ETV Bharat / entertainment

ইউনিফৰ্মৰ তাগিদাই বান্ধিব পাৰে জানো মন ! নিলম্বিত মিলি প্ৰভা সন্দৰ্ভত জুবিন গাৰ্গৰ ডাঙৰ মন্তব্য - Zubeen on suspension of home guard

author img

By ETV Bharat Assamese Team

Published : May 16, 2024, 4:06 PM IST

Zubeen Garg controversy: জুবিনক সাৱটি ধৰি নিলম্বিত হোৱা গৃহৰক্ষী জোৱানক লৈ সামাজিক মাধ্যমত জুবিন গাৰ্গে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ৷ কি ক’লে জুবিনে ? পঢ়ক সবিশেষ...

zubeen garg reaction on Mili Prabha Chutia lost her job by expressing love towards zubeen garg on duty
মৰম প্ৰকাশ (etv bharat assam)

মিলি প্ৰভা চুতীয়াৰ ভাষ্য (etv bharat assam)

ডিব্ৰুগড়, 16 মে’ : অনুৰাগীৰ পৰা মৰম পাই আকৌ চাৰিওফালে সকলোৰে মুখে মুখে জুবিন জুবিন ! মুঠতে জুবিনৰ নামতে সমস্ত ভাল-বেয়া-বিতৰ্ক ৷ বিহুৰ অনুষ্ঠানত ঘটিছে এটাৰ পাচত আন এটা ঘটনা ৷ এইবাৰৰ বিষয় অনুৰাগীৰ অপৰিসীম মৰম ৷ চকুৰ সন্মুখত প্ৰিয় শিল্পীক পাই এগৰাকী জোৱানে পাহৰি পেলালে ইউনিফৰ্মত থকাৰ কথা ৷ ভৰি চুই সেৱা কৰাৰ পৰা আৰম্ভ কৰে মঞ্চতে যাঁচিলে মৰমৰ চুমা ! আৰম্ভ হৈ গ’ল বিতৰ্কৰ ৷

সাংস্কৃতিক অনুষ্ঠানত জুবিন গাৰ্গক সাৱটি ধৰি চাবুৱা থানাৰ মহিলা গৃহৰক্ষী জোৱান নিলম্বন হোৱা ঘটনাই ৰাজ্যজুৰি ব্যাপক চৰ্চা লাভ কৰিছে । ঘটনা অনুসৰি যোৱা শনিবাৰে চাবুৱাৰ যুৱ ঐক্য মঞ্চৰ বসন্ত উৎসৱ ২০২৪ ত জুবিন গাৰ্গৰ সাংস্কৃতিক অনুষ্ঠানত দেখা গৈছিল এক ব্যতিক্ৰমী দৃশ্য । সাংস্কৃতিক অনুষ্ঠান চলি আছিল ৷ এগৰাকী মহিলা গৃহৰক্ষী জোৱানে দায়িত্ব পালন কৰি থকাৰ মাজতে উঠি গৈছিল মঞ্চলৈ । মঞ্চত জুবিন গাৰ্গক সাৱটি ধৰাৰ লগতে ভৰিত ধৰি সেৱা কৰিছিল । জুবিন গাৰ্গক মঞ্চত সাৱটি ধৰাৰ পিচতেই চাকৰিৰ পৰা নিলম্বন হ'ল চাবুৱা থানাৰ মহিলা গৃহৰক্ষী জোৱান মিলি প্ৰভা চুতীয়া ।

zubeen garg reaction on Mili Prabha Chutia lost her job by expressing love towards zubeen garg on duty
মৰম প্ৰকাশ (etv bharat assam)

এই সিদ্ধান্তক একাংশই সমৰ্থন কৰিলেও মহিলা গৃহৰক্ষী জোৱান মিলি প্ৰভা চুতীয়াৰ চাকৰি ঘুৰাই দিবলৈ চৰকাৰক আহ্বান জনাইছে চাবুৱাৰ ৰাইজে । ইয়াৰ পাচতে আজি সাৱটি ধৰি নিলম্বিত হোৱা গৃহৰক্ষী জোৱানগৰাকীক লৈ সামাজিক মাধ্যমত জুবিন গাৰ্গে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

zubeen garg reaction on Mili Prabha Chutia lost her job by expressing love towards zubeen garg on duty
জুবিনৰ প্ৰতিক্ৰিয়া (zubeen facebook page)

জুবিন গাৰ্গে নিজৰ ফেচবুক পেজত লিখিছে "I know there are norms attached to uniforms. But, love is, and must not be, a punishable offence." (মই জানো ইউনিফৰ্মৰ লগত কিছু নিয়ম জড়িত । কিন্তু প্ৰেম শ্ৰদ্ধা‌ অপৰাধ নহয়,‌ শাস্তিও হ'ব নালাগে ।) জুবিন গাৰ্গৰ এই আহ্বানৰ পাচত আৰক্ষী বিভাগে কি সিদ্ধান্ত গ্ৰহণ কৰে সেইয়া সময়েহে ক’ব ।

লগতে পঢ়ক : ৰ’ৱ নোৱাৰিলে প্ৰিয় শিল্পীক সন্মুখত পাই; পিছে তাৰ পিচতেই লাগিল অথন্তৰ - Home Guard suspended

চাকৰিটো ঘূৰাই দিয়ক; জুবিন গাৰ্গে নিজে হাতবাউল দি মাতিছিল মিলি প্ৰভাক ! ৰাইজৰ আহ্বান চৰকাৰক - Home Guard Suspended

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.