ETV Bharat / bharat

ভাৰত-চীনৰ মাজত ত্ৰয়োদশ পৰ্যায়ৰ বৈঠক আৰম্ভ

author img

By

Published : Oct 10, 2021, 12:39 PM IST

ভাৰত আৰু চীনৰ সীমান্ত অঞ্চলত উত্তেজনা বিৰাজ কৰি থকাৰ মাজতে ত্ৰয়োদশ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত ৷ চীনৰ প্ৰান্তত থকা মলদৌ গেৰিসনত এই বৈঠক অনুষ্ঠিত হয় ।

13th round of meeting
ভাৰত আৰু চীনৰ মাজত ত্ৰয়োদশ পৰ্যায়ৰ বৈঠক আৰম্ভ

নেশ্যনেল ডেস্ক, ১০ অক্টোবৰ : সীমান্ত বিবাদক লৈ ভাৰত আৰু চীনৰ মাজত আলোচনা অব্যাহত আছে । দেওবাৰে চীনৰ প্ৰান্তত থকা মলদৌ গেৰিসনত ত্ৰয়োদশ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হ'ব । ইয়াৰ পূৰ্বে ৩১ জুলাইত ভাৰত আৰু চীনে কৰ্পছ কামাণ্ডাৰৰ দ্বাদশ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰিছিল । বৈঠকখন পূৱ লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ সমীপত চীনৰ মলদৌত অনুষ্ঠিত হৈছিল ।

পুৱা ১০.৩০ বজাৰ পৰা সন্ধিয়া ৭.৩০ বজালৈ প্ৰায় ৯ ঘণ্টা ধৰি চলিছিল এই বৈঠক । ইফালে ভাৰত চীনৰ মাজত আলোচনা চলি থকাৰ মাজতে এতিয়াও সীমান্ত অঞ্চলত উত্তেজনা অব্যাহত । অৰুণাচলত শেহতীয়াকৈ ভাৰতীয় আৰু চীনা সেনাবাহিনীৰ মাজত সংঘৰ্ষৰ এক খবৰ পোৱা গৈছে ।

যোৱা সপ্তাহত অৰুণাচল প্ৰদেশৰ য়াংছে চেক্টৰত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত (LAC) টহল দি থকা সময়ত প্ৰায় ২০০ চীনা সৈন্যই অনুপ্ৰৱেশৰ চেষ্টা কৰিছিল । যাৰ বাবে ভাৰতীয় সেনাই তেওঁলোকক বাধা দিছিল আৰু সেই সময়ত দুয়োখন দেশৰ সেনাৰ মাজত সংঘৰ্ষৰ সৃষ্টি হৈছিল । জানিব পৰা মতে কেইবাঘণ্টা ধৰি তেওঁলোকৰ মাজত সংঘৰ্ষ চলিছিল ।

অৱশ্যে পৰৱৰ্তী সময়ত শীৰ্ষ সামৰিক কামাণ্ডাৰৰ হস্তক্ষেপত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিছিল । আনহাতে, ভাৰত আৰু চীনৰ মাজত দ্বাদশ পৰ্যায়ৰ সামৰিক আলোচনাৰ পিছত সেনাই কৈছিল যে বৈঠকৰ সময়ত দুয়োপক্ষই বাকী থকা সমস্যাসমূহ দ্ৰুততাৰে সমাধান কৰিবলৈ আৰু নিৰ্দিষ্ট চুক্তি তথা প্ৰট'কল অনুসৰি আলোচনা অব্যাহত ৰাখিবলৈ সন্মত হৈছিল ।

সেনাই লগতে কৈছিল যে, দুয়োপক্ষই পশ্চিম অঞ্চলত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত স্থিৰতা নিশ্চিত কৰিবলৈ আৰু যুটীয়াভাৱে শান্তি বজাই ৰখাৰ বাবে তেওঁলোকৰ কাৰ্যকৰী প্ৰচেষ্টা অব্যাহত ৰাখিব ।

লগতে পঢ়ক :ভাৰতীয় উপকূলৰক্ষী বাহিনীক প্ৰশংসা ৰাজনাথ সিঙৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.