ETV Bharat / state

ধেমাজিত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে AJYCPৰ প্ৰতিবাদ

author img

By

Published : Nov 27, 2021, 4:33 PM IST

বিদ্যুৎ বিভাগৰ বিৰুদ্ধে শুকুৰাবৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে (Ajycp protest against APDCL at Dhemaji)। নিয়মীয়া বিদ্যুৎ যোগানকে(demand for regular power supply) ধৰি কেইবাটাও দাবীৰে সংগঠনটোৱে ঘেৰাও কৰে ধেমাজিৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয় ।

Dhemaji
ধেমাজিত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে AJYCPৰ প্ৰতিবাদ

ধেমাজি,২৭ নৱেম্বৰ : শেহতীয়াকৈ ধেমাজি জিলাৰ বিভিন্ন স্থানত অনিয়মীয়া বিদ্যুৎ যোগানে (irregular power supply at Dhemaji) সমস্যাৰ সৃষ্টি কৰিছে । কেৱল এয়াই নহয়, অভিযোগ অনুসৰি গ্ৰাহকৰ পৰা অতিৰিক্ত মাচুল সংগ্ৰহ কৰি মাধমাৰ সোধাইছে সাধাৰণ জনতাক । যাৰ বাবে বিভাগৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে জিলাখনৰ বিভিন্ন দল-সংগঠন । বিভাগটোৰ এনে কৰ্মকাণ্ডত অতিষ্ঠ হৈ বিদ্যুৎ বিভাগৰ কাৰ্যালয় শুকুৰবাৰে ঘেৰাও কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে (AJYCP cordoned off APDCL office at Dhemaji)।

পৰিষদৰ শ্ৰীপানি আঞ্চলিক সমিতি, চিচিবৰগাঁও আঞ্চলিক সমিতি, চিলাপথাৰ আঞ্চলিক সমিতি আৰু সদৰ আঞ্চলিক সমিতিৰ অৰ্ধ শতাধিক কৰ্মীয়ে ধেমাজি নগৰৰ মাজেৰে প্ৰতিবাদী শোভাযাত্ৰাৰো আয়োজন কৰে । ইয়াৰ পাছতে বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে । বিদ্যুৎ বিভাগৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ প্ৰতিবাদী শ্ল'গানেৰে সমগ্ৰ অঞ্চল উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে । প্ৰায় এঘণ্টা ধৰি কৰা এই প্ৰতিবাদৰ ফলত ধেমাজি বিদ্যুৎ বিভাগৰ স্বাভাৱিক কাম-কাজ অচল হৈ পৰে ৷

উল্লেখ্য যে কাৰ্যালয়টোৰ অভিযন্তা দীপক বুঢ়াগোহাঁইয়ে গ্ৰাহকক দুৰ্ব্যৱহাৰ কৰাৰো অভিযোগ উঠিছে । যাৰ বাবে অঞ্চলটোৰ বহু লোকেও প্ৰতিবাদত অংশগ্ৰহণ কৰে । ইফালে গ্ৰাহকৰ সকলো সমস্যা সমাধানৰ বাবে বিভাগক শেষ সকীয়নি দিয়ে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে । অতি শীঘ্ৰে সমস্যা সমাধান কৰিব নোৱাৰিলে বিভাগৰ বিৰুদ্ধে তীব্ৰ আন্দোলনৰো হুংকাৰ দিয়ে সংগঠনটোৱে ।

লগতে পঢ়ক :Protset against price hike : সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.