ETV Bharat / state

Railway officer arrested: উৎকোচ লৈ হাতে লোটে গ্ৰেপ্তাৰ ৰে’লৱে বিভাগৰ বিষয়া

author img

By

Published : Oct 17, 2022, 3:45 PM IST

Updated : Oct 17, 2022, 10:15 PM IST

Railway officer arrested while taking bribe at Rangia
উৎকোচ লৈ হাতে লোটে গ্ৰেপ্তাৰ ৰে’লৱে বিভাগৰ বিষয়া

ৰাজ্যত ইটোৰ পিছত সিটোকৈ ঘোচখোৰ বিষয়া জালত পৰিছে দুৰ্নীতি নিবাৰক শাখাৰ (Vigilance and Anti Corruption Assam) ৷ এইবাৰ দুৰ্নীতি নিবাৰক শাখাই হাতে-লোটে গ্ৰেপ্তাৰ কৰে ৰঙিয়া ৰে’লৱেৰ শ্ৰম কল্যাণ বিভাগৰ এজন ঘোচখোৰ পৰিদৰ্শকক (Railway officer arrested while taking bribe ) ৷

ৰঙিয়া, 17 অক্টোবৰ: ৰাজ্য চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ হৈছে প্ৰশাসন ৷ ৰাজ্যত ইজনৰ পিছত সিজন ঘোচখোৰ বিষয়া জালত পৰিছে দুৰ্নীতি নিবাৰক শাখাৰ (Anti corruption branch raid in Assam) ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma) নেতৃত্বাধীন বিজেপি চৰকাৰখনে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ সময়তে ৰাজ্যৰ বিভিন্ন স্থানত নিতৌ গ্ৰেপ্তাৰ হৈছে দুৰ্নীতিপৰায়ণ চৰকাৰী বিষয়া-কৰ্মচাৰী (Vigilance and Anti Corruption Assam) ৷

এইবাৰ ৰঙিয়াত চলিল দুৰ্নীতি নিবাৰক শাখাৰ অভিযান ৷ উৎকোচ লৈ হাতে লোটে গ্ৰেপ্তাৰ হ’ল ৰে’লৱে বিভাগৰ বিষয়া ৷ অনুকম্পা মূলক চাকৰিৰ মেডিকেল ৰিপোৰ্টৰ নামত উৎকোচ লোৱাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাৰ হাতত হাতে লোটে ধৰা পৰে ৰে’লৱে বিভাগৰ বিষয়াজন ৷ গ্ৰেপ্তাৰ হোৱা ৰে’লৱে বিভাগৰ বিষয়াজন ৰঙিয়া ৰে’লৱেৰ শ্ৰম কল্যাণ বিভাগৰ পৰিদৰ্শক ৰবীন দাস বুলি জানিব পৰা গৈছে (Railway officer arrested while taking bribe) ৷ অনুকম্পা মূলক চাকৰিৰ মেডিকেল ৰিপোৰ্টৰ নামত এগৰাকী যুৱতীক 20,000 টকা দাবী কৰিছিল ৰে’লৱে বিভাগৰ বিষয়াজনে ৷

ফলত উপায়ন্তৰ হৈ দুৰ্নীতিগ্ৰস্ত বিষয়াজনৰ ধনদাবীৰ বিৰুদ্ধে যুৱতীগৰাকীয়ে চিবিআইৰ ওচৰত দ্বাৰস্থ হয় ৷ যুৱতীগৰাকীৰ অভিযোগৰ ওপৰত ভিত্তি কৰিয়েই এগৰাকী যুৱতীয়ে শ্ৰম কল্যাণ বিভাগৰ পৰিদৰ্শক ৰবীন দাসক দাবী কৰা ধনখিনি দিবলৈ আহে ৷ তেতিয়াই হাতে-লোটে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল ৰে’লৱে বিভাগৰ বিষয়াজন ৷ লগে লগে ৰঙিয়াৰ কল্যাণ বিভাগৰ কাৰ্যালয়তে ধৃত ৰে’লৱে বিভাগৰ বিষয়াজনক পাঁচ ঘন্টাতকৈ অধিক সময় জেৰা চলায় চিবিআইৰ দলটোৱে ৷

উৎকোচ লৈ হাতে লোটে গ্ৰেপ্তাৰ ৰে’লৱে বিভাগৰ বিষয়া

বৰ্তমানলৈকে চিবিআই য়ে কোনো ধৰণৰ তথ্য সদৰি কৰা নাই । ইফালে চিবিআইৰ আন এটা দলে ৰবিন দাসৰ গৃহ হাজোৰ বৰদধিটো অভিযান চলাইছে । উল্লেখযোগ্য যে, অভিযোগকাৰী যুৱতীগৰাকীৰ পিতৃ ৰে’ল বিভাগৰ চিকিৎসালয়ৰ কৰ্মচাৰী আছিল ।

বিগত কিছুদিন পূৰ্বে দুৰ্নীতি নিবাৰক শাখাই হাতে-লোটে গ্ৰেপ্তাৰ কৰে নগাঁৱৰ এগৰাকী ঘোচখোৰ লাটমণ্ডলক ৷ নামজাৰীৰ নামত উৎকোচ লোৱাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাৰ হাতত হাতে লোটে ধৰা পৰে এজন লাট মণ্ডল (Lat mandal arrested while taking bribe) ৷ গ্ৰেপ্তাৰ হোৱা লাট মণ্ডলজন নগাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ বিষয়া ৰঞ্জিত মহন্ত বুলি জানিব পৰা গৈছে ৷ কাৰ্যালয় চৌহদৰ বাহিৰত উৎকোচ লওঁতেই জালত পৰিছিল লাট মণ্ডলজন ৷

লগতে পঢ়ক: Jihadi Arrested: নলবাৰীত আটক দুজন সন্দেহযুক্ত জেহাদী

Last Updated :Oct 17, 2022, 10:15 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.