ETV Bharat / city

Special examination for Grade IV PWD: 511টা চতুৰ্থ বৰ্গৰ পদৰ বিশেষ পৰীক্ষাৰ নিযুক্তিক লৈ প্ৰতিবাদ

author img

By

Published : Oct 17, 2022, 9:41 PM IST

protest-against-results-of-exam-for-pwd-recruitment
511টা চতুৰ্থ বৰ্গৰ পদৰ বিশেষ পৰীক্ষাৰ নিযুক্তিক লৈ প্ৰতিবাদ

বিগত 2018 চনৰ ডিচেম্বৰত প্ৰকাশিত বিজ্ঞাপন অনুসৰি গুৱাহাটী বিশ্ববিদ্যালয়ে 511টা চতুৰ্থ বৰ্গৰ পদৰ বিশেষ পৰীক্ষা (Special examination for Grade IV PWD) অনুষ্ঠিত কৰিছিল ৷ তাৰ পিছত 6 মাহ ওকলাৰ পিছতো আজিপৰ্যন্ত নহ’ল এই পৰীক্ষাৰ নিযুক্তি ৷ ফলত গুৱাহাটী বিশ্ববিদ্যালয়ত সোমবাৰে প্ৰতিবন্ধী সুৰক্ষা সংস্থাই প্ৰতিবাদ সাব্যস্ত কৰে (Protest against results of exam for PwD recruitment) ৷

গুৱাহাটী, 17 অক্টোবৰ: ৰাজ্যত বিতৰ্কৰ মাজত মাজত সোমাই পৰিছে এটাৰ পিছত আনটো নিযুক্তি প্ৰক্ৰিয়া ৷ এইবাৰ নিযুক্তি বিতৰ্কত নাম সাঙোৰ খাই পৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৷ উল্লেখযোগ্য যে, বিগত 2018 চনৰ ডিচেম্বৰত প্ৰকাশিত বিজ্ঞাপন অনুসৰি গুৱাহাটী বিশ্ববিদ্যালয়ে 511টা চতুৰ্থ বৰ্গৰ পদৰ বিশেষ পৰীক্ষা (Special examination for Grade IV PWD) অনুষ্ঠিত কৰিছিল ৷ 2021 চনত অনুষ্ঠিত কৰিছিল এই বিশেষ পৰীক্ষা ৷

পিছে আজি পৰ্যন্ত ঘোষণা নহ’ল এই পৰীক্ষাৰ ফলাফল ৷ ফলত ক্ষোভিত হৈ পৰিছে পৰিছে পৰীক্ষাৰ্থীসকল ৷ স্বচ্ছতাৰে এই নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰাৰ দাবী কৰা গুৱাহাটী বিশ্ববিদ্যালয়ত সোমবাৰে প্ৰতিবন্ধী সুৰক্ষা সংস্থাই প্ৰতিবাদ সাব্যস্ত কৰে (Protest against results of exam for PwD recruitment) ৷ কিয়নো বিগত 2021 চনত অনুষ্ঠিত হোৱা এই বিশেষৰ 2022 চনৰ 26 এপ্ৰিলত ফলাফল ঘোষণা হৈছিল ৷

protest-against-results-of-exam-for-pwd-recruitment
511টা চতুৰ্থ বৰ্গৰ পদৰ বিশেষ পৰীক্ষাৰ নিযুক্তিক লৈ প্ৰতিবাদ

ফলাফলত গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিসংগতি পূৰ্ণ তালিকা প্ৰকাশ কৰাৰ অভিযোগ উত্থাপন হৈছিল ৷ ইয়াৰ পিছতেই এই বিশেষ পৰীক্ষাৰ নিযুক্তি স্থগিত ৰখা হৈছিল (Alleged in results of exam for PwD recruitment) ৷

তাৰ পিছত 6 মাহ ওকলাৰ পিছতো আজিপৰ্যন্ত নহ’ল এই পৰীক্ষাৰ নিযুক্তি ৷ ফলত উপায়ন্ত হৈ আজি গুৱাহাটী বিশ্ববিদ্যালয়ত প্ৰতিবন্ধী সুৰক্ষা সংস্থাই প্ৰতিবাদ সাব্যস্ত কৰি বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে ৷ ইফালে সোমবাৰে আৰক্ষীৰ কনিষ্টবল পৰীক্ষাত ভুৱা কম্পিউটাৰ নথি দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল পৰীক্ষাৰ্থী । কম্পিউটাৰৰ নথিপত্ৰ জালিয়াতি কৰা 8 জন প্ৰাৰ্থী গ্ৰেপ্তাৰ কৰা হয় ৷

ইতিমধ্যে AB-UBৰ পৰীক্ষাত উত্তীৰ্ণ 100 জন প্ৰাৰ্থীক CIDয়ে 5/22 নম্বৰ গোচৰত তদন্ত চলাই চমন জাৰি কৰিছে (100 selected candidates summoned by CID) ৷ CIDৰ কাৰ্যালয়লৈ তলব কৰা প্ৰাৰ্থীসকলৰ ভিতৰত 5-6 গৰাকীয়ে চাকৰি লাভ কৰি সম্প্ৰতি প্ৰশিক্ষণ ব্যস্ত ৷ বৰপেটা, বঙাইগাঁও, ধুবুৰী, নলবাৰী, নগাঁও, যোৰহাট, শিৱসাগৰত CID য়ে অভিযান চলাই 66 জন প্ৰাৰ্থীৰ বিৰুদ্ধে তথ্য প্ৰমাণ পোৱা বুলিও জানিবলৈ দিয়ে ৷

511টা চতুৰ্থ বৰ্গৰ পদৰ বিশেষ পৰীক্ষাৰ নিযুক্তিক লৈ প্ৰতিবাদ

বিগত 20 ফেব্ৰুৱাৰী, 27 ফেব্ৰুৱাৰী আৰু 27 এপ্ৰিলত এই পৰীক্ষা অনুষ্ঠিত হৈছিল ৷ মনকৰিবলগীয়া যে, ইয়াৰ পূৰ্বেও CID য়ে প্ৰাৰ্থীসকলক উলুবাৰীত থকা CID ৰ কাৰ্যালয়লৈ মাতি কম্পিউটাৰ প্ৰমাণপত্ৰ ভেৰিফিকেচন কৰিছিল (Assam Police SI recruitment scam) ৷ বৰ্তমানেও CID কাৰ্যালয়ত জেৰা অব্যাহত আছে । সম্প্ৰতি প্ৰমাণপত্ৰ জালিয়াতি কৰা বহু প্ৰাৰ্থী গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক: Assam Police Recruitment: অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ ১০০ প্ৰাৰ্থীক তলব CIDৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.