ETV Bharat / bharat

নিদ্ৰাৰত অৱস্থাতে মৃত্যুক সাৱটিলে একেটা পৰিয়ালৰ পাঁচ সদস্যই

author img

By

Published : Oct 10, 2021, 12:46 PM IST

ঘৰৰ দেৱাল খহি পৰাত গভীৰ নিদ্ৰাত থকা অৱস্থাতে একেটা পৰিয়ালৰে পাঁচজনকৈ সদস্যৰ মৃত্যু ৷ তেলেংগানাৰ Jogulamba Gadwal জিলাৰ Kothapally নামৰ এখন গাঁৱত সংঘটিত হৈছে এই ঘটনা ৷ পৰিয়ালৰ পাঁচগৰাকী সদস্যৰ মৃত্যু হোৱাৰ বিপৰীতে আন দুগৰাকী সদস্য ঘটনাটোত আঘাতপ্ৰাপ্ত হয় ৷

Five of a family die as wall collapses due to heavy rains in Telangana
নিদ্ৰাৰত অৱস্থাতে মৃত্যুক সাৱটিলে একেটা পৰিয়ালৰ পাঁচ সদস্যই

নেশ্যনেল ডেস্ক, 10 অক্টোবৰ : গভীৰ নিদ্ৰাত থকা অৱস্থাতে মৃত্যুক সাৱটিলে একেটা পৰিয়ালৰে পাঁচজনকৈ সদস্যই ৷ নেৰানেপেৰাকৈ হৈ থকা বৰষুণৰ ফলত ঘৰৰ দেৱাল খহি পৰাত তিনিটা শিশুসহ পাঁচজন লোকৰ মৃত্যু ঘটে ৷ তেলেংগানাৰ Jogulamba Gadwal জিলাৰ Kothapally নামৰ এখন গাঁৱত এই শোকাৱহ ঘটনাটো সংঘটিত হৈছে ৷

প্ৰাপ্ত খবৰ অনুসৰি, শনিবাৰে নিশা পৰিয়ালটোৰ সাতগৰাকীকৈ সদস্য গভীৰ নিদ্ৰাত থকাৰ সময়ত এই ঘটনা সংঘটিত হয় ৷ পৰিয়ালৰ পাঁচগৰাকী সদস্যৰ মৃত্যু হোৱাৰ বিপৰীতে আন দুগৰাকী সদস্য ঘটনাটোত আঘাতপ্ৰাপ্ত হয় ৷ উল্লেখ্য যে, বিগত কেইবাদিনো ধৰি ৰাজ্যখনত নেৰানেপেৰাকৈ বৰষুণ হৈ আছে ৷ যাৰ বাবে দেৱালখন খহি পৰা বুলি স্থানীয় লোকে জানিবলৈ দিছে ৷

একেটা পৰিয়ালৰ পাঁচজনকৈ সদস্যই এনেদৰে একেলগে মৃত্যুক সাৱটি ল'বলগীয়া হোৱা ঘটনাই গাঁওখনত এক শোকৰ ছাঁ পেলাইছে ৷ ঘটনা সম্পৰ্কে অৱগত হোৱাৰ পাচতে আৰক্ষী আৰু ৰাজহ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয় বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : উত্তৰ প্ৰদেশৰ ৰাজপথত মৃত্যুৰ কিৰিলি : বাছ আৰু ট্ৰাকৰ সংঘৰ্ষত ৯ জনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.