আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰাৰ বাবেই গুলীচালনা - Police Encounter - POLICE ENCOUNTER

🎬 Watch Now: Feature Video

thumbnail
হোজাই অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (ETV BHARAT ASSAM)

By ETV Bharat Assamese Team

Published : May 31, 2024 at 9:23 PM IST

1 Min Read
Choose ETV Bharat

হোজাই, ৩১ মে’: হোজাই আৰক্ষীৰ গুলীত ড্ৰাগছ মাফিয়া আহত হোৱা ঘটনাসন্দৰ্ভত মুখ খুলিলে আৰক্ষীয়ে । হোজাই অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পল্লৱ তামুলীয়ে এই সন্দৰ্ভত কয় যে আৰক্ষীয়ে কৰায়ত্ব কৰাৰ পাচতেই আৰক্ষীৰ দলটোক আক্ৰমণ কৰি পলায়নৰ চেষ্টা চলাইছিল ড্ৰাগছ বেপাৰী চাহাব উদ্দিনে । সেয়েহে আৰক্ষীয়ে অনিচ্ছা সত্বেও ড্ৰাগছ বেপাৰী চাহাব উদ্দিনলৈ লক্ষ্য় কৰি গুলীচালনা কৰিবলৈ বাধ্য় হয় । ড্ৰাগছ বেপাৰী চাহাব উদ্দিনক নখুটিৰ ৰামছিং গাঁৱত ড্ৰাগছভৰ্তি ১০ টা চাবোনৰ বাকচসহ নিশা গ্ৰেপ্তাৰ কৰি অনাৰ সময়ত আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোতে আৰক্ষীয়ে গুলীচালনা কৰা বুলি কয় অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে ।

উল্লেখ্য় যে বৃহস্পতিবাৰে নিশা লংকা থানাৰ আৰক্ষীৰ এটা দলে অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় চাহাব উদ্দিন নামৰ ড্ৰাগছ বেপাৰীটোক । আৰক্ষীয়ে কৰায়ত্ব কৰাৰ পাচতেই আৰক্ষীৰ দলটোক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰে ড্ৰাগছ বেপাৰী চাহাব উদ্দিনে ।  

লগতে পঢ়ক:আৰক্ষীৰ গুলীত নিহত দুর্ধর্ষ ডকাইত - Police Encounter

যোৰহাটত আৰক্ষীৰ গুলীয়ে বুকু ভেদিলে চোৰৰ - Police Encounter

ABOUT THE AUTHOR

...view details