ETV Bharat / city

Anup Chetia's daughter marriage: অসমৰ জোঁৱাই হোৱা হ'লে ময়ো ভাল পালোহেঁতেন: অনুপ চেতিয়া

author img

By

Published : Oct 16, 2022, 9:06 PM IST

anup-chetia-reaction-on-daughter-marriage-with-bangladeshi-boy
অনুপ চেতিয়া

বাংলাদেশৰ যুৱকৰে কন্যাৰ বিবাহ(Anup Chetia daughter marriage with Bangladeshi boy) ৷ যাৰ বাবে এতিয়া বিতৰ্কৰ সন্মুখীন হৈছে অসমৰ বিদ্ৰোহী সংগঠন আলফাৰ নেতা অনুপ চেতিয়া ৷ এই বিতৰ্ক সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অনুপ চেতিয়াই(ULFA leader Anup Chetia) ।

গুৱাহাটী, ১৬ অক্টোবৰ: বাংলাদেশৰ যুৱক অনিৰ্বাণ চৌধুৰীৰ সৈতে বিবাহপাশত আৱদ্ধ হ'ব অনুপ চেতিয়াৰ কন্যা বন্যা বৰুৱা । ইয়াৰ পাছতেই বিভিন্ন ধৰণৰ সমালোচনাৰ সন্মুখীন হৈছে আলফাৰ প্ৰাক্তন নেতাগৰাকী ৷ অৱশেষত এই সমালোচনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে চেতিয়াই ৷ অসমৰ জোঁৱাই হোৱা হ'লে ময়ো ভাল পালোহেঁতেন বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে প্ৰাক্তন আলফা নেতাগৰাকীয়ে(Anup Chetia reacts on daughter marriage) ।

অনুপ চেতিয়া

তেওঁ কয় - "জাতীয়তাবাদী সংগ্ৰামী হিচাপে এইক্ষেত্ৰত মই সমালোচনাৰ সন্মুখীন হৈছোঁ । কিন্ত দুই মনৰ মিল হৈছে যেতিয়া কেনেকৈ বাধা দিওঁ ? দীৰ্ঘদিন ধৰি তেওঁলোক বাংলাদেশতে আছিল । পঢ়া-শুনা তাতে কৰিছে । মই জেলত থকা সময়তো তাত আছিলে । বাংলাদেশতে চিনাকি হৈছিল দুয়ো । পৰৱৰ্তী সময়ত দুয়োৰে মাজত প্ৰেম হয় । যথেষ্টখিনি চেষ্টা কৰিছিলো এৰাই চলিব পৰা যায় নেকি কিন্তু সম্ভৱ হৈ নুঠিল । অৱশেষত সন্মতি জনাবলৈ বাধ্য হলো ।"

তেওঁ আৰু কয় যে, বাংলাদেশৰ অনুপ্ৰৱেশকাৰীৰ লগত বাংলাদেশৰ জনসাধাৰণক একেখন কাঠগড়াত থিয় কঢ়োৱাতো উচিত নহয় । অনুপ্ৰেৱশকাৰীৰ লগত বাংলাদেশৰ জনসাধাৰণক তুলনা কৰিলে ভুল হ’ব । বাংলাদেশলৈ বিয়া হ'লেও অষ্ট্ৰেলিয়াতে দুয়ো থকাৰ সিদ্ধান্ত লৈছে বুলি উল্লেখ কৰে চেতিয়াই ৷

উল্লেখ্য যে এগৰাকী বাংলাদেশী যুৱকৰ সৈতে বিয়াত বহিব বিদ্ৰোহী সংগঠন আলফা(স্বাঃ)ৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক অনুপ চেতিয়াৰ কন্যা(Anup Chetia daughter affair with Bangladeshi boy) । দৰা অনিৰ্বাণ চৌধুৰীৰ ঘৰ বাংলাদেশৰ কুমিল্লাত । বৰ্তমান তেওঁ অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত বাস কৰে । বিয়াখন ২৫ নৱেম্বৰত মেলবৰ্ণৰ ইস্কন মন্দিৰত অনুষ্ঠিত হ'ব । বাংলাদেশৰ 'আমাদের সময়.কম'(Amader Shomoy.com news paper) নামৰ এখন বাতৰি কাকতত প্ৰকাশ পাইছিল এই খবৰ । এই বাতৰি সংবাদমাধ্যমত প্ৰকাশ পোৱাৰ পিছতে সামাজিক মাধ্যমত সমালোচনাৰ সন্মুখীন হৈছিল নেতাগৰাকী ।

লগতে পঢ়ক: বাংলাদেশী যুৱকৰ সৈতে অনুপ চেতিয়াৰ কন্যাৰ বিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.