ETV Bharat / state

অসমত কেনেদৰে চলিছে কংগ্ৰেছৰ দিনৰ অভিলাষী এম জি এনৰেগা আঁচনি ? - MG NREGA in Assam

author img

By ETV Bharat Assamese Team

Published : May 16, 2024, 4:51 PM IST

MG NREGA in Assam : অসমত প্ৰহসনত পৰিণত হৈছে কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনি । অসমত এনৰেগাৰ মাত্র এক শতাংশ জবকাৰ্ডধাৰীয়েহে পালে ১০০ দিনৰ কাম । ২০২৩-২৪ বৰ্ষত ১০০ দিনৰ কাম পালে ৰাজ্যৰ ১৯,৬৬৫ টা পৰিয়ালে । অসমত এম জি এনৰেগাৰ অধীনত থকা জবকাৰ্ডৰ সংখ্যা হৈছে ৩৮.৪৯ লাখ । ২০২০-২১ বৰ্ষত ৭১,২৬৮ টা পৰিয়ালে ১০০ দিনৰ কাম পোৱাৰ বিপৰীতে ২০২৩-২৪ বৰ্ষত এই সংখ্যা হ্রাস পালে ১৯,৬৬৫ টালৈ । বিজেপি চৰকাৰে ভোটৰ অংকত নামতহে চলাই আছে কংগ্ৰেছৰ দিনৰ অভিলাষী আঁচনিখন । দুই বছৰত অসমৰ ১০ লাখ লোকে কাম নাপাই এৰিলে জবকাৰ্ড । কাম দিয়াৰ বিপৰীতে হিতাধিকাৰী সৃষ্টিত গুৰুত্ব চৰকাৰৰ ।

MG NREGA in Assam
অসমত প্ৰহসনত পৰিণত এম জি এনৰেগা আঁচনি (ETV Bharat Assam)

গুৱাহাটী, ১৬ মে' : অসমত প্ৰহসনত পৰিণত হৈছে কংগ্ৰেছৰ দিনত আৰম্ভ কৰা এখন অভিলাষী আঁচনি । লক্ষণীয় বিষয় যে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত প্ৰৱৰ্তন কৰা বহু আঁচনি বিজেপি চৰকাৰে এখনৰ পাছত আন এখনকৈ বন্ধ কৰি দিছে । চৰকাৰখনৰ অৱহেলাৰ বাবেই অসমত কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী এম জি এনৰেগা আঁচনিখন নোহোৱা হোৱাৰ উপক্ৰম হৈছে ।

যিসময়ত দেশৰ আন ঠাইত সফলতাৰে গ্ৰামাঞ্চলত কর্মসংস্থাপন আৰু সম্পদ সৃষ্টিকাৰী এই আঁচনিখন ৰূপায়িত হৈ আছে, সেই সময়তে অসমত বছৰে বছৰে কমি গৈ আছে ১০০ দিনৰ কাম লাভ কৰা জবকাৰ্ডধাৰীৰ সংখ্যা । আনকি অসমৰ শ্রমিকে লাভ কৰা নাই উপযুক্ত পাৰিশ্রমিকো । উল্লেখ্য যে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্রাম্য নিয়োগ নিশ্চিত আঁচনি চমুকৈ এম জি এনৰেগাৰ অধীনত জবকাৰ্ড থকা প্ৰতিটো পৰিয়ালক ১০০ দিন কামৰ সুবিধা প্ৰদান কৰিব লাগে ।

কিন্তু অসমত জবকাৰ্ড থকাসকলৰ ভিতৰত এক শতাংশয়ো ১০০ দিনৰ কাম লাভ কৰা নাই । কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, বৰ্তমান সময়ত অসমত এম জি এনৰেগাৰ অধীনত থকা জবকাৰ্ডৰ সংখ্যা হৈছে ৩৮.৪৯ লাখ । কিন্তু সদ্যসমাপ্ত ২০২৩-২৪ বিত্তীয় বৰ্ষত এম জি এনৰেগা আঁচনিৰ অধীনত মুঠ ১৯,৬৬৫ পৰিয়ালেহে ১০০ দিনৰ কাম লাভ কৰিছে । সকলোতকৈ ডাঙৰ কথা যে ৰাজ্যখনত প্ৰতি বছৰে এই আঁচনিৰ অধীনত ১০০ দিনৰ কাম লাভ কৰা লোকৰ সংখ্যা হ্ৰাস পাই আহিছে ।

এম জি এনৰেগাত ১০০ দিনৰ কামৰ নিশ্চিতি থাকিব লাগে
এম জি এনৰেগাত ১০০ দিনৰ কামৰ নিশ্চিতি থাকিব লাগে (ETV Bharat Assam)

তথ্য অনুসৰি, ২০২০-২১ চনত এম জি এনৰেগা আঁচনিৰ অধীনত মুঠ ৭১,২৬৮ টা পৰিয়ালে, ২০২১-২২ বিত্তীয় বৰ্ষত ৫১,৯৫৪ টা পৰিয়ালে আৰু ২০২২-২৩ বিত্তীয় বৰ্ষত ২১,৪৭৮ টা পৰিয়ালেহে ১০০ দিনৰ কাম লাভ কৰিছিল । বিগত বৰ্ষত এই সংখ্যা উদ্বেগজনকভাৱে ১৯,৬৬৫ টালৈ হ্রাস পালে । ইফালে ২০২৩-২৪ চনত ৰাজ্যখনৰ কেইখনমান জিলাত মাত্ৰ কেইটামান পৰিয়ালেহে ১০০ দিনৰ কাম লাভ কৰিছিল । সেই অনুসৰি পশ্চিম কাৰ্বি আংলং জিলাৰ মাত্র ৯ টা পৰিয়ালে ১০০ দিনৰ কাম লাভ কৰিছে ।

এই ক্ষেত্ৰত কাছাৰ, তামুলপুৰ, ডিমা হাছাও, কাৰ্বি আংলং জিলাৰ অৱস্থাও একে । ইফালে ৰাজ্যৰ ভিতৰতে সৰ্বাধিক কৰিমগঞ্জ জিলাৰ ১,৯৪৭ টা পৰিয়ালে ১০০ দিনৰ কাম লাভ কৰিছে । উল্লেখ্য যে দেশৰ প্ৰতিখন ৰাজ্যতে ৰূপায়ণ হৈ থকা এই আঁচনিৰ নীতি-নিয়ম একেই যদিও আশ্চর্যজনকভাৱে অসমৰ শ্ৰমিকৰ মজুৰি আন কেইবাখনো ৰাজ্যৰ তুলনাত বহু কম ।

অসমত জবকাৰ্ডধাৰী শ্ৰমিকৰ দৈনিক মজুৰি ২৩৮ টকা । ইয়াৰ বিপৰীতে দেশৰ বিভিন্ন ৰাজ্যৰ শ্ৰমিকে ৩০০ টকাৰ ওপৰত মজুৰি লাভ কৰে । এনে পৰিস্থিতিত চৰকাৰে ৰাজ্যখনত লাখে লাখে লোকক জবকাৰ্ড যোগান ধৰিলেও মজুৰি তেনেই কম হোৱাৰ লগতে শ্রমিকে কাম বিচাৰিলেও নোপোৱাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰৰ এই অভিলাষী আঁচনিখন অসমত ব্যর্থ হোৱাৰ দিশে গতি কৰিছে ।

কংগ্ৰেছৰ দিনৰ ভাল আঁচনিও গুৰুত্বহীন বিজেপি চৰকাৰৰ দিনত

কংগ্ৰেছৰ দিনত ৰূপায়ণ কৰা বহুকেইটা অভিলাষী আঁচনিৰ ভিতৰত অন্যতম এটা হৈছে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্রাম্য নিয়োগ নিশ্চিত আঁচনি চমুকৈ এম জি এনৰেগা । ভাৰতৰ গ্ৰাম্য জনসাধাৰণক বিশেষকৈ দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা লোকসকলক কৰ্মসংস্থাপন আৰু জীৱিকাৰ সুযোগ প্ৰদান কৰাৰ লক্ষ্যৰে এই আঁচনিখন ৰূপায়ণ কৰা হৈছিল । কৰ্মৰ অধিকাৰ নিশ্চিত কৰাৰ বাবে ২০০৫ চনত মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত বিধেয়ক অনা হৈছিল ।

এম জি এনৰেগা আঁচনিত জড়িত গ্ৰামাঞ্চলৰ মহিলা
এম জি এনৰেগা আঁচনিত জড়িত গ্ৰামাঞ্চলৰ মহিলা (ETV Bharat Assam)

পূৰ্বতে এই আইনক ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আইন বা এনৰেগা বুলি জনা গৈছিল । এই আইনৰ মূল উদ্দেশ্য হৈছে ‘কাম কৰাৰ বা কৰ্মৰ অধিকাৰ’ নিশ্চিত কৰা । ২০০৫ চনৰ ২৩ আগষ্টত মনমোহন সিং চৰকাৰৰ দিনত বিধেয়কখন সংসদত দাখিল কৰা হৈছিল । বিধেয়কখন সংসদত গৃহীত হোৱাৰ পিছত ২০০৬ চনৰ ২ ফেব্ৰুৱাৰীত কাৰ্যকৰী কৰা হয় ।

এই আইনৰ মুখ্য উদ্দেশ্য হৈছে গ্ৰাম্য অঞ্চলত জীৱিকাৰ সুৰক্ষা বৃদ্ধি কৰা । এম জি এনৰেগাৰ অধীনত উপলব্ধ কৰা নিয়োগৰ ক্ষেত্রত এক তৃতীয়াংশ মহিলাৰ বাবে সংৰক্ষিত কৰা হৈছে । এম জি এনৰেগাৰ আন এটা লক্ষ্য হৈছে ৰাজহুৱা সম্পত্তি যেনে পথ, খাল, পুখুৰী আৰু কুঁৱা আদি নিৰ্মাণ কৰা ।

উল্লেখ্য যে আঁচনিখনত আবেদনকাৰীয়ে আবেদন কৰাৰ ১৫ দিনৰ ভিতৰত চৰকাৰে কামৰ ব্যৱস্থা নকৰিলে আবেদনকাৰীয়ে নিবনুৱা ভাট্টা লাভৰ অধিকাৰী হয় । অৰ্থাৎ চৰকাৰে যদি কৰ্মসংস্থাপন প্ৰদানত ব্যৰ্থ হয়, তেন্তে সেইসকল লোকক নিবনুৱা ভাট্টা প্ৰদান কৰিব লাগিব । এইদৰে এম জি এনৰেগাৰ অধীনত নিয়োগ এক আইনী প্ৰাপ্যতা । অৰ্থনৈতিক সুৰক্ষা প্ৰদান আৰু গ্ৰাম্য সম্পত্তি সৃষ্টিৰ উপৰি এনৰেগাক প্ৰসাৰিত কৰাৰ অন্যতম লক্ষ্য হৈছে পৰিৱেশ সুৰক্ষা, গ্ৰাম্য মহিলাসকলক সবলীকৰণ, গ্ৰাম্য-নগৰীয়া প্ৰব্ৰজন হ্ৰাস কৰা আৰু সামাজিক সমতা গঢ়ি তোলা আদিত সহায়তা প্ৰদান কৰা ।

কামৰ নিশ্চয়তা প্ৰদান কৰা এই আঁচনিখনে জনতাৰ ব্যাপক সমাদৰ লাভ কৰি আহিছে যদিও অসমত এই অভিলাষী আঁচনিখন এক প্ৰকাৰ ব্যৰ্থ হোৱাৰ দিশে । চৰকাৰখনৰ চৰম অৱহেলাৰ বাবে আঁচনিখন থাকিও সুবিধা লাভৰ পৰা বঞ্চিত হৈছে লাখ লাখ লোক । চৰকাৰখনে কৰ্মসংস্থাপন আৰু জীৱিকাৰ সুযোগ প্ৰদান কৰা আঁচনিখন প্ৰসাৰ কৰাৰ বিপৰীতে ইয়াক গুৰুত্বহীন কৰি পেলাইছে ।

চৰকাৰখনে সংস্থাপনৰ বাট মুকলি কৰাৰ বিপৰীতে হিতাধিকাৰী সৃষ্টিতহে অধিক মনোনিবেশ কৰিছে । হিতাধিকাৰী সৃষ্টিৰ বাবে চৰকাৰখনে নানান আঁচনি ৰূপায়ণ কৰি আহিছে । বিশাল পুঁজি ব্যয়ৰ এই বিনামূলীয়া আঁচনিসমূহ ৰূপায়ণৰ বাবে চৰকাৰে আনকি ঋণৰ ওপৰত ঋণ ল'বলৈ বাধ্য হৈছে । হিতাধিকাৰী সৃষ্টিৰে চৰকাৰে মানুহক এলেহুৱা আৰু নিষ্কৰ্মা কৰি তুলিছে ।

এম জি এনৰেগাৰ ইতিহাস

১৯৯৩ চনৰ অক্টোবৰ মাহত কৃষি নকৰা অৱস্থাত কৃষকসকলক কৰ্মসংস্থাপন প্ৰদানৰ বাবে নিয়োগ নিশ্চয়তা আঁচনি আৰম্ভ কৰা হৈছিল । ‘জিলা পৰিষদ’ নামৰ জিলা পৰ্যায়ত স্থানীয় স্বশাসনক মূল কাৰ্যকৰী কৰ্তৃপক্ষ হিচাপে লৈ পি আৰ আইৰ ভূমিকা আৰু অধিক শক্তিশালী কৰা হৈছিল । পিচলৈ ২০০১ চনত ই এ এছ সম্পূৰ্ণ গ্ৰামীণ ৰোজগাৰ যোজনাৰ (এছ জি আৰ ৱাই) সৈতে একত্ৰিত কৰা হয় । ১৯৯৯ চনৰ ১ এপ্ৰিলত একেটা উদ্দেশ্যৰে জে আৰ ৱাইৰ নতুন ৰূপ দি জৱাহৰ গ্ৰাম সমৃদ্ধি যোজনা (জে জি এছ ৱাই) নামেৰে নামকৰণ কৰা হয় ।

২০০১ চনত ইয়াক সম্পূৰ্ণ গ্ৰাম ৰোজগাৰ যোজনাৰ সৈতে একত্ৰিত কৰা হয় । ২০০১ চনৰ ২৫ ছেপ্টেম্বৰত গ্ৰাম্য অঞ্চলত নিয়োগ সৃষ্টি, আন্তঃগাঁথনি উন্নয়ন আৰু খাদ্য সুৰক্ষাক একত্ৰিত কৰিবলৈ চৰকাৰে ই এ এছ আৰু জে জি এছ ৱাইক এক নতুন আঁচনি এছ জি আৰ ৱাইত একত্ৰিত কৰে । 'গাঁও পঞ্চায়ত'ক একমাত্ৰ কাৰ্যকৰী কৰ্তৃপক্ষ হিচাপে লৈ পি আৰ আইৰ ভূমিকা বজাই ৰখা হৈছিল । ৰূপায়ণৰ সমস্যাৰ বাবে ইয়াক ২০০৬ চনত এনৰেগাৰ সৈতে একত্ৰিত কৰা হয় ।

২০০১ চনৰ জানুৱাৰী মাহত চৰকাৰে ১৯৭৭ চনত আৰম্ভ কৰা এফ ডব্লিউ পিৰ দৰেই এফ ডব্লিউ পি প্ৰৱৰ্তন কৰে । ইয়াৰ পাচত এনৰেগা প্ৰণয়ন হোৱাৰ পিচত ২০০৬ চনত দুয়োটাকে একত্ৰিত কৰা হয় । ২০০৫ চনৰ পিচত সৃষ্টি হোৱা নিয়োগ সৃষ্টিৰ কাৰ্যসূচীসমূহৰ ভিতৰত প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি কাৰ্যসূচী উল্লেখযোগ্য ।

গ্ৰাম্যাঞ্চলত শিপাই থকা নিয়োগৰ সমস্যাৰ প্ৰতি সঁহাৰি জনাই ভাৰত চৰকাৰে এই বিষয়টোকে লক্ষ্য কৰি দেশজোৰা কল্যাণমূলক আঁচনি এখন যুগুত কৰে আৰু ইয়াৰ নাম মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আইন বা এম জি এনৰেগা ৰখা হয় । গ্ৰামাঞ্চলৰ নিবনুৱা সমস্যা আৰু দৰিদ্ৰতাৰ সমস্যা দূৰ কৰিবলৈ ভাৰত চৰকাৰে ২০০৫ চনত এম জি এনৰেগা সমাজ কল্যাণ কাৰ্যসূচী আৰম্ভ কৰিছিল ।

ভাৰতৰ গ্ৰাম্য অঞ্চলত বিশেষকৈ জনসাধাৰণৰ অভাৱগ্ৰস্ত গোটৰ মাজত নিবনুৱা সমস্যা আৰু দৰিদ্ৰতাৰ উচ্চ হাৰক স্বীকৃতি দিয়াৰ ফলত এনে এক কাৰ্যসূচীৰ প্ৰয়োজনীয়তাই দেখা দিছিল । গ্ৰাম্য পৰিয়ালসমূহক নিশ্চিত কামৰ সম্ভাৱনাৰ ৰূপত সুৰক্ষাৰ আৱৰণ দিয়াৰ ধাৰণাৰে গঠন কৰা হৈছিল এম জি এনৰেগা । দেশৰ প্ৰতিটো গ্ৰাম্য পৰিয়ালে এই কাৰ্যসূচীৰ অংশ হিচাপে প্ৰতি বছৰে ১০০ দিনৰ নিশ্চিত নিয়োগ লাভ কৰে । ইয়াৰ ফলত প্ৰতিটো পৰিয়ালে ন্যূনতম পৰিমাণৰ আয়ৰ সুবিধা লাভ কৰাৰ নিশ্চয়তা প্ৰদান কৰিব পৰা গৈছে ।

এই কাৰ্যসূচী শ্ৰমকেন্দ্ৰিক হোৱাৰ উদ্দেশ্যৰে নিয়োগৰ মূল উৎস হিচাপে পথ নিৰ্মাণ, পানী সংৰক্ষণ, বনানীকৰণৰ দৰে পদক্ষেপ অন্তৰ্ভুক্ত কৰা হৈছে । ভাৰত চৰকাৰৰ গ্ৰামোন্নয়ন মন্ত্ৰালয়ে এই আইনৰ পৰিকল্পনা ৰূপায়ণ আৰু ৰূপায়ণৰ তদাৰকীৰ দায়িত্ব পালন কৰিছে । গাঁও পঞ্চায়ত স্থানীয় পৰ্যায়ত আঁচনিখন ৰূপায়ণৰ বাবে দায়বদ্ধ ।

কৰ্মদিনৰ অভাৱত দুবছৰত ১০ লাখ লোকে এৰিলে জবকার্ড

ভোটৰ অংকত জনকল্যাণমূলক এই আঁচনিখন বন্ধ কৰাৰ সাহস বিজেপি চৰকাৰ হোৱা নাই যদিও আঁচনিখনক লৈ চৰকাৰখনৰ কোনো গুৰুত্বও নাই । দেশৰ কোটি কোটি গ্রাম্য পৰিয়ালৰ জীৱন জীৱিকাৰ কথা জড়িত হৈ আছে আঁচনিখনত । ৰাজনৈতিক স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি বিজেপি চৰকাৰে আঁচনিখন চলাই আছে যদিও দেশৰ আন ৰাজ্যৰ তুলনাত অসমত আঁচনিখন নোহোৱা হোৱাৰ উপক্ৰম হৈছে ।

চৰকাৰৰ অৱহেলাৰ বাবেই ২০২১-২২ বিত্তীয় বৰ্ষত অসমত ৩.৪৫ লাখ এনৰেগা আঁচনিৰ অধীনত জব কার্ড থকা লোকে উপার্জনহীন হৈ থাকিবলগীয়া হোৱাত জব কার্ড এৰিবলৈ বাধ্য হৈছে । তেনেদৰে শ্ৰমদানৰ বিনিময়ত মজুৰি লাভ কৰাৰ পথ বন্ধ হৈ পৰাৰ ফলতে ২০২২-২৩ বিত্তীয় বৰ্ষটোত অসমৰ গাঁও অঞ্চলৰ ৫.৯৬ লাখ লোকে জব কার্ড সংশ্লিষ্ট পক্ষক গতাই দিবলৈ বাধা হৈছে ।

এনেদৰে বিগত দুটা বিত্তীয় বছৰৰ ভিতৰতে অসমৰ গাঁও অঞ্চলত উপার্জনহীন লোকৰ বাবে সংশ্লিষ্ট বিভাগে বছৰি ১০০ দিনীয়া কৰ্মদিনৰ সুবিধা কৰি দিব নোৱাৰাৰ ফলত প্ৰায় ১০ লাখ লোকে জব কার্ড এৰিবলৈ বাধ্য হৈছে । এম জি এনৰেগা আঁচনিখন বিভাগৰ লগতে চৰকাৰৰ দৃষ্টিতো অৱহেলিত হৈ পৰাত সামগ্রিকভাৱে সমগ্ৰ অসমৰে গ্রামাঞ্চলৰ দৰিদ্ৰ তথা আর্থিকভাৱে দুর্বল একাংশ পৰিয়ালৰ নিম্নতম আয়ৰ পথো স্তব্ধ হৈ পৰিছে ।

লগতে পঢ়ক :অসম চৰকাৰে নিজকে দেউলীয়া ঘোষণা কৰিব লাগে; প্ৰদেশ কংগ্ৰেছে তুলিছে দাবী - Lease Out Cotton University Land
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.