ETV Bharat / state

মুখ্যমন্ত্ৰীক গুলীয়াবলৈ দুৰ্বৃত্তই মাৰণাস্ত্ৰ দিয়া যুৱকক উদ্ধাৰ আৰক্ষীৰ

author img

By

Published : Oct 10, 2021, 11:44 AM IST

Updated : Oct 10, 2021, 2:08 PM IST

আৰক্ষীৰ জিম্মাত শৰৎ দাস ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক হত্যা কৰিবলৈ শৰৎ দাস নামৰ যুৱকজনক কোনো অচিনাক্ত দুৰ্বৃত্তই হেঁচা প্ৰয়োগ কৰাৰ এক ভিডিঅ’ ভাইৰেল হৈছিল সামাজিক মাধ্যমত ৷ তাৰ পাচতেই আৰক্ষীয়ে উদ্ধাৰ কৰে শৰৎ দাসক ৷

arrested sarat das by khotkhoti police
আটক হ’ল মুখ্যমন্ত্ৰীক হত্যা কৰিবলৈ হেঁচা প্ৰয়োগ শৰৎ দাস

ডিফু, ১০ অক্টোবৰ : ‘আপুনি য’তে আছে ভালে থাকক মামা ৷ আপোনাক মাৰিবলৈ বহুত মানুহ পঠিয়াইছে ৷ আপুনি চিআইডি(CID) লগাওক মামা ৷ মোক উদ্ধাৰ কৰক মামা ৷ মই ডিমাপুৰত আছো ৷’ - এয়া কোনো নাটকৰ সংলাপ নহয় ৷ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এটা ভিডিঅ’ত প্ৰকাশ পাইছে এজন যুৱকৰ এনে কথনশৈলী ৷

arrested sarat das by khotkhoti police
আৰক্ষীৰ জিম্মাত শৰৎ দাস

উল্লেখ্য যে, শনিবাৰে সামাজিক মাধ্যমত ভাইৰেল হৈছিল এটা ভিডিঅ’ ৷ এই ভিডিঅ’টোক কেন্দ্ৰ কৰিয়েই ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ কিয়নো ভিডিঅ’টোত উল্লেখ কৰা অনুসৰি কোনো অচিনাক্ত দুৰ্বৃত্তই শৰৎ দাস নামৰ যুৱকজনক নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক হত্যা কৰিবলৈ ৷ শৰৎ দাস নামৰ যুৱকজনে নিজ মুখে স্বীকাৰ কৰিছে এই কথা ৷

ভাইৰেল ভিডিঅ’টো

পৰৱৰ্তী সময়ত শৰৎ দাসে নিজেই এটা ভিডিঅ’ প্ৰস্তুত কৰি সামাজিক মাধ্যমত প্ৰচাৰ কৰিছিল ৷ তাৰ পাচতেই ভাইৰেল হৈ পৰিছিল সেই ভিডিঅ’ ক্লিপটো ৷ ভিডিঅ' ক্লিপটোত থকা শৰৎ দাসৰ ঘৰ লখিমপুৰৰ ঢকুৱাখানাত ৷

শৰৎ দাসে উল্লেখ কৰা অনুসৰি, তেওঁক ৯ অক্টোবৰত অচিনাক্ত দুৰ্বৃত্তৰ এটা দলে ডিমাপুৰৰ পৰা অপহৰণ কৰিছিল ৷ তাৰ পাচতেই যুৱকজনৰ পৰা ৩ লক্ষাধিক টকাৰ নগদ ধন, পান কাৰ্ড, ভোটাৰ কাৰ্ড আদি কেইবাটাও গুৰুত্বপূৰ্ণ নথিপত্ৰ কাঢ়ি লৈ যায় অপহৰণকাৰীৰ দলটোৱে ৷ দলটোৱে শৰৎ দাসৰ হাতত এটা বন্দুক দি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক হত্যা কৰিবলৈ উচতনি প্ৰদান কৰে ৷

arrested sarat das by khotkhoti police
শৰতৰ পৰা উদ্ধাৰ বন্দুক

তাৰ পাচতেই ছেগ বুজি যুৱকজনে অতি ভয়াৰ্তভাৱে এটা ভিডিঅ’ প্ৰস্তুত কৰে ৷ ভিডিঅ’টোত কোৱা অনুসৰি, তেওঁক দুৰ্বৃত্তৰ দলটোৱে ডিমাপুৰৰ কোনো অজ্ঞাত স্থানত আৱদ্ধ কৰি থৈছে ৷ সেয়ে যুৱকজনে ভিডিঅ' বাৰ্তাটোৰ জৰিয়তে তেওঁক উদ্ধাৰ কৰাৰ লগতে অসমবাসীক সজাগ হ’বলৈ আহ্বান জনাইছে ৷

প্ৰাপ্ত তথ্য অনুসৰি, শনিবাৰে সন্ধিয়া যুৱকজনে দুৰ্বৃত্তৰ কবলৰ পৰা পলাই আহি লাহৰিজানত এখন হোটেলত আশ্ৰয় লয় ৷ তাৰ পাচতে হোটেল খনৰ পৰা খটখটী আৰক্ষীয়ে শৰৎ দাসক উদ্ধাৰ কৰে ৷ বৰ্তমান আৰক্ষীৰ জিম্মাত আছে শৰৎ ৷

উল্লেখ্য যে, যুৱকজনৰ পৰা আৰক্ষীয়ে এটা পিষ্টল আৰু ৩ জাঁই সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ এই অপহৰণ কাণ্ডৰ লগতে মুখ্যমন্ত্ৰীৰ নাম সাঙোৰ খোৱা এই ঘটনা সন্দৰ্ভত যুৱকজনৰ পৰা অধিক তথ্য জনাৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : চৰকাৰে 1,000 পৰিয়ালক 77,000 একৰ ভূমি দখলৰ অনুমতি নিদিয়ে : হিমন্ত বিশ্ব শৰ্মা

Last Updated :Oct 10, 2021, 2:08 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.