ETV Bharat / state

World Disability Day: নগাঁৱত প্ৰতিবন্ধী সন্থাৰ সংবাদমেল

author img

By

Published : Nov 27, 2021, 3:32 PM IST

নগাঁৱত বিশ্ব প্ৰতিবন্ধী দিৱস উদযাপন (World Disability Day Celebrate in Nagaon)ৰ ব্যাপক প্ৰস্তুতি । উন্মোচিত হ'ব স্মৰণিকা "প্ৰত্যাশা"। প্ৰতিবন্ধী শিল্পীৰ দ্বাৰা প্ৰদৰ্শিত হ'ব সাংস্কৃতিক অনুষ্ঠান "স্নেহবন্ধন"। নগাঁৱত অনুষ্ঠিত প্ৰতিবন্ধী সন্থাৰ এক সংবাদ মেলত এই কথা সদৰি কৰিলে নগাঁও প্ৰতিবন্ধী দিৱস(Disability Day Celebrate in Nagaon ) উদযাপন সমিতি'ৰ উদ্যোক্তা সকলে ৷

Press conference of Disabled Association in Nagaon
নগাঁৱত প্ৰতিবন্ধী সন্থাৰ সংবাদ মেল

নগাঁও, 27 নৱেম্বৰ : নগাঁও প্ৰতিবন্ধী দিৱস(disability day celebration committee of nagaon) উদযাপন সমিতি'ৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত অহা 3 আৰু 4 ডিচেম্বৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে নগাঁৱৰ ঐতিহ্যমণ্ডিত মাজপাঠৰি উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰ প্ৰাংগণত 'বিশ্ব প্ৰতিবন্ধী দিৱস'(World Disability Day) উদযাপনৰ প্ৰস্তুতি চলোৱা হৈছে ৷ শাৰীৰিক আৰু মানসিকভাৱে প্ৰতিবন্ধকতাৰ সন্মুখীন হোৱা বিশেষভাৱে সক্ষম লোকসকলৰ কল্যাণ কামনাৰে তেওঁলোকৰ সৃষ্টিশীল প্ৰতিভাক সন্মান জনোৱা, সহমৰ্মিতা প্ৰকাশ কৰা তথা উৎসাহ-উদ্দীপনাৰে মনোবল বৃদ্ধিত অৰিহনা যোগোৱাৰ দৰে এক মহৎ উদ্দেশ্য আগত ৰাখি অনুষ্ঠিতব্য উক্ত অনুষ্ঠান সাফল্যমণ্ডিত কৰিবলৈ ৰাইজৰ গঠনমূলক দিহা-পৰামৰ্শ, আন্তৰিকতাপূৰ্ণ সহায়-সহযোগিতা সংবাদ মাধ্যমৰ জৰিয়তে উদ্যোক্তা সকলে কামনা কৰিছে ৷

দিব্যাংগ লোক সকলৰ অনন্য প্ৰতিভা প্ৰদৰ্শনৰ ক্ষেত্ৰত এক উমৈহতীয়া মঞ্চৰ জৰিয়তে সুযোগ আৰু প্ৰেৰণা দিবলৈ বঢ়মপুৰ আৰু নগাঁও সদৰ সমষ্টিৰ বিধায়ক ক্ৰমে জিতু গোস্বামী আৰু ৰূপক শৰ্মাৰ মুখ্য পৃষ্ঠপোষকতাত সমাজৰ বিভিন্ন ক্ষেত্ৰৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত লোকৰ দ্বাৰা ইতিমধ্যে গঠন কৰা হৈছে এখন পূৰ্ণাংগ সমিতি ৷

কাৰ্যসূচী অনুসৰি 3 ডিচেম্বৰৰ পুৱা 7.30 বজাত পৰিৱেশ নিকাকৰণ, 9 বজাত সমিতিৰ পতাকা উত্তোলন, 9.15 বজাত বন্তি প্ৰজ্জ্বলন, 9.30 বজাত গছপুলি ৰোপণ, 10 বজাত স্মৃতিচাৰণ অনুষ্ঠান, 10.30 বজাত লঘু আহাৰ বিতৰণ, 11 বজাত উদযাপন সমিতিৰ বিশেষ কাৰ্যকৰী সভা আৰু সন্ধিয়া 5 বজাত বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়িত হ'ব ৷

4 ডিচেম্বৰৰ কাৰ্যসূচী অনুসৰি পুৱা 10 বজাত দিব্যাংগসকলৰ নাম পঞ্জীকৰণ, 11 বজাত দিব্যাংগসকলৰ চিনাকী পৰ্ব আৰু আদৰণি অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব ৷

বঢ়মপুৰ বিধানসভা সমষ্টিৰ বিধায়ক জিতু গোস্বামীক মুখ্য অতিথি হিচাপে আমন্ত্ৰণ কৰা উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব নগাঁও জিলাৰ নৱ নিযুক্ত উপায়ুক্ত নিসৰ্গ হিৱৰে(Deputy Commissioner Nisarg Hivare, IAS) আৰু নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ(Superintendent of Police in Nagaon district of Assam Anand Mishra) ৷

দিব্যাংগসকলৰ ক্ষেত্ৰত চৰকাৰৰ বিভিন্ন আঁচনি, আইন সাহায্য, শিক্ষাগ্ৰহণৰ অধিকাৰ তথা প্ৰতিভা বিকাশৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ উদ্দেশ্যে অনুপ্ৰাণিত কৰিবলৈ সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব ক্ৰমে সৰ্বশিক্ষা মিছনৰ নগাঁও জিলা আঁচনি বিষয়া শ্ৰুতিমালা গায়ন, বিশিষ্ট মানৱ অধিকাৰ কৰ্মী ড° সীমা বৰা আৰু নিৰ্দ্দিষ্ট অতিথি হিচাপে নগাঁও জিলা সমাজ কল্যাণ বিষয়া ৰুবী কলিতা ৷

দুপৰীয়া 12.30 বজাত অনুষ্ঠিতব্য অনুষ্ঠানতে স্মৰণিকা “প্ৰত্যাশা” উন্মোচন কৰা হ'ব ৷ উন্মোচন কৰিব বিশিষ্ট সাহিত্যিক,শিক্ষাবিদ উপেন্দ্ৰ বৰকটকীয়ে ৷ সন্ধিয়া 4.30 বজাত বন্তি প্ৰজ্বলন আৰু সন্ধিয়া 5 বজাত বিশেষভাৱে সক্ষম লোকৰ দ্বাৰা পৰিৱেশিত হ'ব সাংস্কৃতিক অনুষ্ঠান “স্নেহবন্ধন” ৷ অনুষ্ঠানৰ মুখ্য আকৰ্ষণ হ'ব দিব্যাংগ (দৃষ্টিহীন) কণ্ঠশিল্পী বিমান পাটৰ, দিগন্ত নাথ, বিনীত বৰা, ৰূপজ্যোতি গায়ন আৰু একাদশী মণ্ডলৰ লগতে পূজা শৰ্মা আৰু নিষ্ঠাজিতা শইকীয়াৰ গীত পৰিৱেশন ৷

উক্ত অনুষ্ঠানতে সাংবাদিক নীলৰঞ্জন শৰ্মাৰ পৰিকল্পনা আৰু পৰিচালনাত দুখনকৈ নাট ক্ৰমে “পাৱাৰ অব ইণ্ডিয়া” আৰু “স্বচ্ছতালৈ এখোজ” মঞ্চস্থ কৰিব বধিৰ নাট্যশিল্পীসকলে (disabled theatre artist) ৷ স্নেহবন্ধন অনুষ্ঠানটি আঁত ধৰিব প্ৰতিবন্ধী কথাশিল্পী জ্যোতিকা শইকীয়াই ৷ লগতে বিশ্ব প্ৰতিবন্ধী দিৱস(International Day of Disabled Persons)ৰ সমূহ কাৰ্যসূচীত ৰাইজৰ উপস্থিতি উদ্যোক্তাসকলে বিনম্ৰতাৰে কামনা কৰে ৷

লগতে পঢ়ক : নগাঁও জিলা সাহিত্য সভাৰ সোণালী জয়ন্তী উদযাপন সাধাৰণ সভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.