ETV Bharat / state

Assam Police Recruitment: অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ ১০০ প্ৰাৰ্থীক তলব CIDৰ

author img

By

Published : Oct 17, 2022, 3:07 PM IST

Updated : Oct 17, 2022, 8:57 PM IST

100 selected candidates of Assam Police Recruitment summoned by CID
অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ ১০০ প্ৰাৰ্থীক তলব CIDৰ

পুনৰ বিতৰ্কত নিযুক্তি প্ৰক্ৰিয়া ৷ এইবাৰ অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ ১০০ জন প্ৰাৰ্থীক তলব CIDৰ (100 selected candidates summoned by CID) ৷

গুৱাহাটী, ১৭ অক্টোবৰ: পুনৰ বিতৰ্কত নিযুক্তি প্ৰক্ৰিয়া ৷ সম্প্ৰতি অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়া লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদৰ লগতে চৰ্চাৰ বিষয় হৈ পৰিছে । যিসময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দিছিল গণি গণি এক লাখ নিবনুৱাক চাকৰিত নিযুক্তিৰ (One lakh jobs assurance) ৷ সেইসময়তে আকৌ বিতৰ্কৰ মাজত সোমাই পৰিছে নিযুক্তি প্ৰক্ৰিয়া ৷

সোমবাৰে আৰক্ষীৰ কনিষ্টবল পৰীক্ষাত ভুৱা কম্পিউটাৰ নথি দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল পৰীক্ষাৰ্থী । কম্পিউটাৰৰ নথিপত্ৰ জালিয়াতি কৰা আঠ জন প্ৰাৰ্থী গ্ৰেপ্তাৰ (8 candidates arrested) হোৱা ঘটনাই সম্প্ৰতি চৰ্চা লাভ কৰিছে ৷ ইতিমধ্যে AB-UBৰ পৰীক্ষাত উত্তীৰ্ণ ১০০ জন প্ৰাৰ্থীক CIDয়ে ৫/২২ নম্বৰ গোচৰত তদন্ত চলাই চমন জাৰি কৰিছে (100 selected candidates summoned by CID) ৷

CIDৰ কাৰ্যালয়লৈ তলব কৰা প্ৰাৰ্থীসকলৰ ভিতৰত ৫-৬ গৰাকীয়ে চাকৰি লাভ কৰি সম্প্ৰতি প্ৰশিক্ষণ ব্যস্ত ৷ বৰপেটা, বঙাইগাঁও, ধুবুৰী, নলবাৰী, নগাঁও, যোৰহাট, শিৱসাগৰত CIDয়ে অভিযান চলাই ৬৬ জন প্ৰাৰ্থীৰ বিৰুদ্ধে তথ্য প্ৰমাণ পোৱা বুলিও জানিবলৈ দিয়ে ৷ ইয়াৰ ভিতৰত বৰপেটা আৰু হোজাই, লংকাত আটাইতকৈ বেছি ভুৱা চাৰ্টিফিকেট লোৱা প্ৰাৰ্থী আছে বুলি জানিব পৰা গৈছে ৷

উল্লেখযোগ্য যে, ৪১৪ জন প্ৰাৰ্থীৰ বিৰুদ্ধে আছিল ভুৱা কম্পিউটাৰ নথি দিয়াৰ অভিযোগ (Computer certificates of 414 candidates were fake) । এই প্ৰাৰ্থীসকলে কম্পিউটাৰৰ পাঠ্যক্ৰম গ্ৰহণ নকৰাকৈ উলিয়াইছিল ভুৱা চাৰ্টিফিকেট । এই বিষয় সন্দৰ্ভত চি আই ডিত ৫/২২ নম্বৰত এটি গোচৰ ৰুজু হৈছিল । বিগত ২০, ২৭ ফেব্ৰুৱাৰী আৰু ২৪ এপ্ৰিলত এই পৰীক্ষা অনুষ্ঠিত হৈছিল (Assam Police SI recruitment scam) ৷

মনকৰিবলগীয়া যে, ইয়াৰ পূৰ্বেও CID য়ে প্ৰাৰ্থীসকলক উলুবাৰীত থকা CID ৰ কাৰ্যালয়লৈ মাতি কম্পিউটাৰ প্ৰমাণপত্ৰ ভেৰিফিকেচন কৰিছিল ৷ বৰ্তমানেও CID কাৰ্যালয়ত জেৰা অব্যাহত আছে । সম্প্ৰতি প্ৰমাণপত্ৰ জালিয়াতি কৰা বহু প্ৰাৰ্থী গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক: Breaking News: উৎকোচ লৈ হাতে লোটে গ্ৰেপ্তাৰ ৰে’লৱে বিভাগৰ বিষয়া

Last Updated :Oct 17, 2022, 8:57 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.