যালয়খনৰ সুদ্বিপা পাল নামৰ এগৰাকী শিক্ষয়িত্ৰীৰ বিৰুদ্ধে উঠিছে ছাত্ৰীক শিক্ষাদানৰ নামত চৰম শাস্তি দিয়াৰ অভিযোগ । বিদ্যালয়খনৰ দ্বিতীয় শ্ৰেণীৰ 7 বছৰীয়া এগৰাকী শিক্ষাৰ্থীক শাৰীৰিকভাৱে আঘাত কৰাৰ অভিযোগ উত্থাপন হৈছে শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে ৷

অভিযোগ অনুসৰি, ছাত্ৰীগৰাকীক দিয়া সকলো গৃহকৰ্ম বহীত লিখাৰ পাচতো আক্ৰোশমূলকভাৱে বিদ্যালয়ৰ সুদ্বিপা পাল নামৰ শিক্ষয়িত্ৰীগৰাকীয়ে কাণতলীয়া চৰ শোধোৱায় ৷ যাৰ ফলত কাণৰ পৰ্দা পৰ্যন্তলৈকে ছাত্ৰীগৰাকীয়ে আঘাত পায় বুলি জানিব পৰা গৈছে । ইতিমধ্যে এই ঘটনাই চিলাপথাৰ তথা বিদ্যালয়খনত তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা ছাত্ৰীগৰাকীক ডিব্ৰুগড়ত অৱস্থিত ব্ৰহ্মপুত্ৰ হাস্পতালত অভিভাৱকে চিকিৎসা কৰোৱাইছে বুলি জানিব দিছে । উল্লেখ্য যে, ইয়াৰ পূৰ্বেও শিক্ষাৰ্থীগৰাকীক শিক্ষয়িত্ৰীগৰাকীয়ে এনে ব্যৱহাৰ কৰাৰ অভিযোগ তুলিছে অভিভাৱকে ৷ বাৰাম্বাৰ একে ঘটনাৰ পুনৰাবৃত্তি হৈ থকাৰ বাবে শিক্ষয়িত্ৰীগৰাকীক অপসাৰণৰ দাবী তুলিছে ছাত্ৰীগৰাকীৰ অভিভাৱকে ৷

লগতে পঢ়ক: চিলাপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষৰ কাণ্ড: হাস্পতালত চটফটাইছে মহিলা কৰ্মচাৰীয়ে - Silapathar College Crime News

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.