ETV Bharat / bharat

অপৰাধ শাখাৰ কাৰ্যালয়ত উপস্থিত কেন্দ্ৰীয় ৰাজ্যিক গৃহমন্ত্ৰীৰ পুত্ৰ আশীষ মিশ্ৰ টেনী

author img

By

Published : Oct 9, 2021, 2:23 PM IST

লখিমপুৰ খেৰী হিংসাত্মক ঘটনাৰ সন্দৰ্ভত দেশজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া ৷ কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰ টেনীৰ পুত্ৰ আশীষ মিশ্ৰক আজি সোধপোছ কৰিব লখিমপুৰৰ অপৰাধ শাখাই ।

MoS Teni's son Ashish Mishra arrives at Crime Branch office
অপৰাধ শাখাৰ কাৰ্যালয়ত উপস্থিত কেন্দ্ৰীয় ৰাজ্যিক গৃহমন্ত্ৰী অজয় মিশ্ৰ টেনীৰ পুত্ৰ আশীষ মিশ্ৰ

নিউজ ডেস্ক, 9 অক্টোবৰ : কেন্দ্ৰীয় ৰাজ্যিক গৃহমন্ত্ৰী অজয় মিশ্ৰ টেনীৰ পুত্ৰ আশীষ মিশ্ৰ টেনীয়ে ৩ অক্টোবৰত লখিমপুৰ খেৰী হিংসাত্মক ঘটনাৰ সন্দৰ্ভত শনিবাৰে লখিমপুৰৰ অপৰাধ শাখাৰ কাৰ্যালয়ত উপস্থিত হয় ৷ উত্তৰ প্ৰদেশ ক্ৰাইম বাঞ্চে আশীষ মিশ্ৰক ঘটনা সন্দৰ্ভত সোধপোছৰ বাবে অপৰাধ শাখাৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ নিৰ্দেশনা জাৰি কৰিছিল ৷

ইয়াৰ পূৰ্বে শুকুৰবাৰে অজয় মিশ্ৰ টেনীয়ে তেওঁৰ পুত্ৰই স্বাস্থ্যজনিত কাৰণত অপৰাধ শাখাৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ ক্ষেত্ৰত অক্ষমতা ব্যক্ত কৰিছিল । ইফালে, উত্তৰ প্ৰদেশ আৰক্ষীয়ে লখিমপুৰ খেৰী হিংসাৰ সন্দৰ্ভত দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে । গ্ৰেপ্তাৰ কৰা লোক দুজন লৱকুশ আৰু আশীষ পাণ্ডে বুলি জানিব পৰা হৈছে ।

লগতে পঢ়ক : কপিল ছিব্বাল : লখিমপুৰ খেৰীৰ ঘটনাকৈ লৈ কিয় মৌন প্ৰধানমন্ত্ৰী ?

উল্লেখ্য যে, ৩ অক্টোবৰত লখিমপুৰ খেৰীৰ ঘটনাত চাৰিজন কৃষককে ধৰি প্ৰায় আঠজন লোকৰ মৃত্যু হৈছিল ৷ উত্তৰ প্ৰদেশ আৰক্ষীয়ে সোমবাৰে আশীষ মিশ্ৰৰ বিৰুদ্ধে হত্যাৰ অভিযোগত এজাহাৰ দাখিল কৰিছিল । কেইবাটাও কৃষক সংগঠনৰ দ্বাৰা গঠিত সংযুক্ত কিষাণ মৰ্চাই অভিযোগ কৰে যে প্ৰতিবাদকাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰা সময়ত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় মিশ্ৰ টেনীৰ পুত্ৰ আশীষ মিশ্ৰ টেনী তিনিখন বাহনৰ সৈতে সেই স্থানত উপস্থিত হয় আৰু কৃষকসকলক বাহনেৰে মহতিয়াই নিয়ে ৷

টানীয়ে লগতে সংগঠনটোৰ নেতা তাজিন্দৰ সিং ভিৰ্ককো আক্ৰমণ কৰে ৷ তেওঁ তাজিন্দৰ সিং ভিৰ্ককোৰ ওপৰেদি বাহন চলাই নিয়াৰো চেষ্টা কৰাৰ অভিযোগ কৰে সংযুক্ত কিষাণ মৰ্চাই । অৱশ্যে, আশীষ মিশ্ৰাই সংযুক্ত কিষাণ মৰ্চাৰ এই অভিযোগ খণ্ডন কৰে আৰু কয় যে ঘটনাটো সংঘটিত হোৱা স্থানত তেওঁ উপস্থিত নাছিল ।

লগতে পঢ়ক : মৃত কৃষকৰ পৰিয়ালক ২ কোটি টকা, চৰকাৰী চাকৰি প্ৰদানৰ দাবী অখিলেশ যাদৱৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.