Oil tanker fire incident at Burhapahar: দুৰ্ঘটনাৰ তদন্তৰ বাবে উপস্থিত আনন্দ মিশ্ৰ

By

Published : Nov 27, 2021, 2:06 PM IST

thumbnail

সঘনাই দুৰ্ঘটনা সংঘটিত বুঢ়াপাহাৰ অঞ্চলত শুকুৰবাৰে পুনৰ এখন অইল টেংকাৰ ভষ্মীভূত (oil tanker fire incident at Burhapahar) হোৱা ঘটনাৰ তদন্তৰ বাবে বুঢ়াপাহাৰত উপস্থিত হয় নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ (Anand Mishra visits Burhapahar)৷ ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনাটোৰ কাৰণ পৰ্যালোচনা কৰে আৰক্ষী অধীক্ষক গৰাকীয়ে ৷ সম্প্ৰতি দুৰ্ঘটনাগ্ৰস্ত টেংকাৰখনৰ চালক আৰু হেণ্ডিমেন দুয়োজনেই পলাতক হৈ আছে, দুয়োকে কৰায়ত্ব কৰিলেহে প্ৰকৃত কাৰণ পোহৰলৈ আহিব বুলি জনায় আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ৷ লগতে বুঢ়াপাহাৰত চালকে ইচ্ছাকৃতভাৱে দুৰ্ঘটনা সংঘটিত কৰে বুলি এক সূত্ৰৰ আঁত ধৰিয়েই এই বিষয়ে তদন্ত চলোৱাৰ কথাও প্ৰকাশ কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.