ETV Bharat / state

হৰিনামৰ ধ্বনিৰে মুখৰিত ৰাজ্য, আজি মহাপুৰুষ মাধৱদেৱৰ আবিৰ্ভাৱ তিথি - Madhabdev 536 Birth Anniversary

author img

By ETV Bharat Assamese Team

Published : May 24, 2024, 11:00 AM IST

Madhabdev Birth Anniversary : শুকুৰবাৰে পুৱাৰে পৰা ভকতসকল ব্যস্ত হৈ পৰিছে নাম প্ৰসংগৰ উপৰিও ভাগৱত পাঠ আদিকে ধৰি ধৰ্মীয় কাৰ্যসূচীত ৷ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈছে ৰাজ্যৰ কেতবোৰ সত্ৰ, নামঘৰ আদি ৷ কিয়নো আজি ৰাজ্যজুৰি পালন কৰা হ’ব মহাপুৰুষ মাধৱদেৱৰ আৱিৰ্ভাৱ তিথি ৷

MAHAPURUSH MADHABDEV
Madhabdev Birth Anniversary (Source : Etv Bharat Assam)

নিউজ ডেস্ক, 24 মে’ : আজি মহাপুৰুষ মাধৱদেৱৰ আৱিৰ্ভাৱ তিথি ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত উলহ-মালহেৰে পালন কৰা হ’ব মহাপুৰুষজনাৰ 536 সংখ্যক আৱিৰ্ভাৱ তিথি ৷ ঠায়ে ঠায়ে আয়োজন কৰা হৈছে নাম প্ৰসংগৰ ৷ শুকুৰবাৰে পুৱাৰে পৰা ভকতসকল ব্যস্ত হৈ পৰিছে নাম প্ৰসংগৰ উপৰিও ভাগৱত পাঠ আদিকে ধৰি ধৰ্মীয় কাৰ্যসূচীত ৷ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈছে ৰাজ্যৰ কেতবোৰ সত্ৰ, নামঘৰ আদি ৷

মহাপুৰুষজনাই জন্মগ্ৰহণ কৰিছিল ১৪৮৯ চনত লখিমপুৰৰ নাৰায়ণপুৰৰ লেতেকুপুখুৰীত ৷ তেওঁৰ পিতৃৰ নাম আছিল গোবিন্দগিৰি ভূঞা আৰু মাতৃৰ নাম আছিল মনোৰমা । মহাপুৰুষ শংকৰদেৱৰ আটাইতকৈ প্ৰিয় শিষ্য মাধৱদেৱৰ বিষয়ে দুনাই কোৱাৰ অৱকাশ নাই ৷ অসমীয়া জাতিৰ গৌৰৱৰ সাক্ষ্য বহনকাৰী মহাপুৰুষ দুজনাৰ কথা নজনা মানুহ বিচৰাতো হয়তো বাওনা হৈ চন্দ্ৰলৈ হাত মেলাৰ দৰেই হ’ব ৷

নামঘোষা আৰু ভক্তি ৰত্নাৱলী মহাপুৰুষ মাধৱদেৱৰ অনুপম সৃষ্টি । ধৰ্ম প্ৰচাৰৰ পিছতে গুৰুজনাৰ সাহিত্যিক জীৱনৰ অন্যতম কীৰ্তিস্তম্ভ হৈছে নামঘোষা । মহাপুৰুষগৰাকীয়ে একাধিক বৰগীত, ভটিমা, নাট (ঝুমুৰা) আদি ৰচনা কৰি সমগ্ৰ অসমীয়া জাতিক গৌৰৱ কৰাৰ থল দিছে ৷

মহাপুৰুষ মাধৱদেৱে কালক্ৰমত নামনি অসমলৈ আহি বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ উপৰিও ঠায়ে ঠায়ে সত্ৰ স্থাপন কৰিছিল ৷ তাৰ ভিতৰত বৰপেটা সত্ৰ অন্যতম ৷ শুকুৰবাৰে মহাপুৰুষ মাধৱদেৱৰ জন্মতিথি পালনৰ উদ্দেশ্যে বৰপেটা সত্ৰতো চলিছে বিশাল আয়োজন ৷ একেই আয়োজন চলিছে সুন্দৰীদিয়া, গণককুছিৰ সত্ৰসমূহতো ।

মহাপুৰুষ শংকৰদেৱৰ প্ৰিয় শিষ্য হিচাপে পৰিচিত মাধৱদেৱ আছিল জীৱনমুখী চিন্তাধাৰা ব্যক্তি ৷ মহাপুৰুষগৰাকীয়ে ধৰ্ম প্ৰচাৰতে ব্যস্ত নাথাকি সামাজিক কামতো লৈছিল আগভাগ ৷ যাৰ বাবে মহাপুৰুষ শংকৰদেৱে মৰমতে তেওঁক মাতিছিল বঢ়াৰ পো বুলি ৷

লগতে পঢ়ক: Birth Anniversary Of Srimanta Sankardeva:চিলাপথাৰত মহিলাৰদ্বাৰা প্ৰদৰ্শিত ভাওনা চাবলৈ ভিৰ অসংখ্য লোকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.