ETV Bharat / state

চাকৰিটো ঘূৰাই দিয়ক; জুবিন গাৰ্গে নিজে হাতবাউল দি মাতিছিল মিলি প্ৰভাক ! ৰাইজৰ আহ্বান চৰকাৰক - Home Guard Suspended

author img

By ETV Bharat Assamese Team

Published : May 15, 2024, 8:41 PM IST

Home Guard suspended hugging Zubeen Garg: মহিলা গৃহৰক্ষী জোৱান মিলি প্ৰভা চুতীয়াৰ চাকৰি ঘুৰাই দিবলৈ চৰকাৰক আহ্বান চাবুৱাৰ ৰাইজৰ । জুবিন গাৰ্গে নিজে মহিলা জোৱানগৰাকীক হাতবাউল দি মঞ্চলৈ আমন্ত্ৰণ জনাইছিল । কতৰ্ব্যত গাফিলতি কৰা বাবেহে মিলি প্ৰভা চুতীয়াই চাকৰি হেৰুৱাইছে বুলি জানিবলৈ দিয়ে আৰক্ষী বিষয়াই ।

Home Guard suspended hugging Zubeen Garg
গৃহৰক্ষী জোৱান মিলি প্ৰভা চুতীয়াৰ চাকৰি ঘুৰাই দিবলৈ চৰকাৰক আহ্বান (ETV Bharat Assam)

গৃহৰক্ষী জোৱান মিলি প্ৰভা চুতীয়াৰ চাকৰি ঘুৰাই দিবলৈ চৰকাৰক আহ্বান (ETV Bharat Assam)

ডিব্ৰুগড়, ১৫ মে': সাংস্কৃতিক অনুষ্ঠানত জুবিন গাৰ্গক সাৱটি ধৰি চাবুৱা থানাৰ মহিলা গৃহৰক্ষী জোৱান নিলম্বন হোৱা ঘটনাই ৰাজ্যত ব্যাপক চৰ্চা লাভ কৰিছে । ঘটনা অনুসৰি যোৱা শনিবাৰে চাবুৱাৰ যুৱ ঐক্য মঞ্চৰ বসন্ত উৎসৱ ২০২৪ ত জুবিন গাৰ্গৰ সাংস্কৃতিক অনুষ্ঠানত দেখা গৈছিল এক ব্যতিক্ৰমী দৃশ্য । সাংস্কৃতিক অনুষ্ঠান চলি থকা অৱস্থাত এগৰাকী মহিলা গৃহৰক্ষী জোৱানে দায়িত্ব পালন কৰি থকাৰ মাজতে উঠি গৈছিল মঞ্চলৈ ।

মঞ্চত জুবিন গাৰ্গক সাৱটি ধৰাৰ লগতে ভৰি চুই সেৱা কৰিছিল । এই দৃশ্য সামাজিক মাধ্যমৰ লগতে সংবাদ মাধ্যমত প্ৰকাশ হৈছিল । এতিয়া আৰক্ষী বিভাগৰ ৰোষত পৰিছে জুবিন গাৰ্গক ভালপোৱা মহিলা গৃহৰক্ষী জোৱানগৰাকী । জুবিন গাৰ্গক মঞ্চত সাৱটি ধৰাৰ পিছতেই চাকৰিৰ পৰা নিলম্বন হ'ল চাবুৱা থানাৰ মহিলা গৃহৰক্ষী জোৱান মিলি প্ৰভা চুতীয়া ।

চাবুৱা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি নিজৰ দায়িত্ব পালন নকৰাৰ বাবে ১১ মে' তাৰিখে জিলা আৰক্ষী অধীক্ষকৰ নিৰ্দেশত নিলম্বন কৰা হৈছে মহিলা জোৱানগৰাকীক । মহিলা জোৱানগৰাকীৰ অন্য ঠাইত দায়িত্ব আছিল যদিও নিজৰ নিৰ্দিষ্ট দায়িত্ব পালন নকৰি জুবিন গাৰ্গৰ সাংস্কৃতিক অনুষ্ঠান চলি থকা মঞ্চৰ কাষলৈ বাৰে বাৰে গৈছিল ।

আনহাতে আৰক্ষীৰ পোছাকত বিহু মঞ্চত জুবিন গাৰ্গক আলিংগন কৰি নিলম্বিত হোৱা প্ৰসংগক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ডিব্ৰুগড়ৰ চাবুৱাত । জুবিন গাৰ্গে নিজে মহিলা জোৱানগৰাকীক হাত বাউল দি মঞ্চলৈ আমন্ত্ৰণ জনোৱাৰ ভিডিঅ' পোহৰলৈ আহিছে অতি শেহতীয়াকৈ তাৰ পিছতেই সমগ্ৰ চাবুৱাবাসীত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ।

মহিলা গৃহৰক্ষী জোৱান মিলি প্ৰভা চুতীয়াৰ চাকৰি ঘুৰাই দিবলৈ চৰকাৰক আহ্বান চাবুৱাৰ ৰাইজৰ । বিহু অনুষ্ঠিত কৰা চাবুৱাৰ যুৱ ঐক্য মঞ্চই এই সন্দৰ্ভত আৰক্ষীৰ শীৰ্ষ বিষয়াৰ সৈতে আলোচনা কৰা বুলিও জানিবলৈ দিয়ে । ৰাইজৰ আহ্বানত জুবিনক ভালপোৱা গৃহৰক্ষী জোৱান মিলি প্ৰভা চুতীয়াই চাকৰিৰ ঘুৰাই পাই নে নাই সেইয়া সময়তহে লক্ষ্যণীয় হ'ব ।

লগতে পঢ়ক: ৰ’ৱ নোৱাৰিলে প্ৰিয় শিল্পীক সন্মুখত পাই; পিছে তাৰ পিচতেই লাগিল অথন্তৰ - Home Guard Suspended

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.