কান্দোনেই কাল হ'ল দেৱশিশুৰ - Sensational Murder In Raha

By ETV Bharat Assamese Team

Published : May 29, 2024, 7:36 AM IST

thumbnail
মৰিয়াই মৰিয়াই হত্য়া কৰিলে সন্তানক (ETV BHARAT ASSAM)

ৰহা,২৯ মে': ৰহাৰ খাপলাংকুছিত মঙলবাৰে সংঘটিত হয় এক নৃশংস ঘটনা । পিতৃয়ে মৰিয়াই মৰিয়াই হত্য়া কৰিলে এটি আঢ়ৈ মহীয়া সন্তানক । এই অভিযোগ উত্থাপন কৰিছে শিশুটিৰ মাতৃয়ে । পাষাণ পিতৃয়ে কিয় শিশুটিক হত্য়া কৰিলে তাৰ কাৰণ জানিলে আপোনাৰো গাৰ নোম শিহৰি উঠিব । কান্দি থকা বাবেই হত্য়া কৰিলে দেৱশিশুটিক ।

উত্থাপিত অভিযোগ মতে, স্বৰাজ সেনাপতি নামৰ লোকজনে সন্তানে কান্দি থকাৰ বাবেই মৰিয়াই মৰিয়াই হত্যা কৰে । ঘটনাৰ বিৱৰণি মতে, স্বৰাজ সেনাপতিৰ পত্নীয়ে আঢ়ৈ মহীয়া সন্তানটিক বিচনাত শুৱাই থৈ বাহিৰলৈ আহিছিল ফোন কৰিবলৈ । সেই সময়তে কেঁচুৱাটিয়ে কন্দাত পিতৃয়ে খঙৰ ভমকতেই সংঘটিত কৰিলে এই অঘটনটো । 

পিচত মাতৃ ওভতি আহি সন্তানৰ নিঠৰ দেহ আৰু আঘাতৰ চিন দেখি স্বামীক প্ৰশ্ন কৰাত স্বৰাজে স্বীকাৰ কৰে সন্তানক মৰিয়াই মৰা বুলি । লগে লগে কেঁচুৱাটিক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে । পিচত সন্তানৰ মৃতদেহ কোলাত লৈ মাতৃ উপস্থিত হয় ৰহা আৰক্ষী থানাত । ইয়াৰ পিচতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত স্বৰাজ সেনাপতিক ।

লগতে পঢ়ক: পিতৃয়ে গচকি হত্যা কৰিলে তিনিমহীয়া সন্তানক - FATHER KILLED THREE MONTH OLD CHILD

লগতে পঢ়ক: নৃশংস হত্য়াকাণ্ডই জোকাৰিছে বৰপেটা-গোলাঘাট - Sensational Murder In Assam

 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.