ETV Bharat / state

কটনৰ ভূমি ভাৰালৈ দিবলৈ নিদিয়ে চৰকাৰে: মুখ্যমন্ত্ৰীৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া - Lease Out Cotton University Land

author img

By ETV Bharat Assamese Team

Published : May 15, 2024, 4:45 PM IST

Updated : May 15, 2024, 5:46 PM IST

Cotton University: কটন বিশ্ববিদ্যালয়ৰ ভূমি ভাৰালৈ দিয়াৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া ৷ এনে সিদ্ধান্ত ল’বলৈ চৰকাৰে নিদিয়ে বুলি মন্তব্য ড৹ শৰ্মাৰ ৷

Cotton University
কটন বিশ্ববিদ্যালয়ৰ ভূমি ভাৰাত দিয়াৰ বিৰোধিতা মুখ্যমন্ত্ৰীৰ (Etv Bharat Assam)

গুৱাহাটী, 15 মে’: কটন বিশ্ববিদ্যালয়ৰ ভূমি ভাৰালৈ দিয়াৰ সিদ্ধান্তৰ বিৰুদ্ধে থিয় দিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ সামাজিক মাধ্যমযোগে এই সিদ্ধান্তৰ বিৰোধিতা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই তাৎক্ষণিকভাৱে এই সিদ্ধান্ত প্ৰত্যাহাৰৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত কয়, ‘‘কটন কলেজ বিশ্ববিদ্যালয়ে বহন কৰি আছে গৌৰৱোজ্জ্বল ইতিহাস ৷ ইয়াৰ কোনো সম্পত্তি ব্যক্তি বিশেষ, ব্যক্তিগত প্ৰতিষ্ঠান বা সংগঠনক ব্যৱহাৰ কৰাৰ অনুমতি নিদিয়ে অসম চৰকাৰে । বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এনে পদক্ষেপ তৎক্ষণাত বন্ধ কৰিব লাগিব ।’’

উল্লেখ্য যে শেহতীকৈ কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এক সিদ্ধান্ত লৈছিল যে ভাৰাত দিয়া হ’ব ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয়খনৰ চৌহদৰ ভূমি ৷ ইয়াৰ বাবে গঠনো কৰা হয় এখন ছজনীয়া সমিতি ৷ ৰাজহ সংগ্ৰহৰ বাবেই এই সিদ্ধান্ত লৈছিল বিশ্ববিদ্যালয়খনৰ কৰ্তৃপক্ষই ৷ চৰকাৰী অনুদান নোপোৱাৰ ফলতেই চৌহদ ভাৰা দিবলৈ ওলোৱা কাণ্ডই প্ৰতিক্ৰিয়া সৃষ্টি কৰে সমগ্ৰ ৰাজ্যত ৷ বিশ্ববিদ্যালয়খনৰ ছাত্ৰসমাজেও ইয়াৰ বিৰোধিতা কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা গৈছিল ৷

ৰাজ্যৰ উচ্চশিক্ষা বিভাগে বিশ্ববিদ্যালখনৰ ৰাজহ বৃদ্ধিৰ বাবে হেঁচা প্ৰয়োগ কৰি অহাৰ অভিযোগো উত্থাপিত হৈছে ৷ যাৰ পৰিপ্ৰেক্ষিতত বিশ্ববিদ্যালয়খনৰ ভূমি বাহিৰা ব্যক্তি অথবা প্ৰতিষ্ঠানক ভাৰালৈ দিয়াৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰি ১৩ মে'ত এক সমিতিও গঠন কৰে ৷ উক্ত সমিতিয়ে বিশ্ববিদ্যালয়ৰ ভিতৰৰ ভূমি কালৈ হস্তান্তৰ কৰিব সেই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণৰ কৰাৰ কথা আছিল ৷

কিন্তু বিষয়টোৱে সমগ্ৰ ৰাজ্যত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পিচত বুধবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিজৰ মত প্ৰকাশ কৰে সামাজিক মাধ্যমযোগে ৷ ঐতিহ্যমণ্ডিত কটনৰ ভূমি কাকো দিবলৈ দিয়া নহ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট মত প্ৰকাশ কৰে ৷ বিশ্ববিদ্যালয় কৰ্তৃপক্ষয়ো উক্ত সিদ্ধান্ত তাৎক্ষণিকভাৱে প্ৰত্যাহাৰৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷

লগতে পঢ়ক: ‘যদি চৰকাৰে চলাব নোৱাৰে তেন্তে হাত দাঙি দিয়ক’; কিয় খং উঠিছে কুলদা কুমাৰ ভট্টাচাৰ্যৰ ?

Last Updated : May 15, 2024, 5:46 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.