ETV Bharat / sitara

Super Dancer Chapter 4 : অসমৰ ফ্ল’ৰিনা গগৈৰ শিৰত বিজয়ীৰ মুকুট

author img

By

Published : Oct 10, 2021, 8:30 AM IST

Super Dancer Chapter 4 ত জিলিকিল যোৰহাটৰ জীয়ৰী ফ্ল’ৰিনা গগৈ ৷ শনিবাৰে কিডছ ডান্স ৰিয়েলিটি শ্ব' Super Dancer Chapter 4 ৰ গ্ৰেণ্ড ফাইনেলত বিজয়ৰ শেষ হাঁহি মাৰিবলৈ সক্ষম হয় অসম সন্তানগৰাকীয়ে ৷

florina gogoi win the Super Dancer Chapter 4_
Super Dancer Chapter 4 বিজয়ী ফ্ল’ৰিনা গগৈ

নিউজ ডেস্ক, 10 অক্টোবৰ : ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ Super Dancer ত উজলিছে অসম সন্তান ফ্ল’ৰিনা গগৈ ৷ নৃত্যকেন্দ্ৰিক ৰিয়েলিটি শ্ব’ Super Dancer Chapter 4 ৰ বিজয়ীৰ খিতাপ লাভ কৰিবলৈ সক্ষম হৈছে যোৰহাটৰ জী ফ্ল’ৰিনাই ৷ শনিবাৰে আছিল কিডছ ডান্স ৰিয়েলিটি শ্ব' Super Dancer Chapter 4 ৰ গ্ৰেণ্ড ফাইনেলখনি ৷

florina gogoi win the Super Dancer Chapter 4_
Super Dancer Chapter 4 ৰ বিজয়ী ফ্ল’ৰিনা গগৈ

বিজয়ী ফ্ল’ৰিনাই উদ্যোক্তাসকলৰ পৰা লাভ কৰে এটা ট্ৰফীসহ 15 লাখ টকাৰ এখন চেক ৷ আনকি Super Dancer ফ্ল’ৰিনাৰ গুৰু তুষাৰ ছেট্টীকো নগদ ৫ লাখ টকাৰে পুৰস্কৃত কৰা হয় ৷ যাক লৈ এতিয়া আনন্দিত হৈ পৰিছে ফ্ল’ৰিনা আৰু তুষাৰৰ অনুৰাগীসকল ৷

ফ্ল’ৰিনা-তুষাৰৰ অনুৰাগীসকলে মৰমতে গুৰু-শিষ্যৰ এই যুটিটোক ‘ফ্ল’টাচ’ বুলি নামাংকন কৰিছে ৷

florina gogoi win the Super Dancer Chapter 4_
Super Dancer Chapter 4 ৰ খিতাপ দখল ফ্ল’ৰিনা গগৈৰ

ডান্স ৰিয়েলিটি শ্ব' Super Dancer Chapter 4 ৰ গ্ৰেণ্ড ফাইনেলত বিচাৰক হিচাপে আছিল বলীউডৰ অভিনেত্ৰী শিল্পা ছেট্টী কুন্দ্ৰা, কৰিঅ’গ্ৰাফাৰ গীতা কাপুৰ আৰু বলীউডৰ ছবি পৰিচালক অনুৰাগ বসু ৷ এই ডান্স ৰিয়েলিটি শ্ব’টোৰ আঁত ধৰোতা হিচাপে আছিল ঋত্বিক ধনজানি আৰু পৰিতোষ ত্ৰিপাঠী ৷

ফ্ল’ৰিনাৰ উপৰিও Super Dancer Chapter 4 ৰ ফাইনেলিষ্টসকল হৈছে সঞ্চিত চানানা, প্ৰুথভিৰাজ কংগাৰী, এষা মিশ্ৰা আৰু নীৰজা তিৱাৰী ।

লগতে পঢ়ক : উত্তৰ-পূবত আয়ুষভিত্তিক উদ্যোগৰ যথেষ্ট সম্ভাৱনা আছে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.