ETV Bharat / state

উপ নিৰ্বাচনৰ আটাইকেইখন আসনত জয়লাভ কৰিব বিজেপি দলে: তৰংগ গগৈ

author img

By

Published : Oct 10, 2021, 12:47 PM IST

চৰাইদেউ জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সভাখন মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত লাকুৱা গ্ৰাম্য মণ্ডলৰ আতিথ্যত চলাপথাৰ শ্যাম গাঁৱত শনিবাৰে অনুষ্ঠিত হয় । সভাত কেবিনেট মন্ত্ৰী যোগেন মহন আৰু নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈ উপস্থিত থাকে ৷

executive-meeting-of-soraideu-district-committee
উপ নিৰ্বাচনৰ আটাইকেইখন আসনত জয়লাভ কৰিব বিজেপি দলে: তৰংগ গগৈ

মৰাণ, 10 অক্টোবৰ : সমাগত উপ নিৰ্বাচনৰ আটাইকেইখন আসনত বিজেপি দলে জয়লাভ কৰিব ৷ এই মন্তব্য নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈৰ ৷ ভাৰতীয় জনতা পাৰ্টীৰ চৰাইদেউ জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰি বিধায়কগৰাকীয়ে এই কথা উল্লেখ কৰে ৷ মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত লাকুৱা গ্ৰাম্য মণ্ডলৰ আতিথ্যত চলাপথাৰ শ্যাম গাঁৱত শনিবাৰে চৰাইদেউ জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত হয় ।

নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈ

কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰিবলৈ আহি চলাপথাৰ শ্যাম গাঁও পৰিদৰ্শন কৰে চৰাইদেউ জিলা বিজেপিৰ প্ৰভাৰী তথা নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈয়ে ‌। বিভিন্ন দেশী-বিদেশী পৰ্যটকৰ আকৰ্ষণস্থলী চৰাইদেউ জিলাৰ শ্যাম গাঁৱক ইতিমধ্যে আদৰ্শ গাঁও হিচাপে ঘোষণা কৰিছে চৰকাৰে । শুকুৰবাৰে সন্ধিয়া চলাপথাৰ শ্যাম গাঁৱত উপস্থিত হৈ লাকুৱা গ্ৰাম্য মণ্ডলৰ বুথ সদস্য দ্বীপেন বৰগোহাঁইৰ বাসগৃহত নিশাটো কটাই শনিবাৰে পুৱাই গাঁওখনৰ মুখ্য আকৰ্ষণস্থলী বৌদ্ধ বিহাৰ পৰিদৰ্শন কৰে বিধায়ক তৰংগ গগৈয়ে ৷

বৌদ্ধ বিহাৰ পৰিদৰ্শন কৰাৰ পাছত চৰাইদেউ জিলা বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত অংশ লয় বিধায়কগৰাকীয়ে । আনহাতে সভাত অংশগ্ৰহণ কৰি কেবিনেট মন্ত্ৰী তথা ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনে চৰকাৰখনক ৰাইজৰ ওচৰলৈ নিয়াত বিজেপি দলে চেষ্টা অব্যাহত ৰাখিছে বুলি মন্তব্য কৰে ৷

কেবিনেট মন্ত্ৰী যোগেন মহনে

ৰাজ্যত কোনো ধৰণৰ অবৈধ কাম কৰিব দিয়া নহ'ব বুলি উল্লেখ কৰি আইন বিৰোধী কাম কৰিলে কাকো ৰেহাই দিয়া নহ'ব বুলি জানিবলৈ দিয়ে মন্ত্ৰী যোগেন মহনে । এই ক্ষেত্ৰত প্ৰশাসনে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি তেওঁ উল্লেখ কৰে । লগতে চৰকাৰে ৰাজহ পাব লাগিব বুলি মন্তব্য কৰে মন্ত্ৰী যোগেন মহনে ।

চৰাইদেউ জিলা বিজেপিৰ সভাপতি লক্ষ্মীনাথ তাছাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, প্ৰাক্তন বিধায়িকা নৱনীতা সন্দিকৈৰ লগতে ভাৰতীয় জনতা পাৰ্টীৰ অসম ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে ।

লগতে পঢ়ক : চৰকাৰে 1,000 পৰিয়ালক 77,000 একৰ ভূমি দখলৰ অনুমতি নিদিয়ে : হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.