ETV Bharat / state

নৃশংস হত্য়াকাণ্ডই জোকাৰিছে বৰপেটা-গোলাঘাট - Sensational murder in Assam

author img

By ETV Bharat Assamese Team

Published : May 28, 2024, 10:38 PM IST

Kidnapped and murder : বৰপেটা-গোলাঘাটত কি কাৰণে হত্য়াৰ বলি হ'ল দুজনকৈ লোক ? অভিযুক্তই কেনেদৰে সংঘটিত কৰিছিল এই কাণ্ড ?

Kidnapped and murder in Barpeta
বৰপেটা আৰু গোলাঘাটত হত্য়াতাণ্ড (ETV BHARAT ASSAM)

বৰপেটা/ গোলাঘাট, ২৮ মে': বৰপেটা আৰু গোলাঘাট জিলাত সংঘটিত হৈছে দুটাকৈ নৃশংস হত্য়াতাণ্ডৰ ঘটনা । বিগত এসপ্তাহত সংঘটিত এই হত্য়াকাণ্ডত জড়িত অভিযুক্ত আৰক্ষীৰ জালত পৰাৰ পিচতেই পোহৰলৈ আহিছে বহুতো কথা । বৰপেটা জিলাৰ গজিয়াত পথাৰৰ কাষৰ এটা পুখুৰীত মঙলবাৰে পুতি থোৱা অৱস্থাত উদ্ধাৰ হয় এটা মৃতদেহ ৷ পিচত মৃতদেহটো বৰপাল্লি গাঁৱৰ আজিম উদ্দিন বুলি চিনাক্ত কৰা হয় ৷ ভূমি সংক্ৰান্তীয় বিবাদৰ বাবেই আজিম উদ্দিনক অপহৰণ কৰি হত্যা কৰা বুলি পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছে ৷

বৰপেটা আৰু গোলাঘাটত হত্য়াকাণ্ড (ETV BHARAT ASSAM)

আজিম উদ্দিনৰ পৰিয়ালৰ লোকে এই অপহৰণ আৰু হত্য়াকাণ্ডৰ সৈতে মিজানুৰ ৰহমান, ৰমিজ আলী, নুৰ ইছলাম আৰু তৈয়ব আলী জড়িত থকা বুলি অভিযোগ কৰিছে ৷ ইতিমধ্যে অপহৰণ আৰু হত্যাৰ অভিযোগত ৭ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ এই অভিযুক্তৰ স্বীকাৰোক্তিৰ ভিত্তিতে মঙলবাৰে পুতি থোৱা অৱস্থাত মৃতদেহটো উদ্ধাৰ কৰে বৰপেটা সদৰ থানাৰ আৰক্ষীয়ে ৷

আজিম উদ্দিনৰ পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰি কয় যে যোৱা ২২ মে'ৰ নিশা একেখন গাঁৱৰে মিজানুৰ ৰহমান, ৰমিজ আলী, নুৰ ইছলাম আৰু তৈয়ব আলীয়ে অপহৰণ কৰিছিল কৃষকজনক ৷ বৰপাল্লী গাঁৱৰ নিজ ঘৰৰ পৰা আজিম উদ্দিনক অপহৰণ কৰি অপহৰণকাৰীয়ে গজিয়া গাঁৱৰ এখন খেতি পথাৰৰ এটা পুখুৰীত হত্যা কৰি মৃতদেহটো পুতি থয় ৷ ইয়াৰ পিচতেই অপহৃত লোকজনৰ পৰিয়ালৰ লোকে বৰপেটা সদৰ থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অপহৰণকাৰীক গ্ৰেপ্তাৰ কৰি ঘটনাটোৰ অনুসন্ধান আৰম্ভ কৰে ৷

মঙলবাৰে অভিযুক্তৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে গজিয়াৰ এখন পথাৰৰ কাষৰ পুখুৰীত পুতি থোৱা অৱস্থাত আজিম উদ্দিনৰ মৃতদেহটো উদ্ধাৰ কৰে ৷ মাটি-বাৰী সংক্ৰান্তীয় বিবাদৰ বাবেই ৫৭ বছৰীয়া কৃষকজনক ঘৰৰ পৰা অপহৰণ কৰি এইদৰে হত্যা কৰি পুতি থোৱাৰ ঘটনাক লৈ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

ইপিনে, গোলাঘাটত দিনদুপৰতে মৰিয়াই হত্যা কৰি এজন ৬৫ বছৰীয়া লোকক অভিযুক্তই পেলাই দিয়ে এটা পুখুৰীত । যোৱা ২৪ মে'ত বৰকাঠনি শেনছোৱাত সংঘটিত হয় এই নৃশংস হত্যাকাণ্ডটো । এই ঘটনা সংঘটিত হোৱাৰ দুদিন পাচত গ্ৰেপ্তাৰ হয় চাৰি অভিযুক্ত । উল্লেখ্য় যে তিনিদিন পূৰ্বে গোলাঘাটৰ বৰকাঠনীত এটা পুখুৰীত উদ্ধাৰ হৈছিল নবীন ফুকন (৬৫) নামৰ এজন লোকৰ মৃতদেহ । আৰক্ষীয়ে উদ্ধাৰ কৰা মৃতদেহটোৰ মূৰত আঘাতৰ চিন স্পষ্ট আছিল ৷ তাৰ পিচতেই পৰিয়ালৰ লোক তথা আত্মীয়ই এয়া এক হত্যাকাণ্ড বুলি অভিযোগ উত্থাপন কৰি কমাৰবন্ধা থানাত এজাহাৰ দাখিল কৰে ৷ এই অভিযোগৰ পিচতেই কমাৰবন্ধা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি চাৰি অভিযুক্তক গ্ৰেপ্তাৰ কৰি কালি গোলাঘাট আৰক্ষী থানাত হাজিৰ কৰায় ৷ চাৰি অভিযুক্ত ক্ৰমে ফনীধৰ দলে (৩৫), বিতু পেগু(২৩),মহন মুণ্ডা (২৬) আৰু বিষ্ণু মুণ্ডা(৩০)ৰ ঘৰ বোকাখাটত ৷

এই অভিযুক্তকেইটা উক্ত অঞ্চলত মিস্ত্ৰী কামত নিয়োজিত হৈ আছিল ৷ পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰি কয় যে নবীন ফুকনে সাঁচি বিক্ৰী কৰি পোৱা কিছু ধন তেওঁৰ হাতত আছিল । সিদিনা তেওঁ বজাৰ কৰি ঘৰলৈ আহি থাকোতেই ধনৰ বাবে এই হত্যাকাণ্ড সংঘটিত কৰাৰ সন্দেহ কৰিছে পৰিয়ালৰ লগতে স্থানীয় ৰাইজে ।

লগতে পঢ়ক:নৃশংস হত্যাৰ বলি হোৱা হিৰণ্ময় খাখলাৰীৰ ন্যায়ৰ দাবীত উত্তাল প্ৰতিবাদ - HIRANMOY KHAKHLARI MURDER

জ্য়েষ্ঠ ভগ্নীয়ে ডিঙি চেপি হত্যা কৰিলে কিশোৰীক ! - Aligarh Murder

পুত্ৰই কিয় প্ৰাণ ল'লে পিতৃৰ ? - Guwahati Murder Case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.