ETV Bharat / state

চৰকাৰে 1,000 পৰিয়ালক 77,000 একৰ ভূমি দখলৰ অনুমতি নিদিয়ে : হিমন্ত বিশ্ব শৰ্মা

author img

By

Published : Oct 10, 2021, 10:05 AM IST

অসমৰ ভূমি নীতিয়ে কোনো পৰিস্থিতিতে 1,000 পৰিয়ালক 77,000 একৰ ভূমি দখল কৰাৰ অনুমতি দিয়া নাই বুলি মন্তব্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ অসমত উচ্ছেদ অভিযান জৰুৰী আৰু সেয়ে খিলঞ্জীয়া লোকেই হওক বা প্ৰব্ৰজনকাৰী মুছলমান হওক যিকোনো পৰিস্থিতিতে অসমত বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান অব্যাহত থাকিব বুলি জানিবলৈ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ India Today Conclave 2021 ত উপস্থিত থাকি এনেদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷

assam cm himanta biswa sarma
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

নিউজ ডেস্ক, 10 অক্টোবৰ : খিলঞ্জীয়া লোকেই হওক বা প্ৰব্ৰজনকাৰী মুছলমান হওক যিকোনো পৰিস্থিতিতে অসমত বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান অব্যাহত থাকিব ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট ভাষাৰে এই কথা ব্যক্ত কৰিছে ৷

19 তম India Today Conclave 2021 ত উপস্থিত থাকি অসমত চলি থকা উচ্ছেদ অভিযানৰ সপক্ষে যুক্তি দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, অসমৰ ভূমি নীতিয়ে কোনো পৰিস্থিতিতে 1,000 পৰিয়ালে 77,000 একৰ ভূমি দখল কৰাৰ অনুমতি দিয়া নাই ৷

এক বিশেষ সম্প্ৰদায়ৰ লোকসকলৰ প্ৰতি থকা বিদ্বেষ ভাৱৰ বিষয়ে মুখ্যমন্ত্ৰীক কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, সাধাৰণতে মিঞা হিচাপে অভিহিত মুছলমান সম্প্ৰদায়ৰ প্ৰব্ৰজনকাৰীসকল অসমত উদ্ভৱ হোৱা বহু সমস্যাৰ মূল কাৰণ ৷

এয়া কেৱল তেওঁৰ একপক্ষীয় চিন্তা নহয় বুলি দাবী কৰি শৰ্মাই কয় যে, স্বাধীনতাৰ পূৰ্বৰ দিনৰ পৰাই অসমৰ বহুলোকে বিশ্বাস কৰে যে প্ৰব্ৰজনকাৰীসকল ভূমি বেদখলকে ধৰি খিলঞ্জীয়া লোকসকলৰ সংস্কৃতি আৰু পৰিচয় হেৰুওৱাৰ দৰে বহুতো সমস্যাৰ মূল কাৰণ ৷ উচ্ছেদ অভিযান যথেষ্ট জৰুৰী আৰু এই বিষয়টোত কোনো সাম্প্ৰদায়িকতা নাই বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে দাবী কৰে ৷

লগতে পঢ়ক : নতুন দিল্লীত সেনা প্ৰধানক সাক্ষাৎ কৰিলে ড৹ হিমন্ত বিশ্ব শৰ্মাই

নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত মুখ্যমন্ত্ৰীগৰাকীয়ে "মোক মিঞা ভোট নালাগে" বুলি কৰা বিতৰ্কিত মন্তব্য সন্দৰ্ভত কৰা প্ৰশ্নৰ প্ৰত্যুত্তৰ দি ড৹ শৰ্মাই কয় যে, তেওঁ এই কথা ভালদৰে জানে যে, এইসকল লোকে বিজেপিক কেতিয়াও ভোট নিদিয়ে ৷

সেয়ে সেইসকল লোকক ভোটৰ বাবে আবেদন কৰি তেওঁ সময় নষ্ট কৰিব নিবিচাৰে বুলিও তেওঁ মন্তব্য কৰে ৷ অৱশ্যে তেওঁলোকৰ অঞ্চলত উন্নয়নমূলক কাম-কাজৰ ক্ষেত্ৰত কোনো অৱজ্ঞা কৰা নহয় বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ৷

তেওঁ বিজেপিক এই বিশেষ শ্ৰেণীৰ ভোট নালাগে বুলি কৰা মন্তব্যৰ অৰ্থ কোনো কাৰণতে মুছলমান বিদ্বেষী নহয় বুলি মন্তব্য কৰে ৷ লগতে জানিবলৈ দিয়ে যে, অসমত নিৰ্মাণ হ'বলগীয়া সাত লাখ বিনামূলীয়া ঘৰৰ ভিতৰত ৪.৫ লাখ ঘৰেই প্ৰব্ৰজনকাৰী মুছলমানৰ বাবে ৷

লগতে পঢ়ক : গৰুখুটিৰ ঘটনাক 'big tragedy' আখ্যা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

উল্লেখ্য যে, শেহতীয়াকৈ উত্তৰ প্ৰদেশত আটক হোৱাৰ সময়ত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই মজিয়াত ঝাড়ু দিয়াৰ দৃশ্য ভাইৰেল হৈ পৰিছে ৷ ৱাদ্ৰাৰ এই ভাইৰেল ভিডিঅ'ই ৰাজনৈতিক পট পৰিৱৰ্তনত বিশেষ ভূমিকা পালন কৰিব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত ড৹ শৰ্মাই কয় যে, এগৰাকী মহিলাই মজিয়াত ঝাড়ু দিয়াটো বাতৰি হ'ব পাৰে বুলি তেওঁ নাজানে ৷ কোঠা পৰিস্কাৰ কৰাটো যিকোনো লোকৰ দৈনন্দিন কামৰ তালিকাৰ এটা অংশ ৷ প্ৰিয়ংকা গান্ধীৰ এই ভাইৰেল ভিডিঅ' "staged-managed" বুলিও মুখ্যমন্ত্ৰী শৰ্মাই কটাক্ষ কৰে ৷

লগতে পঢ়ক : হাতত ঝাড়ু লৈ লক্ষ্ণৌৰ বাল্মিকী বস্তিত প্ৰিয়ংকা গান্ধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.