Pradeep Dutta Roy arrested : মুখ্যমন্ত্ৰীৰ সকিয়নীৰ পিছতে কাছাৰ আৰক্ষীয়ে দেখুৱালে তৎপৰতা
গ্ৰেপ্তাৰ হ’ল বিতৰ্কিত বাঙালী নেতা প্ৰদীপ দত্ত ৰয়(Controversial Bengali leader Pradeep Dutta Roy arrested ) ৷ মুখ্যমন্ত্ৰীয়ে ৰয়ক দিয়া সকিয়নীৰ পিছতে কাছাৰ আৰক্ষীয়ে দেখুৱালে তৎপৰতা ৷
Santosh Hojai murder case : কনিষ্টবল, আৰক্ষী বিষয়াসহ ৭ জনৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল
ঠিকাদাৰ সন্তোষ হোজাইৰ অপহৰণ আৰু হত্যাকাণ্ডৰ অভিযোগত কনিষ্টবল, আৰক্ষী বিষয়াসহ ৭ জনৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল চি আই ডিৰ(CID filed charge sheet on Santosh Hojai murder case)। ডিমা হাছাও জিলাৰ তৎকালীন আৰক্ষী অধীক্ষক বীৰবিক্ৰম গগৈ আৰু উপ-আৰক্ষী অধীক্ষক সূৰ্যকান্ত মৰাণ হত্যাকাণ্ডৰে জড়িত থকাৰ অভিযোগ । গুৱাহাটী উচ্চ ন্যায়ালয়ত চাৰ্জশ্বীট দাখিল কৰিছে চি আই ডিয়ে ।
Attempting to join ULFA-I : নাগালেণ্ড আৰক্ষীৰ জালত টীয়কৰ তিনি যুৱক
চলিত বৰ্ষৰ 20 নৱেম্বৰত নাগালেণ্ডৰ মন জিলাত অসম ৰাইফল্ছে আলফা (স্বা)ত যোগদান কৰিবলৈ যোৱাৰ সন্দেহত কৰিছিল কৰায়ত্ব (Assam Rifles detained three youths in Nagaland's Mon district) টীয়কৰ তিনি যুৱকক ৷ শুকুৰবাৰে অসম ৰাইফল্ছে এই তিনিওজন যুৱকক চমজাই দিলে অসম আৰক্ষীৰ হাতত (handed over to assam police) ৷ সম্প্ৰতি অসম আৰক্ষীয়ে তিনিওজনকে চমজি লৈ অব্যাহত ৰাখিছে সোধ-পোচ ৷
World Disability Day: নগাঁৱত প্ৰতিবন্ধী সন্থাৰ সংবাদমেল
নগাঁৱত বিশ্ব প্ৰতিবন্ধী দিৱস উদযাপন (World Disability Day Celebrate in Nagaon)ৰ ব্যাপক প্ৰস্তুতি । উন্মোচিত হ'ব স্মৰণিকা "প্ৰত্যাশা"। প্ৰতিবন্ধী শিল্পীৰ দ্বাৰা প্ৰদৰ্শিত হ'ব সাংস্কৃতিক অনুষ্ঠান "স্নেহবন্ধন"। নগাঁৱত অনুষ্ঠিত প্ৰতিবন্ধী সন্থাৰ এক সংবাদ মেলত এই কথা সদৰি কৰিলে নগাঁও প্ৰতিবন্ধী দিৱস(Disability Day Celebrate in Nagaon ) উদযাপন সমিতি'ৰ উদ্যোক্তা সকলে ৷
DJ ৰ গানৰ তালত মতলীয়া বিয়াঘৰ: মৃত্যু উপত্যকাত পৰিণত কুকুৰা ফাৰ্ম
DJ ৰ গানত তালে তাল মিলাই নচাৰ কথা হয়তো আপোনালোকে শুনিছে বা আপুনি নিজেও এনে সংগীতৰ আমোদ লৈছে ৷ বৰ্তমান আমাৰ সমাজৰ বিবাহ-অনুষ্ঠান বোৰত খুবেই আদৰ এই DJ ৰ ৷ যুৱ-প্ৰজন্মৰ পৰা বয়সীয়াল লোকলৈকে সকলো আত্মহাৰা হৈ পৰে এই DJ ৰ গানৰ তালত ৷ কিন্তু এইবাৰ DJ ৰ গান শুনি মৃত্যু মুখত পৰিল কুকুৰা(allegations of Poultry farm affected by dj sound ) ৷ জানো আহক কেনেকৈ ক’ত সংঘটিত হ’ল এই ঘটনা ৷