সংকটত ৰাজ্যৰ হাজাৰ হাজাৰ পঞ্চায়ত কৰ্মচাৰী, কেবিনেটৰ সিদ্ধান্তও নহ'ল কাৰ্যকৰী - PNRD Employees Job Regularization
PNRD Employees Job Regularization: পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত কাম কৰি থকা হাজাৰ হাজাৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ চাকৰি স্থায়ীকৰণ নহয় । বিভাগীয় কৰ্তৃপক্ষই স্পষ্ট কৰাৰ পাচতে হাহাকাৰ কৰ্মচাৰীসকলৰ । বিভাগীয় জনকল্যাণমূলক আঁচনি কাৰ্যকৰী কৰাৰ গুৰুদায়িত্বত আছে এইসকল কৰ্মচাৰী । সোণোৱাল চৰকাৰৰ দিনত কেবিনেটে এইসকল কৰ্মচাৰীৰ ভিতৰত ১০ বছৰ সেৱা আগবঢ়োৱাসকলৰ চাকৰি ৬০ বছৰলৈ সম্প্ৰসাৰণত অনুমোদন জনাইছিল । কিন্তু এতিয়ালৈকে কাৰ্যকৰী কৰা নাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ।

Published : May 17, 2024 at 2:30 PM IST
গুৱাহাটী, ১৬ মে' : সংকটত ৰাজ্যৰ প্ৰায় হাজাৰ হাজাৰ কৰ্মচাৰীৰ জীৱন । পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত কাম কৰি থকা এই হাজাৰ হাজাৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ চাকৰি স্থায়ীকৰণ নহয় । ৰাজ্য চৰকাৰৰ বিয়াগোম বিভাগটোৱে এই কথা স্পষ্ট কৰি দিয়াত হাহাকাৰ লাগিছে কৰ্মচাৰীসকলৰ । ১০ বছৰতকৈ অধিককাল বিভাগটোত নিযোজিত হৈ থকা এইসকল কৰ্মচাৰীৰ বহুতৰে এতিয়া নতুনকৈ আন চাকৰিৰ বাবে আবেদন কৰাৰ বয়স নাই ।
লক্ষণীয় বিষয় যে বিগত দিনত চৰকাৰৰ চৰম বঞ্চনাৰ সম্মুখীন হৈ আহিছে ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত কৰ্মৰত এইসকল ঠিকাভিত্তিক কৰ্মচাৰী । বিভাগীয় জনকল্যাণমূলক আঁচনিসমূহ কাৰ্যকৰী কৰাৰ গুৰুদায়িত্ব বহন কৰা এইসকল দক্ষ কৰ্মচাৰীয়ে বছৰ বছৰ ধৰি প্ৰাপ্যৰ পৰাও বঞ্চিত হৈ আহিছে ।
বিগত সময়ছোৱাত কেইবাবাৰো দৰমহাৰ বাৰ্ষিক বৃদ্ধি নোহোৱাৰ বলি হ'বলগাত পৰিছে এইসকল ঠিকাভিত্তিক কৰ্মচাৰী । উল্লেখ্য যে এম জি এনৰেগা, প্ৰধানমন্ত্রী আৱাস যোজনা, পঞ্চদশ বিত্ত আয়োগ, ৰাষ্ট্ৰীয় সামাজিক সাহায্য আঁচনি, অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযান আদি বিভিন্ন আঁচনি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে ৰূপায়ণ কৰি আহিছে ।
এই আঁচনিসমূহ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত এক্রিডিটেড অভিযন্তা, গ্রাম ৰোজগাৰ সহায়ক, কম্পিউটাৰ সহায়ক, গাঁও পঞ্চায়ত সমন্বয়ক, গাণনিক সহায়ক, ব্লক প্ৰ'গ্ৰাম মেনেজাৰ, এ আই এছ, জি আই এছ কৰ্মচাৰীকে ধৰি প্ৰায় ৮ হাজাৰ কৰ্মচাৰীয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰি আহিছে ।
নিয়মীয়াকৈ দৰমহাৰ বাৰ্ষিক বৃদ্ধিও নোহোৱা এইসকল কৰ্মচাৰীয়ে পদে পদে বঞ্চিত হৈ অহাৰ পিচত এতিয়া পঞ্চায়ত বিভাগে স্পষ্ট কৰি দিছে যে এইসকলৰ চাকৰি স্থায়ীকৰণ নহ'ব । বিভাগটোৰ স্পষ্ট মত যে পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ অন্তৰ্গত ঠিকাভিত্তিক কৰ্মচাৰীসকল সংশ্লিষ্ট বিভাগৰ দ্বাৰা ৰূপায়ণ কৰা বিভিন্ন আঁচনিৰ অধীনত নিযুক্তি দিয়া হৈছে । তেওঁলোকৰ মাহিলি পাৰিতোষিক উক্ত আঁচনিৰ প্ৰশাসনিক ব্যয় শিতানৰ পৰা আদায় দিয়া হয় । উক্ত ঠিকাভিত্তিক কৰ্মচাৰীসকলক চুক্তিপত্ৰ ভিত্তিত নিযুক্তি দিয়া হৈছে । উক্ত চুক্তি মতেই তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণৰ কোনো ব্যৱস্থা নাই ।
তথ্য মতে, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন অসমৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ সংখ্যা প্ৰায় ৮ হাজাৰ, অসম গ্রামীণ জীৱিকা অভিযানৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ সংখ্যা ১,৯১১, অসম ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ সংখ্যা ২৯১ গৰাকী । চৰম পৰিতাপৰ কথা যে এইসকল কৰ্মচাৰীৰ বিপৰীতে ৬০ বছৰ পৰ্যন্ত 'জব ছিকিউৰিটি'ৰ ক্ষেত্ৰতো চৰকাৰে কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই । লক্ষণীয় বিষয় যে ২০২১ চনৰ ২০ ফেব্ৰুৱাৰীত সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত কেবিনেটে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত কৰ্মৰত এইসকল কৰ্মচাৰীৰ ভিতৰত অতি কমেও ১০ বছৰ সেৱা আগবঢ়োৱা ঠিকাভিত্তিক কর্মচাৰীসকলৰ ৬০ বছৰলৈ চাকৰি সম্প্ৰসাৰণত অনুমোদন জনাইছিল ।
এইক্ষেত্ৰত বিভাগীয় মন্ত্ৰীক প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছিল তদানীন্তন কেবিনেটে । কিন্তু সোণোৱাল চৰকাৰৰ কেবিনেটৰ সিদ্ধান্ত অনুসৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত অতি কমেও ১০ বছৰ সেৱা আগবঢ়োৱা কৰ্মচাৰীসকলৰ চাকৰি ৬০ বছৰলৈ সম্প্ৰসাৰিত বা নিশ্চিতকৰণৰ কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা নহ'ল । উল্লেখ্য যে সোণোৱাল চৰকাৰৰ এই কেবিনেটৰ দুমাহ পাচতে ৰাজ্যত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হয় । এই সাধাৰণ নিৰ্বাচনত বিজেপি মিত্ৰজোঁটেই পুনৰ চৰকাৰ গঠন কৰে যদিও মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হয় হিমন্ত বিশ্ব শৰ্মা ।
২০২১ চনত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰ গঠন হয় । কিন্তু তিনি বছৰ সম্পূৰ্ণ কৰা হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এইসকল কৰ্মচাৰীৰ এতিয়ালৈকে ৬০ বছৰ পৰ্যন্ত 'জব ছিকিউৰিটি'ৰ ক্ষেত্ৰত কোনোধৰণৰ বিবেচনা কৰা নাই । তেনে প্রেক্ষাপটত এইসকল ঠিকাভিত্তিক চাকৰিয়ালৰ ভৱিষ্যৎ অন্ধকাৰৰ দিশে গতি কৰিছে ।
ইফালে ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ দায়িত্ব লৈয়ে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে প্রতিশ্রুতি দিছিল যে শিক্ষা বিভাগৰ অধীনস্থ সর্বশিক্ষা অভিযান আৰু স্বাস্থ্য বিভাগৰ অধীনস্থ এন এইচ এমৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ দৰে পঞ্চায়তৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলৰো চাকৰিৰ নিশ্চিতি ৬০ বছৰলৈ সম্প্ৰসাৰণ কৰা হ'ব । পিচে মন্ত্ৰী দাসৰ এই প্ৰতিশ্ৰুতিও ফুটুকাৰ ফেনত পৰিণত হ'ল ।
তথ্য মতে, ৰাজ্যত গ্ৰাম্য পঞ্চায়ত কো-অর্ডিনেটৰৰ সংখ্যা ১,৬১০, এক্রিডিটেড অভিযন্তাৰ সংখ্যা ১,৭৪২, কম্পিউটাৰ সহায়কৰ সংখ্যা ১,২৮২, গ্রাম ৰোজগাৰ সহায়ক ১,৮৯৩ গৰাকীকে ধৰি কেৱল পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ অধীনস্থ এম জি এনৰেগা, প্ৰধানমন্ত্রী আবাস যোজনা, ৰাষ্ট্ৰীয় সামাজিক সাহায্য আদি আঁচনিত নিযুক্ত হৈ আছে প্ৰায় ৮ হাজাৰ ঠিকাভিত্তিক কৰ্মচাৰী ।
তদুপৰি, এন আৰ এল এমত ১,৯১১ গৰাকী আৰু অসম ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ অধীনত আছে ২৯২ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰী । এইসকল কৰ্মচাৰীৰ চাকৰি সুৰক্ষা নোহোৱাৰ লগতে মৃত্যু হোৱা কৰ্মচাৰীৰ পৰিয়ালেও নাপায় কোনো সাহায্য । যাৰ ফলত এইসকল কৰ্মচাৰীৰ জীৱনৰ প্ৰতি গভীৰ সংকট নামি আহিছে ।

