ETV Bharat / bharat

লখিমপুৰ খেৰী হিংসাৰ মূল অভিযুক্ত আশীষ মিশ্ৰক গ্ৰেপ্তাৰ

author img

By

Published : Oct 10, 2021, 12:33 PM IST

লখিমপুৰ খেৰী হিংসাৰ মূল অভিযুক্ত আশীষ মিশ্ৰক কাৰাগাৰলৈ প্ৰেৰণ ৷ প্ৰায় 10 ঘন্টাৰো অধিক সময় জেৰাৰ পিছত তিনিদিনৰ ন্যায়িক জিম্মাত আশীষ মিশ্ৰক কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে ৷ পুত্ৰ নিৰ্দোষী বুলি দাবী কৰিছে কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী(Union Minister of State for Home Affairs) অজয় মিশ্ৰ টেনিয়ে ৷

lakhimpur kheri violence accused sent jail
লখিমপুৰ খেৰী হিংসাৰ মূল অভিযুক্ত আশীষ মিশ্ৰক গ্ৰেপ্তাৰ

নেশ্যনেল ডেস্ক , 10 অক্টোবৰ : 12 ঘণ্টা জেৰাৰ অন্তত অৱশেষত গ্ৰেপ্তাৰ হ'ল লখিমপুৰ খেৰী হিংসাৰ মূল অভিযুক্ত আশীষ মিশ্ৰ ৷ উত্তৰ প্ৰদেশ আৰক্ষীৰ অপৰাধ শাখাই প্ৰায় 10 ঘন্টাৰো অধিক সময় জেৰাৰ পিছত কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী(Union Minister of State for Home Affairs) অজয় মিশ্ৰ টেনিৰ( Ajay Mishra Teni) পুত্ৰ আশীষ মিশ্ৰক (Ashish Mishra) গ্ৰেপ্তাৰ কৰিছে ৷

আৰক্ষী উপ-মহাপৰিদৰ্শক(Deputy Inspector General of Police)আৰু Monitoring Committee ৰ অধ্যক্ষ উপেন্দ্ৰ আগৰৱালে(Monitoring Committee Chairman Upendra Agrawal) জানিবলৈ দিয়া মতে, জেৰাৰ সময়ত সহযোগিতা নকৰাৰ বাবে আশীষক গ্ৰেপ্তাৰ কৰা হৈছে ৷ তেওঁ কয় যে, জেৰাৰ সময়ত আশীষে সহযোগিতা কৰা নাছিল আৰু কেইটামান প্ৰশ্নৰ উত্তৰ দিয়া নাছিল ৷

আশীষক আদালতত হাজিৰ কৰোৱা হ'ব বুলি জানিবলৈ দি আগৰৱালে লগতে কয় যে, লখিমপুৰ খেৰীৰ হিংসাত্মক ঘটনাত জড়িত থকাৰ অভিযোগত আশীষক চমন দিয়া হৈছিল যদিও তেওঁ শুকুৰবাৰে উপস্থিত হোৱা নাছিল ৷

তিনিদিনৰ ন্যায়িক জিম্মাত আশীষ মিশ্ৰক কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷ এই ঘটনাৰ শুনানি সোমবাৰে 11 বজাত হ'ব ৷ অভিযুক্ত আশীষৰ অধিবক্তাই দাবী কৰা মতে, আশীষ সম্পূৰ্ণৰূপে নিৰ্দোষী আৰু আৰক্ষীক ওচৰত তেওঁৰ বিৰুদ্ধে কোনো প্ৰমাণ নাই ৷

ইফালে পুত্ৰ নিৰ্দোষী বুলি দাবী কৰি শুকুৰবাৰে টেনিয়ে লক্ষ্নৌ বিমানবন্দৰত সংবাদ মাধ্যমক উদ্দেশ্যি কয় যে, আইনৰ ওপৰত তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছে ৷ বৃহস্পতিবাৰে আশীষে জাননী লাভ কৰিছিল যদিও তেওঁ শাৰীৰিকভাৱে সুস্থ অনুভৱ কৰা নাছিল বুলি জানিবলৈ দিছিল ৷ ইয়াৰ পূৰ্বে আশীষৰ অধিবক্তাই আশীষ লখিমপুৰ খেৰীত আছে বুলি নিশ্চিত কৰি তেওঁ সময়মতে আৰক্ষীৰ সন্মুখত হাজিৰ হ'ব বুলি জানিবলৈ দিছিল ৷

উল্লেখ্য যে, ৩ অক্টোবৰত লখিমপুৰ খেৰী হিংসাত চাৰিজন কৃষকসহ প্ৰায় আঠজন লোকৰ মৃত্যু হৈছিল ৷ সোমবাৰে উত্তৰ প্ৰদেশ আৰক্ষীয়ে আশীষ মিশ্ৰৰ বিৰুদ্ধে হত্যাৰ অভিযোগত এজাহাৰ দাখিল কৰিছিল ৷ আৰক্ষীয়ে গোচৰটোৰ সন্দৰ্ভত এই পৰ্যন্ত দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে ৷ গ্ৰেপ্তাৰ কৰা লোক দুজন লৱকুশ(Luvkush) আৰু আশীষ পাণ্ডে(Ashish Pandey) বুলি চিনাক্ত কৰা হৈছে ৷

লগতে পঢ়ক : অপৰাধ শাখাৰ কাৰ্যালয়ত উপস্থিত কেন্দ্ৰীয় ৰাজ্যিক গৃহমন্ত্ৰীৰ পুত্ৰ আশীষ মিশ্ৰ টেনী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.