ETV Bharat / bharat

শোৱাপাটীতে পৰিয়ালৰ 7 সদস্যক কুঠাৰেৰে কাটি হত্যা, তাৰ পিচত কৰিলে আত্মহত্যা - Mass murder of 8 people

author img

By ETV Bharat Assamese Team

Published : May 29, 2024, 9:55 AM IST

Updated : May 29, 2024, 11:07 AM IST

8 PEOPLE MURDERED IN CHHINDWARA: মধ্যপ্ৰদেশৰ ছিন্দৱাৰাত গণহত্যাৰ ঘটনা পোহৰলৈ আহিছে ৷ গণহত্যাৰ বলি হ’ল একে পৰিয়ালৰ আঠজন লোক ৷

Etv BharatChhindwara murder case
শোৱাপাটীতে পৰিয়ালৰ 7 সদস্যক কুঠাৰেৰে কাটি হত্যা, তাৰ পিচত কৰিলে আত্মহত্যা (Etv Bharat Assam)

নেশ্যনেল ডেস্ক, 29 মে’ : মধ্যপ্ৰদেশৰ ছিন্দৱাৰা জিলাত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৷ জনজাতীয় অধ্যুষিত অঞ্চল বোদাল কছাৰ গাঁৱত এটা জনজাতীয় পৰিয়ালৰ আঠজন সদস্যৰ মৃত্যুৰ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ একে পৰিয়ালৰ 7 জনক প্ৰথমে কুঠাৰেৰে কাটি হত্যা কৰাৰ পিচতে ঘৰখনৰ মুৰব্বীগৰাকীয়ে ফাঁচী লৈ আত্মহত্যা কৰে ৷ এতিয়ালৈ হত্যাৰ আঁৰৰ কাৰণ জানিব পৰা হোৱা নাই ৷

হত্যাৰ কাৰণ কি হ'ব পাৰে ?

এই ঘটনাই গাঁওখনত আতংকৰ সৃষ্টি কৰিছে । গাঁওবাসীয়ে এই হত্যাকাণ্ডৰ সন্দৰ্ভত কয় যে, পৰিয়ালটোৰ মুৰব্বীজন মানসিকভাৱে বিকাৰগ্ৰস্ত আছিল । তেওঁ খং নিয়ন্ত্ৰণ কৰিব নোৱাৰি পৰিয়ালৰ 7 গৰাকী লোকক নৃশংসভাৱে হত্যা কৰি আত্মহত্যাৰ পথ বাচি লয় ৷

প্ৰথম পত্নী, তাৰ পিচত ভগ্নী-মাতৃ, সন্তানক হত্যা :

আৰক্ষীৰ প্ৰাথমিক তথ্য অনুসৰি, অভিযুক্তটোৱে প্ৰথমে তেওঁৰ পত্নীক কুঠাৰেৰে কাটিছিল, তাৰ পিছত তেওঁৰ মাক, ভায়েক, ভগ্নী আৰু সন্তানক এটা এটাকৈ হত্যা কৰিছিল । তাৰ পিচত অভিযুক্তটোৱে পৰিয়ালৰ 10 বছৰীয়া কিশোৰ এটিক আক্ৰমণ কৰে ৷ কিন্তু কোনোমতে কণমানিটোৱে নিজৰ প্ৰাণৰক্ষা কৰিবলৈ সক্ষম হয় ৷ তাৰ পিচতে চুবুৰীয়া লোকক সমগ্ৰ ঘটনা বৰ্ণনা কৰে কিশোৰটোৱে ৷

ইয়াৰ পিছত, গাওঁবাসীয়ে আৰক্ষীক এই গণহত্যাৰ বিষয়ে অৱগত কৰে । ঘটনাটো পুৱা প্ৰায় 3 বজাত সংঘটিত হৈছিল ৷ শুই থকা অৱস্থাতে অভিযুক্তটোৱে কুঠাৰ লৈ মাতৃ (55), ভাতৃ (35), ভগ্নী (30), ভগ্নী(16), ভতিজা (5), দুগৰাকী ভতিজী (4 আৰু ডেৰ বছৰ) ডিঙি কাটি হত্যা কৰিছিল ৷

এই জঘন্য হত্যাকাণ্ডৰ তথ্য লাভ কৰাৰ পিচতে মহুলাজিৰ আৰক্ষী আৰু ছিন্দৱাৰাৰ জ্যেষ্ঠ আৰক্ষী বিষয়াসকল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহকেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গাঁওবাসীক সোধা-পোছা অব্যাহত ৰাখিছে ৷

অভিযুক্তটোৱে যোৱা 8 দিনৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল

আৰক্ষী অধীক্ষক মনীষ খত্ৰীয়ে কয়, "অভিযুক্তটোৱে যোৱা 21 মে'ত বিবাহপাশত আৱদ্ধ হৈছিল । অভিযুক্তটো মানসিকভাৱে অসুস্থ আছিল ।"

লগতে পঢ়ক: ৰাজপথত বাগৰিল দ্ৰুতবেগী বাহন: থিতাতে নিহত দুজন - ROAD ACCIDENT

Last Updated : May 29, 2024, 11:07 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.