ETV Bharat / state

অসম চৰকাৰে নিজকে দেউলীয়া ঘোষণা কৰিব লাগে; প্ৰদেশ কংগ্ৰেছে তুলিছে দাবী - Lease out cotton university land

author img

By ETV Bharat Assamese Team

Published : May 15, 2024, 6:05 PM IST

APCC on lease out cotton university land: কটন বিশ্ববিদ্যালয়ৰ চৌহদ ভাৰাত দিব বিচৰা সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰতিক্ৰিয়া ৷ অসম চৰকাৰ দেউলীয়া হৈছে যদি ঘোষণা কৰাৰ দাবী উত্থাপন প্ৰদেশ কংগ্ৰেছৰ ।

APCC reacted on lease out cotton university land to generate revenue
অসম প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল (Etv bharat assam)

অসম প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল (Etv bharat assam)

গুৱাহাটী, 15 মে': ৰাজহ সংগ্ৰহৰ বাবে ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ চৌহদ ভাৰাত দিয়া হ’ব বুলি বাতৰি প্ৰকাশ হোৱাৰ পাচতে ৰাজ্যজুৰি ইয়াৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৷ সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পাচতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া আগবঢ়ায় বিশ্ববিদ্যালয় কৰ্তৃপক্ষক তাৎক্ষণিকভাৱে এই সিদ্ধান্ত প্ৰত্যাহাৰৰ নিৰ্দেশ দিয়ে ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্দেশ প্ৰদান কৰাৰ পূৰ্বে বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া আগবঢ়ায় ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে ৷ এক সংবাদমেলযোগে বুধবাৰে অসম চৰকাৰ দেউলীয়া হৈছে যদি ঘোষণা কৰাৰ দাবী উত্থাপন কৰে প্ৰদেশ কংগ্ৰেছে ।

বুধবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই কয়, "অসম চৰকাৰে পুঁজিৰ যোগান ধৰিব নোৱাৰিলে কটন বিশ্ববিদ্যালয়ৰ দায়িত্ব অসমৰ ৰাইজে ল'ব । অসম চৰকাৰে কটন বিশ্ববিদ্যালয়ৰ দৰে এটা ঐতিহ্যক হত্যা কৰিব বিচাৰিছে ৷ কটন কলেজক বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হ'ল যদিও কোনো ধৰণৰ সুবিধা প্ৰদান নকৰাত পুঁজিৰ বাবে চৌহদৰ ভূমি বন্ধকত দিবলগীয়া পৰিস্থিতি আহি পৰিছে । ইয়াৰ বাবে কমিটি গঠন কৰিবলগীয়া হৈছে । কটন বিশ্ববিদ্যালয়ে পাব লগা পুঁজি ৰাজ্য চৰকাৰে আৱণ্টন দিয়া নাই । যাৰ বাবে নিজৰ ৰাজহ বৃদ্ধিৰ বাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই প্ৰথম সিদ্ধান্তটো লৈছে মাচুল বৃদ্ধি কৰা ।"

বৰাই লগতে কয়, "কেৱল কটন বিশ্ববিদ্যালয়ে নহয় উন্নীতকৰণ কৰা প্ৰতিখন বিশ্ববিদ্যালয়ে ৰাজহ বৃদ্ধিৰ বাবে এনেদৰে মাচুল বৃদ্ধি কৰিছে । নতুন শিক্ষা নীতিৰ আধাৰত চৰকাৰে অনুদান নিদিয়া বাবেই বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এনেদৰে ৰাজহ বৃদ্ধিৰ বাবে ব্যৱসায় কৰিবলৈ বাধ্য হৈছে । উচ্চ শিক্ষাক চৰকাৰে ব্যৱসায় কৰিব বিচাৰিছে আৰু প্ৰদেশ কংগ্ৰেছ ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে ।"

চৰকাৰে অন্য শিতানত পুঁজি ব্যয় ৰোধ কৰি উচ্চ শিক্ষাৰ ক্ষেত্রত পুঁজি ব্যয় কৰাৰ বাবে তেওঁ দাবী জনায় । তেওঁ কয় যে চৰকাৰে ৰাজ্যৰ উচ্চ শিক্ষাক ধ্বংস কৰিব বিচাৰিছে । বিশ্ববিদ্যালয়সমূহক ৰাজ্য চৰকাৰে বছৰি কিমান ধন আৱণ্টন দিয়ে তথা বিশ্ববিদ্যালয়সমূহক লৈ চৰকাৰখনৰ নীতি সন্দৰ্ভত শ্বেতপত্র প্ৰকাশৰ বাবে তেওঁ দাবী জনায় । বিশ্ববিদ্যালয়ৰ সম্পত্তি বন্ধকত দিয়া কাৰ্য বন্ধ কৰিব লাগে ।

বৰাই লগতে কয়, "শিক্ষামন্ত্রীয়ে চৰকাৰখন দেউলীয়া হোৱা বুলি ঘোষণা কৰাৰ লগতে উচ্চ শিক্ষাৰ বাবে পুঁজি আৱণ্টন দিব নোৱাৰো বুলি ঘোষণা কৰক । তেতিয়া নিশ্চয় অসমৰ ৰাইজে কটন বিশ্ববিদ্যালয়ক ৰক্ষা কৰাৰ দায়িত্ব ল'ব । এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ আঁৰত অভিসন্ধি আছে ৷ কেৱল কটন বিশ্ববিদ্যালয়ে নহয় ৰাজ্যৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহৰ বিশাল পৰিমাণৰ ভূমি আছে । সেই ভূমিসমূহ কোনোবাই অভিসন্ধি কৰি দখল কৰিব বিচাৰিছে । এয়া আৰম্ভণি ৷ এয়াই বিজেপি চৰকাৰৰ অমৃত কাল নেকি ?

সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সামাজিক মাধ্যম আৰু তথ্য প্ৰযুক্তি বিভাগৰ অধ্যক্ষ ৰাতুল কলিতা, প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ সাধাৰণ সম্পাদক গোপাল চন্দ্ৰ শৰ্মা উপস্থিত আছিল ।

লগতে পঢ়ক: ‘যদি চৰকাৰে চলাব নোৱাৰে তেন্তে হাত দাঙি দিয়ক’; কিয় খং উঠিছে কুলদা কুমাৰ ভট্টাচাৰ্যৰ ? - lease out Cotton University land

কটনৰ ভূমি ভাৰালৈ দিবলৈ নিদিয়ে চৰকাৰে: মুখ্যমন্ত্ৰীৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া - Lease Out Cotton University Land

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.