ETV Bharat / bharat

DJ ৰ গানৰ তালত মতলীয়া বিয়াঘৰ: মৃত্যু উপত্যকাত পৰিণত কুকুৰা ফাৰ্ম

author img

By

Published : Nov 27, 2021, 3:43 PM IST

DJ ৰ গানত তালে তাল মিলাই নচাৰ কথা হয়তো আপোনালোকে শুনিছে বা আপুনি নিজেও এনে সংগীতৰ আমোদ লৈছে ৷ বৰ্তমান আমাৰ সমাজৰ বিবাহ-অনুষ্ঠান বোৰত খুবেই আদৰ এই DJ ৰ ৷ যুৱ-প্ৰজন্মৰ পৰা বয়সীয়াল লোকলৈকে সকলো আত্মহাৰা হৈ পৰে এই DJ ৰ গানৰ তালত ৷ কিন্তু এইবাৰ DJ ৰ গান শুনি মৃত্যু মুখত পৰিল কুকুৰা(allegations of Poultry farm affected by dj sound ) ৷ জানো আহক কেনেকৈ ক’ত সংঘটিত হ’ল এই ঘটনা ৷

chicken died because of dj
DJ ৰ গান শুনি মৃত্যু মুখত পৰিল কুকুৰা

নেশ্যনেল ডেস্ক, 27 নৱেম্বৰ : বিয়া সবাহ, উৎসৱ পাৰ্বন, নাইবা পাৰ্টী আদিত উচ্চ স্বৰত বজা সংগীতে (Loud DJ Music) প্ৰায়ে আমনি কৰে বহুতকে ৷ ওচৰ চুবুৰীয়াৰ টোপনি খতি কৰাই নহয়, হৃদৰোগৰ ৰোগীৰ বাবেও ক্ষতিকাৰক এনে সংগীতৰ ধ্বনি ৷ আগেয়ে ভাৰতীয় সংস্কৃতিৰ অংশ নাছিল যদিও বিশ্বায়নৰ প্ৰভাৱত সম্প্ৰতি উচ্চ স্বৰৰ DJ ৰ সংগীত অনুষ্ঠান এতিয়া বিয়া-সবাহত এটা চিনাকি পৰিৱেশ(DJ music in Indian wedding) ৷ পিছে এনে এটা পৰিৱেশেই কাল হ’ল এজন খেতিয়কৰ বাবে ৷

ঘটনা অনুসৰি, কাহিনীৰ কেন্দ্ৰবিন্দু গাঁওখনত এখন বিয়াত চলি আছিল এনে এক DJ ৰ সংগীতৰ অনুষ্ঠান ৷ বিয়াৰ ৰভাতলীত চলি থকা DJ ৰ গানৰ ধ্বনি সহিব নোৱাৰি হাৰ্ট এটেক হ’ল চুবুৰীয়াৰ কুকুৰা ফাৰ্মৰ কেইবাটাও কুকুৰাৰ(allegations of Poultry farm affected by loud DJ music) ৷ অৱশ্যে, বিয়া ঘৰত দৰাই বাৰে বাৰে মানা কৰিছিল এনে সংগীত পৰিৱেশন কৰাত ৷ পিছে, ফূৰ্তিত মচগুল আন সকলে তেওঁৰ কথাটোত কোনো গুৰুত্বই নিদিলে ৷

ইয়াৰ ফলত চুবুৰীয়া খেতিয়কজনৰ কুকুৰা ফাৰ্মৰ মুঠ 63 টাকৈ কুকুৰা মৃত্যুমুখত পৰে ৷ এই ঘটনাত ক্ষোভিত হৈ পৰে কুকুৰা ফাৰ্মৰ গৰাকীজন ৷

DJ ৰ উচ্চস্বৰীয় গানৰ ফলতে ফাৰ্মখনৰ কুকুৰাবোৰ হাৰ্ট এটেকত মৰিছে বুলি খেতিয়কজনে আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ৷ এজাহাৰ লাভ কৰাৰ পিছত আৰক্ষীয়ে ইতিমধ্যে এই বিষয়ত তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে ৷ অৱশ্যে, এই ঘটনা অসমৰ নহয় যদিও উড়িশাৰ বালাচোৰ জিলাৰ নীলগিৰি আৰক্ষী থানাৰ কান্দাগাৰ্ডি গাঁৱত সংঘটিত এই ঘটনাই এতিয়া আমোদ সৃষ্টি কৰিছে সকলোৰে বাবে(63 Chickens Died of Heart Attack Due to Loud DJ Music at Wedding in a village of Odisha) ৷

লগতে চাওক : গোলাঘাটৰ বৰপথাৰত নকল সোণ(duplicate gold seized) সহ তিনি আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.