Santosh Hojai murder case : কনিষ্টবল, আৰক্ষী বিষয়াসহ ৭ জনৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল

author img

By

Published : Nov 27, 2021, 6:52 PM IST

CID filed charge sheet on Santosh Hojai murder case

ঠিকাদাৰ সন্তোষ হোজাইৰ অপহৰণ আৰু হত্যাকাণ্ডৰ অভিযোগত কনিষ্টবল, আৰক্ষী বিষয়াসহ ৭ জনৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল চি আই ডিৰ(CID filed charge sheet on Santosh Hojai murder case)। ডিমা হাছাও জিলাৰ তৎকালীন আৰক্ষী অধীক্ষক বীৰবিক্ৰম গগৈ আৰু উপ-আৰক্ষী অধীক্ষক সূৰ্যকান্ত মৰাণ হত্যাকাণ্ডৰে জড়িত থকাৰ অভিযোগ । গুৱাহাটী উচ্চ ন্যায়ালয়ত চাৰ্জশ্বীট দাখিল কৰিছে চি আই ডিয়ে ।

ডিমা হাছাও, ২৭ নৱেম্বৰ: হত্যাকাৰীৰ ৰূপত আইনৰ ৰক্ষক । ঠিকাদাৰ সন্তোষ হোজাইৰ অপহৰণ আৰু হত্যাকাণ্ড সন্দৰ্ভত চি আই ডিয়ে চলোৱা তদন্তত পোহৰলৈ আহিছে বহু চাঞ্চল্যকৰ তথ্য (Santosh Hojai murder case investigation) । শেহতীয়াকৈ কনিষ্টবল, আৰক্ষী বিষয়াসহ ৭ জনৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত চাৰ্জশ্বীট দাখিল কৰিলে চি আই ডিয়ে (CID filed charge sheet against seven persons) । ডিমা হাছাও জিলাৰ সাধাৰণ লোক আৰু বিভিন্ন সংগঠনে এই হত্যাকাণ্ডৰে আৰক্ষী বিষয়া জড়িত থকাৰ অভিযোগ উত্থাপন কৰি আহিছিল ।

CID filed charge sheet on Santosh Hojai murder case
সন্তোষ হোজাই হত্যাকাণ্ড সন্দৰ্ভত ৭ জনৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল CIDৰ

ঠিকাদাৰ সন্তোষ হোজাইৰ অপহৰণ আৰু হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত ডিমা হাছাও জিলাৰ তৎকালীন আৰক্ষী অধীক্ষক বীৰবিক্ৰম গগৈ আৰু উপ-আৰক্ষী অধীক্ষক সূৰ্যকান্ত মৰাণৰ বিৰুদ্ধে চি আই ডিয়ে চাৰ্জশ্বীট দাখিল কৰিছে (Charge sheet filed against Assam police officers) । উল্লেখ্য যে, ২০২০ চনৰ ২৪ এপ্ৰিলত লকডাউনৰ সময়তে ডিমা হাছাও জিলাৰ হাৰেংগাজাও আৰক্ষী থানাৰ অন্তৰ্গত দামদিহাওৰ গাঁৱৰ পৰা ঠিকাদাৰ তথা উগ্ৰপন্থী সংগঠন ডিএইচডিৰ প্ৰাক্তন সদস্য সন্তোষ হোজাইক তেওঁৰ বাসগৃহৰ পৰা ৫-৬ জনীয়া দুৰ্বৃত্তৰ দলে অপহৰণ কৰি নিছিল । তেতিয়া সন্তোষ হোজাইৰ পত্নীয়ে উত্থাপন অভিযোগ কৰিছিল যে, তেওঁৰ স্বামীক অপহৰণ কৰি লৈ গৈছিল উপ-আৰক্ষী অধীক্ষক সূৰ্যকান্ত মৰাণে ।

CID filed charge sheet on Santosh Hojai murder case
সন্তোষ হোজাই হত্যাকাণ্ড সন্দৰ্ভত ৭ জনৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল CIDৰ

ইয়াৰ পিছতে ৩০ এপ্ৰিলত ডিমা হাছাও জিলাৰ লাংটিং আৰক্ষী থানাৰ অন্তৰ্গত লাইলিং সংৰক্ষিত বনাঞ্চলত মাটিৰ তলত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰা হৈছিল ঠিকাদাৰ সন্তোষ হোজাইৰ মৃতদেহ । এতিয়া এই ঘটনা সন্দৰ্ভত চিআইডিয়ে দাখিল কৰা চার্জশ্বীটত উল্লেখ কৰা হৈছে যে, ডিএনএলএ উগ্ৰপন্থী সংগঠনৰ সদস্য এলভিন হোজায়ে তেতিয়াৰ আৰক্ষী অধীক্ষক বীৰবিক্ৰম গগৈক জনাইছিল যে, সন্তোষ হোজায়ে ডিএনএলক অস্ত্ৰ-শস্ত্ৰ যোগান ধৰি সহায় কৰে ।

সেয়ে, আৰক্ষীয়ে সন্তোষ হোজাইক ঘৰৰ পৰা আনি হাফলং আৰক্ষী অতিথিশালাত আৰু চৰকাৰী বাগান আৰক্ষী থানাত ৰাখি অমানৱীয় নিৰ্যাতন চলাইছিল । পিছত তেওঁক নিৰ্মমভাৱে হত্যা কৰিছিল । তাৰ পিছতে সূৰ্যকান্ত মৰাণে মাইবাং পেট্ৰ'ল পাম্পৰ পৰা পেট্ৰ'ল লৈ আনি লাইলিং সংৰক্ষিত বনাঞ্চলত সন্তোষ হোজাইৰ মৃতদেহ পেট্ৰ'ল ঢালি জ্বলাই দিয়ে ।

ইতিমধ্যে চি আই ডিয়ে সন্তোষ হোজাই হত্যাৰ লগত জড়িত থকাৰ অভিযোগত দুগৰাকী কনিষ্টবল আৰু ডিএনএলএ উগ্ৰপন্থী সংগঠনৰ সদস্য এলভিন হোজাইক ডিমাপুৰৰ পৰা গ্ৰেপ্তাৰ কৰিছে । কিন্তু তেতিয়াৰ আৰক্ষী অধীক্ষক বীৰবিক্ৰম গগৈ আৰু উপ-আৰক্ষী অধীক্ষক সূৰ্যকান্ত মৰাণৰ লগতে আন তিনি গৰাকী আৰক্ষীয়ে আগতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা জামিন লৈ মুক্ত হৈ আছে ।

লগতে পঢ়ক:গোলাঘাটৰ বৰপথাৰত নকল সোণ(duplicate gold seized) সহ তিনি আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.