ETV Bharat / state

ৰ’ৱ নোৱাৰিলে প্ৰিয় শিল্পীক সন্মুখত পাই; পিছে তাৰ পিচতেই লাগিল অথন্তৰ - Home Guard suspended

author img

By ETV Bharat Assamese Team

Published : May 15, 2024, 12:31 PM IST

Home Guard suspended hugging Zubeen Garg: প্ৰিয় কণ্ঠশিল্পীক দেখি আনন্দত আত্মহাৰা হ’ল এগৰাকী মহিলা গৃহৰক্ষী জোৱান ৷ মঞ্চলৈ উঠি গৈ জুবিন গাৰ্গক আলিংগন কৰি চাকৰি হেৰুৱালে মহিলা গৃহৰক্ষী জোৱানে ৷

Etv BharatHome Guard suspended hugging Zubeen Garg
আৰক্ষীৰ পোছাকৰ মৰ্যাদা ক’ত ? জুবিনক আলংগন চাবুৱা থানাৰ মহিলা গৃহৰক্ষী জোৱানৰ (Etv Bharat assam)

আৰক্ষীৰ পোছাকৰ মৰ্যাদা ক’ত ? জুবিনক আলংগন চাবুৱা থানাৰ মহিলা গৃহৰক্ষী জোৱানৰ (Etv Bharat assam)

মৰাণ, 15 মে’ : ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ অসম আৰক্ষীক সংস্কাৰ কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে । ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে যে, কোনো আৰক্ষী বিষয়া জোৱানে দায়িত্ব পালন কৰি থকা সময়ত ৰাজহুৱা অনুষ্ঠানত নাচি বা গান গাই সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব নোৱাৰিব । আৰক্ষীৰ পোছাকৰ মৰ্যাদা ৰক্ষা কৰিবলৈ আৰক্ষীৰ বিভাগলৈ এই আহ্বান জনাইছিল মুখ্যমন্ত্ৰীগৰাকীয়ে ।

কিন্তু ইয়াৰ মাজতেই যোৱা শনিবাৰে চাবুৱাৰ যুৱ ঐক্য মঞ্চৰ বসন্ত উৎসৱ 2024 ত জুবিন গাৰ্গৰ সাংস্কৃতিক অনুষ্ঠানত দেখা গৈছিল এক ব্যতিক্ৰমী দৃশ্য ।

সাংস্কৃতিক অনুষ্ঠান চলি থকাৰ মাজতেই এগৰাকী মহিলা গৃহৰক্ষী জোৱানে দায়িত্ব পালন কৰি থকাৰ মাজতেই উঠি গৈছিল মঞ্চলৈ । মঞ্চত জুবিন গাৰ্গক সাৱটি ধৰাৰ লগতে ভৰিত ধৰি সেৱা কৰিছিল গৃহৰক্ষী জোৱানগৰাকীয়ে । এই দৃশ্য সামাজিক মাধ্যমৰ লগতে সংবাদ মাধ্যমত ব্যাপকভাৱে ভাইৰেল হৈছিল ।

এই ভিডিঅ‘ৰ পিচতে এতিয়া আৰক্ষী বিভাগৰ ৰোষত পৰিছে জুবিন গাৰ্গক ভাল পোৱা মহিলা গৃহৰক্ষী জোৱানগৰাকী । জুবিন গাৰ্গক মঞ্চত আলিংগন কৰাৰ পিচতেই চাকৰিৰ পৰা নিলম্বন কৰা হ'ল চাবুৱা থানাৰ মহিলা গৃহৰক্ষী জোৱান মিলি প্ৰভা চুতীয়াক । আৰক্ষীয়ে বিভাগৰ নিদেৰ্শত নিলম্বন কৰিছে গৃহৰক্ষী জোৱান মিলি প্ৰভা চুতীয়াক ।

এই সম্পৰ্কত গৃহৰক্ষী জোৱান মিলি প্ৰভা চুতীয়াৰ সৈতে যোগাযোগ কৰা হৈছিল যদিও ব্যক্তিগত অসুবিধাৰ দোহাই দি সংবাদ মাধ্যমৰ পৰা আঁতৰি থাকে জোৱানগৰাকীয়ে ৷ জুবিন গাৰ্গক সাৱটি ধৰি চাকৰিৰ পৰা নিলম্বন হ'ল চাবুৱা থানাৰ মহিলা গৃহৰক্ষী জোৱান মিলি প্ৰভা চুতীয়া ।

লগতে পঢ়ক: গামোচা পিন্ধালে সময় নষ্ট হয়: জুবিন গাৰ্গ - Zubeen Garg Stage Program 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.