ETV Bharat / health

বিশ্ব স্কিজোফ্ৰেনিয়া সজাগতা দিৱস 2024 : আহক এক সহানুভূতিশীল সমাজ গঢ়ি তোলো - WORLD SCHIZOPHRENIA AWARENESS DAY

author img

By ETV Bharat Assamese Team

Published : May 24, 2024, 9:39 AM IST

What is schizophrenia : বিশ্ব স্কিজোফ্ৰেনিয়া সজাগতা দিৱসৰ তাৎপৰ্যই আক্ৰান্ত লোকসকলৰ জীৱনত গভীৰভাৱে প্ৰভাৱ পেলাব পাৰে ৷ এই দিনটোত সজাগতা, সমৰ্থন আৰু শিক্ষাৰ ক্ষেত্ৰত গভীৰ আলোকপাত কৰা হৈছে ৷ ইয়াৰ পালনৰ আঁৰৰ কাৰণবোৰত গুৰুত্ব দিয়া উচিত, যিয়ে এখন সহানুভূতিশীল সমাজ গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।

WORLD SCHIZOPHRENIA AWARENESS DAY
বিশ্ব স্কিজোফ্ৰেনিয়া সজাগতা দিৱস 2024 (Source : Getty Images)

বিশেষ প্ৰতিবেদন, 24 মে’: প্ৰতি বছৰে ২৪ মে'ৰ দিনটো পালন কৰা হয় বিশ্ব স্কিজোফ্ৰেনিয়া সজাগতা দিৱস হিচাপে ৷ ৰোগটোৰ প্ৰভাৱ হ্ৰাস কৰিবলৈ আৰু স্কিজোফ্ৰেনিয়াৰ সজাগতা বৃদ্ধি কৰিবলৈ দিৱসটো পালন কৰা হয় ৷

গৱেষণা অনুসৰি, এই দিনটোত স্কিজোফ্ৰেনিয়াৰ দ্বাৰা আক্ৰান্ত লোকসকলক সমৰ্থন কৰাৰ লগতে আগতীয়াকৈ চিনাক্তকৰণ কৰি চিকিৎসা আগবঢ়োৱাৰ স্বাৰ্থতে প্ৰতিবছৰে দিৱসটো পালন কৰা হয় ৷

স্কিজোফ্ৰেনিয়া কি ?

স্কিজোফ্ৰেনিয়া হৈছে এক জটিল মানসিক ৰোগ । ইয়াৰ দ্বাৰা পীড়িত লোকসকলে বহু সময়ত বৈষম্য, সামাজিক বিচ্ছিন্নতা, সমৰ্থন আৰু চিকিৎসা সেৱাৰ অভাৱ অনুভৱ কৰে ৷

স্কিজোফ্ৰেনিয়া থকা এজন ব্যক্তি গুৰুতৰ মানসিক বিকাৰত ভূগি থাকে যাৰ ফলত তেওঁলোকৰ চিন্তা, আচৰণ, আৱেগ আৰু ধাৰণাত ব্যাঘাত জন্মে । আনহাতে, ভ্ৰম, বিশৃংখল চিন্তা আৰু আচৰণ হৈছে স্কিজোফ্ৰেনিয়াৰ কিছুমান লক্ষণ ৷ য’ত এজন ব্যক্তিৰ বাস্তৱতাৰ বিষয়ে পৰিৱৰ্তিত বা অপৰিকল্পনীয় ধাৰণা থাকে ।

বাইপোলাৰ ডিচঅৰ্ডাৰ থকা এজন ব্যক্তিৰ উন্মাদনা আৰু হতাশাৰ বাবে সলনি হয় স্বাভাৱিক মনোভাৱ ৷ সঘনাই সলনি হোৱা মনোভাৱ, বৰ্ধিত শক্তি, আৱেগিক আৰু বিপদজনক আচৰণ, অন্যমনস্ক, হতাশা, সামাজিক প্ৰত্যাহাৰ, দুখ আৰু নিৰাশাৰ দ্বাৰা এজন আক্ৰান্ত ব্যক্তিক এই ৰোগত আক্ৰান্ত বুলি চিনাক্ত কৰা হয় ৷

লক্ষণ:

  • একেধাৰে মিছা বিশ্বাস
  • শক্তি, নিয়ন্ত্ৰণ বা নীৰৱতাৰ সৈতে মুখামুখি হোৱা
  • একেধাৰে ভ্ৰম
  • অসংগঠিত চিন্তাক সঘনাই বিকৃত বা অপ্ৰয়োজনীয় কথা হিচাপে গণ্য কৰা
  • অত্যন্ত অস্বাভাৱিক আচৰণ
  • অত্যাধিক ভাগৰ বা অদ্ভূত ভংগীৰ স্থিৰতা
  • স্কিজোফ্ৰেনিয়াত আক্ৰান্ত ব্যক্তিসকলে সঘনাই স্মৃতিশক্তি, মনোযোগ আৰু সমস্যাৰ সমাধানৰ ক্ষেত্ৰত এক দীঘলীয়া সময়ৰ বাবে সংগ্ৰাম কৰিবলগীয়া হয়

স্কিজোফ্ৰেনিয়াৰ চিকিৎসা: এই ৰোগৰ এণ্টি চাইক’টিক ঔষধ হৈছে ৰোগটোৰ চিকিৎসাৰ প্ৰাথিক পৰ্যায় ৷ ৰোগটোত আক্ৰান্ত এগৰাকী ব্যক্তিক সাধাৰণতে দিনটোত এবাৰকৈ পিল বা তৰল পদাৰ্থ দৰৱ হিচাপে দিয়া হয় ৷ যিয়ে মানসিক ৰোগবিধৰ তীব্ৰতা হ্ৰাস কৰাত সহায়ক হ’ব পাৰে ৷ তদুপৰি, স্কিজোফ্ৰেনিয়াৰ লক্ষণবোৰ নিয়ন্ত্ৰণ কৰাতো চিকিৎসা উপযোগী হ'ব পাৰে ।

গোলকীয় প্ৰভাৱ: বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, বিশ্বব্যাপী প্ৰায় 24 নিযুত লোক বা 300 জনৰ ভিতৰত 1 জন(0.32 শতাংশ) লোক এই ৰোগত আক্ৰান্ত হয় ৷ প্ৰাপ্তবয়স্কসকলৰ ভিতৰত এই হাৰ প্ৰতি 222 জনৰ ভিতৰত এজন বা 0.45 শতাংশ ।

অন্যান্য মানসিক বিকাৰৰ তুলনাত ইয়াৰ আক্ৰান্তৰ সংখ্যা কম ৷ কৈশোৰৰ শেষৰ ফালে নাইবা বিশ বছৰৰ ওচৰৰ কোনো ব্যক্তি এই ৰোগত আক্ৰান্ত হোৱাৰ প্ৰাৰম্ভিক পৰ্যায় হিচাপে গণ্য কৰা হয় ৷ গৱেষণাই প্ৰকাশ কৰা অনুসৰি, মহিলাতকৈ এজন পুৰুষ সহজে এই ৰোগত আক্ৰান্ত হয় ৷

ভাৰতৰ স্থিতি: ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য জৰীপে 2015 চনৰ পৰা 2016 চনলৈ দেশৰ 12 খন ৰাজ্যত জনসংখ্যাৰ আধাৰত চলোৱা অধ্যয়নত প্ৰকাশ পাইছিল যে, য’ত 34,802 জন প্ৰাপ্তবয়স্ক লোকক সাঙুৰি লোৱা হৈছিল ।

অধ্যয়নটোত স্কিজোফ্ৰেনিয়াৰ দ্বাৰা আক্ৰান্ত লোকৰ হাৰ পোৱা গৈছিল 1.41 শতাংশ, যি বৰ্তমান .42 শতাংশ ।

সামাজিক, পাৰিবাৰিক, পেছাদাৰী, শৈক্ষিক আৰু জীৱনৰ অন্যান্য গুৰুত্বপূৰ্ণ ক্ষেত্ৰত লাভ কৰা মাত্ৰাধিক দুখ আৰু দুৰ্বলতা স্কিজোফ্ৰেনিয়াৰ সৈতে সম্পৰ্কিত । মানসিক ৰোগ নিয়ন্ত্ৰণৰ বাবে পৰিয়ালৰ সহযোগিতা হৈছে এক গুৰুত্বপূৰ্ণ উপাদান ।

স্কিজোফ্ৰেনিয়াত আক্ৰান্ত ব্যক্তিসকলক এই লক্ষণবোৰৰ সৈতে জীয়াই থকাটো সঁচাকৈয়ে কেনেধৰণৰ, সেয়া বুজি পোৱাৰ দৰকাৰ । প্ৰিয়জনক সহানুভূতি আৰু সহযোগিতাৰে এই ৰোগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আপুনিও আগবঢ়াব পাৰে গুৰুত্বপূৰ্ণ সহযোগিতা ৷

স্কিজোফ্ৰেনিয়াৰ ওপৰত হলীউড চলচ্চিত্ৰ :

  • এ বিউটিফুল মাইণ্ড
  • চেভেজ গ্ৰেছ
  • বেনি এণ্ড জুন
  • দ্য চলইষ্ট
  • টেক শ্বেল্টাৰ
  • ক্লীন শ্বেভেন
  • বুলেট
  • শ্বাটাৰ আইলেণ্ড
  • ডনি ডাৰ্কো
  • স্পাইডাৰ
  • ওৱৰ্ডছ অন বাথৰুম ৱালছ

স্কিজোফ্ৰেনিয়াৰ ওপৰত বলীউডৰ চলচ্চিত্ৰসমূহ:

  • কাৰ্তিক কলিং কাৰ্তিক
  • তামাচা
  • 15 পাৰ্ক এভিনিউ
  • শ্ববদ
  • ৱো লমহে
  • কৃতি

স্কিজোফ্ৰেনিয়াৰ বিখ্যাত পৰিঘটনা:

মেৰী টড লিংকন, জন নেছ, এডুয়াৰ্ড আইনষ্টাইন, জন হিংকলি, জুনিয়ৰ, ভিনচেণ্ট ভেন গগ, পাৰভিন বেবি, লিঅ’নেল এলড্ৰিজ, বেটি পেজ, ভেৰোনিকা লেক, টম হেৰেল ।

লগতে পঢ়ক: 2030 চনৰ ভিতৰত প্ৰসূতি ফিষ্টুলা নিৰ্মূল কৰাৰ লক্ষ্য - End Obstetric Fistula

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.