ETV Bharat / state

চিলাপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষৰ কাণ্ড: হাস্পতালত চটফটাইছে মহিলা কৰ্মচাৰীয়ে - Silapathar College Crime News

author img

By ETV Bharat Assamese Team

Published : May 19, 2024, 9:13 PM IST

Silapathar College : উচ্চ শিক্ষা গ্ৰহণ কৰিলেই জানো উচ্চ হয় মানসিকতা ? আজিৰ সমাজত এনে কিছুমান কাণ্ড ঘটিব ধৰিছে যে উচ্চ শিক্ষাতো বাদেই, শিক্ষাৰ পোহৰ দেখা বুলিও একাংশক ক’ব পৰা নাযায় ৷ তেনে এক কৰ্মকাণ্ডই সংঘটিত কৰিছে চিলাপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ গৰাকীয়ে ৷ অধ্য়ক্ষ গৰাকীৰ বিৰুদ্ধে উত্থাপিত হৈছে চতুৰ্থ বৰ্গৰ মহিলা কৰ্মচাৰীক মাৰপিটৰ অভিযোগ ৷

Silapathar College Crime News
চিলাপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ (Source : Etv Bharat Assam)
চিলাপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে মাৰপিটৰ অভিযোগ (Source : Etv Bharat Assam)

জোনাই, 19 মে’: ধেমাজিৰ উচ্চশিক্ষাৰ অনুষ্ঠান চিলাপথাৰ মহাবিদ্যালয়ত সংঘটিত হৈছে এক ভয়ানক কাণ্ড ৷ অধ্যক্ষৰ প্ৰহাৰত সংকটজনক অৱস্থাত চিকিৎসাধীন মহাবিদ্যালখনত কৰ্মৰত এগৰাকী মহিলা কৰ্মচাৰী ৷

ঘটনাৰ বিৱৰণী অনুসৰি, শনিবাৰে মধু চাহু নামৰ চতুৰ্থ বৰ্গৰ মহিলা কৰ্মচাৰীগৰাকীয়ে মহাবিদ্যালয়তে নিজ কৰ্ম সম্পাদন কৰি থকা অৱস্থাত অধ্যক্ষগৰাকীয়ে বিশেষ কাৰণত তেওঁক মাতে ৷ পিছে মহিলাগৰাকীয়ে এই আদেশ শুনা নোপোৱাৰ কথাটোতে খড়্গহস্ত হৈ পৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড৹ লক্ষীনাথ পেগু ৷ তাৰপিছতে খঙত অগ্নিশৰ্মা পেগুৱে মধু চাহুক হাতত থকা তিনিখনকৈ গধুৰ ফাইলেৰে মূৰত প্ৰহাৰ কৰা বুলি উত্থাপিত হৈছে অভিযোগ ৷

উল্লেখ্য যে, মহাবিদ্যালয়খনৰ অধ্যক্ষৰ কোঠালিৰ বাহিৰৰ বাৰান্দাত সংঘটিত হয় এই ঘটনা ৷ অধ্যক্ষগৰাকীৰ এই প্ৰহাৰৰ ফলত মূৰ, মুখৰ লগতে নাকত গুৰুতৰভাৱে আঘাত পায় মধু চাহু নামৰ মহিলা কৰ্মচাৰীগৰাকীয়ে ৷ মহাবিদ্যালয়ৰ আন আন কৰ্মচাৰীসকলে ততালিকে তেওঁক ভৰ্তি কৰোৱায় চিলাপথাৰ মডেল চিকিৎসালয়ত ৷

পিছে নিশাৰ ভাগলৈ উন্নত চিকিৎসাৰ বাবে মহিলাগৰাকীক প্ৰেৰণ কৰা হয় ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ ৷ সম্প্ৰতি সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে মধু চাহু নামৰ মহিলা কৰ্মচাৰীগৰাকী ৷

এই সমগ্ৰ ঘটনাটোক কেন্দ্ৰ কৰি ধেমাজি চহৰত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷ পূৰ্বতেও অধ্যক্ষগৰাকীয়ে নিজৰ মইমতালিৰে মহাবিদ্যালয়ৰ একাংশ কৰ্মচাৰীক অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ ঘটনা সন্দৰ্ভত মধু চাহুৰ পৰিয়ালে ধেমাজি থানাত দাখিল কৰিছে এজাহাৰ ৷ এই এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে আৰম্ভ কৰিছে গোচৰটোৰ প্ৰাথমিক তদন্ত ৷ আৰক্ষীৰ তদন্তৰ দ্বাৰা ন্যায় লাভৰ আশা প্ৰকাশ কৰিছে ভূক্তভোগীৰ পৰিয়ালে ৷

লগতে পঢ়ক: এটা চিচিটিভি ফুটেজ, দেখিলে কঁপি উঠিব আপোনাৰো হৃদয় - Guwahati Crime News

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.