ETV Bharat / bharat

Heavy rain in Tamilnadu : প্ৰবল বৃষ্টিপাতৰ বাবে তামিলনাডুৰ বিদ্যালয়-মহাবিদ্যালয় বন্ধৰ ঘোষণা

author img

By

Published : Nov 27, 2021, 2:22 PM IST

Updated : Nov 27, 2021, 2:30 PM IST

Holiday declared in schools, colleges in Tamil Nadu due to heavy rain
প্ৰবল বৃষ্টিপাতৰ বাবে তামিলনাডুৰ বিদ্যালয়, মহাবিদ্যালয় বন্ধৰ ঘোষণা

তামিলনাডুত নেৰানেপেৰা বৰষুণ । ৰাজ্যখনৰ কেইবাখনো জিলাত জাৰি কৰা হৈছে ৰেড এলাৰ্ট(Red alert issued in Tamil Nadu) । বৃষ্টিপাতৰ বাবে বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ বন্ধ ৰখাৰ নিৰ্দেশ দিছে চৰকাৰে । শনিবাৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে ৰাজ্যপাল আৰ এন ৰবিক সাক্ষাৎ কৰিব ।

নেশ্যনেল ডেস্ক, ২৭ নৱেম্বৰ: ধাৰাসাৰ বৰষুণৰ বাবে তামিলনাডুৰ বিভিন্ন অঞ্চলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে(Very heavy rainfall in Tamil Nadu) । ৰাজ্যখনৰ বৰ্তমানৰ পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰাৰ বাবে আজি মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে ৰাজ্যপাল আৰ এন ৰবিক সাক্ষাৎ কৰিব(CM Stalin to meet Governor today ) । নেৰানেপেৰা বৰষুণে আটাইতকৈ বেছি প্ৰভাৱিত কৰিছে নাগাপট্টিনম আৰু কুড্ডালোৰ জিলাক । বতৰ বিজ্ঞান বিভাগে শুকুৰবাৰে সকলো উপকূলীয় জিলাত ৰেড এলাৰ্ট জাৰি কৰাৰ লগতে কাষৰীয়া জিলাসমূহকো সতৰ্ক হৈ থাকিবলৈ কৈছিল ।

ৰেড এলাৰ্ট আজি পৰ্যন্ত বাহাল থাকিব বুলি নিৰ্দেশ দিয়া হৈছিল । তামিলনাডু চৰকাৰে ২৭ নৱেম্বৰৰ পৰা বিদ্যালয় আৰু মহাবিদ্যালয়ৰ বন্ধ ঘোষণা কৰে(Holiday declared in Tamil nadu's schools ) । ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি, চেন্নাই, কাঞ্চিপুৰম, চেংগালপট্টু, তুতিকোৰিণ, তিৰুভাল্লুৰ, তিৰুনেলভেলি, পুডুকট্টাই, চালেম, তিৰুভান্নামালাই, কুড্ডালোৰ, ভিলুপ্পুৰম, আৰিয়ালুৰ, ৰামনাথপুৰম, ত্ৰিচি, ৰণনিপেট্টাই, কালকাকুৰিচি, থাঞ্জোৰ, নাগাপট্টিনম, থিৰুভাৰুৰ, পেৰমবালুৰ আৰু মায়িলাদুথুৰাইত বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ বন্ধ থাকিব । ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উক্ত জিলাসমূহত ধাৰাসাৰ বৰষুণ হোৱাৰ আগজাননী দিছে ।

ইয়াৰ পূৰ্বে, আঞ্চলিক বতৰ বিজ্ঞান বিভাগে আগন্তুক ২৪ ঘণ্টাৰ বাবে তামিলনাডুৰ উপকূলীয় জিলাত ৰেড এলাৰ্ট জাৰি কৰে । বিশেষকৈ, তামিলনাডুৰ উপকূলীয় অঞ্চলত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্বাৱনা আছে ।

চেন্নাই, কাঞ্চিপুৰম, থাঞ্জোৰ, চেংগালপট্টু, তুতিকোৰিণ, তিৰুভাল্লুৰ, তিৰুনেলভেলি, পুডুকট্টাই, চালেম, তিৰুভান্নামালাই, কুড্ডালোৰ, কৰাইকাল, মায়িলাদুথুৰাই, নাগাপট্টিনম, থিৰুভাৰুৰ, পেৰমবালুৰ, পুডুকট্টাই, তুতিকোৰিণ, কুড্ডালোৰ, ৰামানথাপুৰমত ৰেড লাইট জাৰি কৰা হৈছে । ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আগজাননী দিয়াৰ পাচতে ৰেড এলাৰ্ট ঘোষণা কৰা হৈছে । আনহাতে, ৰণনিপেট্টাই, ভেলোৰ, তিৰুভান্নামালাই, কাল্লাকুৰিচি, পেৰমবালুৰ, আৰিয়ালুৰ, ত্ৰিচি, মাদুৰাই, শিৱগংগাই আৰু বিৰুধু নগৰত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে(Orange alert in Tamil nadu's several distict) । আনহাতে, কন্যাকুমাৰীত হালধীয়া এলাৰ্ট জাৰি কৰা হৈছে ।

লগতে পঢ়ক: Delhi air quality : ২৭ নৱেম্বৰৰ পাচত উন্নত হ'ব দিল্লী-এনচিআৰৰ বায়ুৰ গুণগত মান

Last Updated :Nov 27, 2021, 2:30 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.