ETV Bharat / sitara

Birthday Special : উমৰাও জানৰ পৰা চান্দনীলৈকে অভিনেত্ৰী ৰেখা

author img

By

Published : Oct 10, 2021, 8:51 AM IST

আজি 67 বছৰত ভৰি দিলে বলীউডৰ Evergreen অভিনেত্ৰী ৰেখাই(Rekha) ৷ গ্লেমাৰ জগতৰ এগৰাকী আগশাৰীৰ অভিনেত্ৰী ৰেখা ৷ অভিনয়ৰ লগতে তেওঁৰ ব’ল্ড ৰূপটো আজিও সকলোৰে মাজত প্ৰিয় ৷ আহক উভতি চাও অভিনেত্ৰী ৰেখাৰ কেইটামান বিশেষ চৰিত্ৰ...

happy birthday rekha
ৰেখাৰ জন্মদিন

চিটাৰা ডেস্ক, 10 অক্টোবৰ : ‘অভিনেত্ৰী ৰেখা’- যাৰ নামৰ কোনো পৰিচয়ৰ প্ৰয়োজন নাই ৷ ভানুৰেখা গণেশন(Bhanurekha Ganesan) হিচাপে জন্মগ্ৰহণ কৰা কিংবদন্তী অভিনেত্ৰীগৰাকীৰ আজি ওপজা দিন ৷ অভিনয়ৰ লগতে সৌন্দৰ্যৰে বলীউডৰ ছবি জগতক মন্ত্ৰমুগ্ধ কৰা ৰেখাই(Rekha) 1954 চনৰ আজিৰ দিনটোতে দক্ষিণ ভাৰতত জন্মগ্ৰহণ কৰিছিল ৷ গ্লেমাৰ জগতৰ আগশাৰীৰ তাৰকাৰ নাম মনলৈ আহিলে তালিকাৰ শীৰ্ষস্থানত ৰখা হয় অভিনেত্ৰী ৰেখাক ৷

1970 চনত বলীউডত আত্মপ্ৰকাশ ঘটিছিল এইগৰাকী ‘Charisma Queen’ ৰ ৷ অতুলনীয় অভিনয়ৰে মুঠ 140 খন হিন্দী বোলছবিত কাম কৰিছে ৰেখাই ৷ চলচ্চিত্ৰ প্ৰেমীসকলৰ প্ৰতিটো প্ৰজন্মতে ৰেখাৰ অনুৰাগী থকা পৰিলক্ষিত হয় ৷ বিশেষকৈ ‘In Anljon Ki Masti’ গীতটিত পৰিস্ফূত হোৱা ৰেখা ‘Adaa’ ই আজিৰ প্ৰজন্মৰ মনতো সাঁচ বহুৱাবলৈ সক্ষম হৈছে ৷

ৰেখাই তেওঁৰ অতুলনীয় অভিনয়ৰে ইতিমধ্যে মিলিয়নৰো অধিক অনুৰাগীৰ হৃদয় জয় কৰিছে । দৰাচলতে ছবিসমূহত কৰা অভিনয় আৰু সৌন্দৰ্যৰে বলীউডৰ প্ৰেমীসকলৰ মনত চিৰস্থায়ীভাৱে সাঁচ পেলাইছে এইগৰাকী Evergreen অভিনেত্ৰীয়ে । ‘চিলচিলা’(Silsila) ৰ পৰা ‘উমৰাও জান’(Umrao Jaan), খুবচুৰত(Khubsoorat)লৈকে ৰেখাই ৰূপালী পৰ্দাত এক নতুন যুগৰ আৰম্ভণি কৰিছে । জন্মদিনৰ এই শুভক্ষণত আহক উভতি যাও ৰেখাৰ কেইটামান অসামান্য চৰিত্ৰৰ মাজলৈ...

Silsila(1981) : যশ চোপ্ৰাৰ পৰিচালনা আৰু ৰেখাৰ অভিনয়ৰে নিৰ্মিত ‘চিলচিলা’ ছবিখন 80 ৰ দশকৰ চৰ্চিত চলচ্চিত্ৰবোৰৰ ভিতৰত আছিল অন্যতম । ছবিখনত ৰেখাই চান্দনীৰ চৰিত্ৰটো ৰূপায়ণ কৰিছিল ৷ ৰেখাৰ সহ-অভিনেতা হিচাপে আছিল বিগ বি অমিতাভ বচ্চন আৰু জয়া বচ্চন ৷ ছবিখনৰ কাহিনীটো ‘Love Triangle’ ৰ ওপৰত আধাৰিত আছিল ৷ ৰেখাৰ অভিনয়ৰ লগতে তেওঁৰ অভিব্যক্তি, পিন্ধনত ৰেচমী শাৰী আৰু আবেগৰ প্ৰদৰ্শনে দৰ্শকৰ মাজত প্ৰশংসা লাভ কৰিছিল ৷

rekha in silsila
চিলচিলাত ৰেখা

Khubsoorat(1980) : হৃষীকেশ মুখাৰ্জীৰ দ্বাৰা পৰিচালিত ‘খুবচুৰট’ ছবিখনত ৰেখাৰ Comic Timing ক সকলোৱে প্ৰশংসা কৰিছিল ৷ ছবিখনত ৰেখাৰ অভিনয়ৰ যাদু আছিল অবিশ্বাস্য । ছবিখনত ৰেখাই এগৰাকী বিশৃংখল যুৱতীৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল, যিয়ে জীৱনটো সম্পূৰ্ণৰূপে উপভোগ কৰাৰ উপদেশ দিছিল । তেওঁৰ বিচিত্ৰতা আৰু কৌতুকপূৰ্ণ উত্তৰবোৰেও অনুৰাগীসকলৰ মনোযোগ আকৰ্ষণ কৰিছিল ।

rekha in Khubsoorat
খুবচুৰতত ৰেখা

Umrao Jaan(1981) : 1981 চনত মুক্তিলাভ কৰা মুজাফ্ফৰ আলীৰ দ্বাৰা পৰিচালিত ছবি ‘উমৰাও জান’ আছিল আমিৰণ নামৰ এগৰাকী যুৱতীৰ কাহিনী, যি দুৰ্ভাগ্যজনকভাৱে এগৰাকী নৃত্যশিল্পী আৰু কবি হ’ব লগা হৈছিল । উমৰাও জানত কৰা অভিনয় ৰেখাৰ অভিনয় কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ কাম বুলি গণ্য কৰা হয় ।

rekha in umrao jaan
উমৰাও জানত ৰেখা

ছবিখনত অভিনয়ৰ জৰিয়তে দেখুওৱা সূক্ষ্মতা আৰু তেওঁৰ আকৰ্ষণীয় লুকৰ বাবে দৰ্শকৰ প্ৰশংসাৰ পাত্ৰ হৈ পৰে অভিনেত্ৰীগৰাকী । ছবিখনৰে লক্ষাধিক দৰ্শকৰ মনত পেলাইছিল ৰেখাই ৷ এই ছবিখনৰ বাবে ৰেখাই ‘শ্ৰেষ্ঠ অভিনেত্ৰী’ৰ শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাও লাভ কৰিছিল । চলচ্চিত্ৰখনত ৰেখাৰ সৈতে অভিনয়ত আছিল- অভিনেতা ফাৰুক শ্বেখ, ৰাজ বব্বৰ, শৌকত আজমী আৰু অন্যান্য বহুকেইগৰাকী বিশিষ্ট অভিনেতা-অভিনেত্ৰী ৷

Utsav(1984) : 1984 চনত মুক্তিলাভ কৰা এই চলচ্চিত্ৰখনত ৰেখাক এক Bold Avatar ত দেখিবলৈ পোৱা গৈছিল ৷ ছবিখনত তেওঁ এগৰাকী বেশ্যাৰ চৰিত্ৰত অভিনয় কৰিছিল ৷ তেওঁ এজন ভ্ৰষ্টাচাৰ লোকৰ পৰা পলাই আহি শৰণাৰ্থী হিচাপে এজন সাধাৰণ মানুহৰ ঘৰত আশ্ৰয় লৈছিল ৷ ছবিখনত ৰেখাৰ অভিনয়ৰ লগতে বোল্ড লুকটো আছিল অতিকৈ আকৰ্ষণীয় ৷

rekha in utsav
উৎসৱত ৰেখা

Khoon Bhari Maang(1988) : ৰাকেশ ৰোশনৰ ৰিভেঞ্জ-থ্ৰিলাৰ ছবি ‘খুন ভৰী মাংগ’ ত ৰেখাক পূৰ্বতে নেদেখা লুকছত দেখা যায় । ছবিখনত এগৰাকী শক্তিশালী মহিলাৰ চৰিত্ৰত অভিনয় কৰিছিল ৰেখাই । তেওঁৰ চৰিত্ৰটো এগৰাকী সাধাৰণ মাতৃৰ পৰা এগৰাকী আকৰ্ষণীয় মডেললৈ ৰূপান্তৰিত হৈছিল ৷ ৰেখাৰ অবিশ্বাস্য অভিনয়ৰ বাবেই ‘খুন ভৰী মাংগ’ক এতিয়াও সৰ্বকালৰ আটাইতকৈ শক্তিশালী মহিলা অভিমুখী চলচ্চিত্ৰ হিচাপে অভিহিত কৰা হয় ৷

rekha in Khoon Bhari Maang
খুন ভৰী মাংগত ৰেখা

ৰেখাই পৰিধান কৰা কাঞ্জিভৰম শাৰী আজিও সকলোৰে প্ৰিয় ৷ তেওঁৰ চাউথ ইণ্ডিয়ান পোছাকে ফেশ্বনৰ জগতখনত অন্য এক ট্ৰেণ্ডৰ সৃষ্টি কৰে ৷ অভিনেত্ৰীগৰাকীৰ অতুলনীয় অভিনয় আৰু লুকৰ যিমানেই প্ৰশংসা কৰা হয়, সেয়া কম হ’ব ৷ তেওঁৰ ওপজা দিনত সুস্বাস্থ্য কামনা কৰি ইটিভি ভাৰতৰ তৰফৰ পৰা বলীউডৰ অদ্বিতীয় অভিনেত্ৰীগৰাকীলৈ থাকিল জন্মদিনৰ অলেখ শুভকামনা ৷

লগতে পঢ়ক : Drugs on Cruise ঘটনাৰ সৈতে ৰাজনৈতিক সম্পৰ্ক !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.