ETV Bharat / international

ইজৰাইলৰ আক্ৰমণত নিহত কমেও ৩৭ পেলেষ্টাইনী - Israel Attack on Rafah

author img

By ETV Bharat Assamese Team

Published : May 29, 2024, 12:44 PM IST

Israel Attack on Rafah: ইজৰাইলৰ গুলীবৰ্ষণ আৰু বিমান আক্ৰমণত কমেও ৩৭ জন লোক নিহত হৈছে । ইয়াৰে ভিতৰত বেছিভাগেই অস্থায়ী তম্বুত আশ্ৰয় লৈ আছিল । দক্ষিণৰ গাজা চহৰ ৰাফাৰ বাহিৰত মঙলবাৰে নিশাটোৰ ভিতৰতে এই আক্ৰমণৰ ঘটনা সংঘটিত হয় ।

Israel Attack on Rafah
ৰাফাৰ পৰা পলায়ন কৰা মুহূৰ্তত অসহায় পেলেষ্টাইনী (AP Photo)

ইণ্টাৰনেচনেল ডেস্ক, ২৯ মে' : ইজৰাইলৰ নিৰন্তৰ আক্ৰমণৰ পিচত বিশ্ব মঞ্চত ইজৰাইলৰ বিৰুদ্ধে ক্ৰমবৰ্ধমান ক্ষোভৰ সৃষ্টি হৈছে । তাৰ মাজতে স্পেইন, নৰৱে আৰু আয়াৰলেণ্ডে আনুষ্ঠানিকভাৱে পেলেষ্টাইনক এখন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিয়ে । আনহাতে, ৬ মে'ত আৰম্ভ কৰা ৰাফাৰ ওপৰত ইজৰাইলৰ আক্ৰমণত ১০ লাখতকৈও অধিক লোকে চহৰখনৰ পৰা পলায়ন কৰিবলৈ বাধ্য হৈছে । পেলেষ্টাইনী শৰণাৰ্থীসকলক সহায় কৰা ৰাষ্ট্ৰসংঘৰ এক সংস্থাই এই কথা প্ৰকাশ কৰিছে ।

ইফালে জৰুৰীকালীন কৰ্মী আৰু চিকিৎসালয়ৰ বিষয়াসকলৰ মতে, ইজৰাইলৰ গুলীবৰ্ষণ আৰু বিমান আক্ৰমণত কমেও ৩৭ জন লোক নিহত হৈছে । ইয়াৰে ভিতৰত বেছিভাগেই অস্থায়ী তম্বুত আশ্ৰয় লৈ আছিল । দক্ষিণৰ গাজা চহৰ ৰাফাৰ বাহিৰত মঙলবাৰে নিশাটোৰ ভিতৰতে এই আক্ৰমণৰ ঘটনা সংঘটিত হয় । এই আক্ৰমণ সেই একেটা অঞ্চলতে সংঘটিত হয়, য'ত ইজৰাইলৰ আক্ৰমণৰ ফলত স্থানচ্যুত পেলেষ্টাইনীসকলে নিৰ্মাণ কৰা এটা আশ্ৰয় শিবিৰত কেইদিনমান পূৰ্বে ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছিল ।

আনহাতে, তম্বুৰ শিবিৰৰ ওপৰত এই আক্ৰমণৰ ঘটনাই ইজৰাইলৰ কিছু নিকটতম মিত্ৰশক্তিৰ লগতে ব্যাপক আন্তৰ্জাতিক ক্ষোভৰ সৃষ্টি কৰিছে । লগতে বিশ্ব মঞ্চত ইজৰাইল ক্ৰমান্বয়ে বিচ্ছিন্ন হৈ পৰাৰ লক্ষণ স্বৰূপে স্পেইন, নৰৱে আৰু আয়াৰলেণ্ডে মঙলবাৰে আনুষ্ঠানিকভাৱে এখন পেলেষ্টাইনী ৰাষ্ট্ৰক স্বীকৃতি দিয়ে ।

ইফালে ইজৰাইলী সামৰিক বাহিনীয়ে প্ৰকাশ কৰিছে যে দেওবাৰে তম্বুৰ শিবিৰত অগ্নিকাণ্ডৰ ঘটনাটো এক পৰোক্ষ বিস্ফোৰণৰ ফলত হ'ব পাৰে । সম্ভৱত পেলেষ্টাইনী সন্ত্ৰাসবাদীৰ মজুত কৰা অস্ত্ৰ ভাণ্ডাৰৰ পৰা এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ আশংকা প্ৰকাশ কৰিছে । আনহাতে, অগ্নিকাণ্ডৰ প্ৰাৰম্ভিক তদন্তৰ ফলাফল ইজৰাইলে মঙলবাৰে প্ৰকাশ কৰে । সামৰিক মুখপাত্ৰ ৰিয়াৰ এডমিৰেল ডেনিয়েল হাগাৰীয়ে কয় যে অগ্নিকাণ্ডৰ কাৰণ এতিয়াও তদন্তৰ অধীনত আছে । কিন্তু ইজৰাইলী সেনাই কোৱা কথাবোৰ লক্ষ্য কৰিলে এইটো ধৰিব পাৰি যে দুগৰাকী জ্যেষ্ঠ হামাছ সন্ত্ৰাসবাদীক ইয়াৰ সৈতে জড়িত কৰা হৈছে ।

আক্ৰমণ বা অন্য কিবা অগ্নিকাণ্ডৰ ফলত শিবিৰত থকা ইন্ধন, ৰন্ধন গেছৰ কেনিষ্টাৰ বা অন্যান্য সামগ্ৰীও জ্বলি উঠিব পাৰে । গাজাৰ স্বাস্থ্য বিষয়াসকলৰ হিচাপ অনুসৰি, এই অগ্নিকাণ্ডত ৪৫ জন পেলেষ্টাইনী নিহত হয় । আনহাতে, ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে কৈছে যে এই অগ্নিকাণ্ড এক 'শোকাৱহ দুৰ্ঘটনা'ৰ ফল ।

উল্লেখ্য যে ৬ মে'ত আৰম্ভ কৰা ৰাফাৰ ওপৰত ইজৰাইলৰ আক্ৰমণে ১০ লাখতকৈও অধিক লোকক চহৰখনৰ পৰা পলায়ন কৰিবলৈ বাধ্য কৰিছে বুলি পেলেষ্টাইনী শৰণাৰ্থীসকলক সহায় কৰা ৰাষ্ট্ৰসংঘৰ সংস্থাটোৱে মঙলবাৰে কয় । ইজৰাইল আৰু হামাছৰ মাজত প্ৰায় আঠ মাহধৰি হোৱা যুদ্ধত ইয়াৰে বেছিভাগেই ইতিমধ্যে একাধিকবাৰ নিজৰ আশ্ৰয়স্থল সলনি কৰিবলগা হৈছিল । পৰিয়ালবোৰ এতিয়া অস্থায়ী তম্বুৰ শিবিৰ আৰু অন্যান্য যুদ্ধ বিধ্বস্ত অঞ্চলত সিঁচৰতি হৈ আছে ।

আনহাতে, বিগত কেইদিনমানৰ পৰা হোৱা এই আক্ৰমণে ৰাফাৰ পশ্চিমৰ অঞ্চলসমূহতো আঘাত কৰিছে । কিন্তু ইজৰাইলী সামৰিক বাহিনীয়ে তাৰ পৰা সাধাৰণ লোকসকলক স্থানান্তৰ কৰিবলৈ নিৰ্দেশ দিয়া নাছিল । ইজৰাইলৰ স্থল সেনা আৰু টেংকবোৰে পূব ৰাফা, চহৰৰ কেন্দ্ৰীয় অংশ আৰু গাজা-ইজিপ্ত সীমান্তত অভিযান চলাই আছে ।

লগতে পঢ়ক :পেলেষ্টাইন আৰু দক্ষিণ ছুডান: আন্তৰ্জাতিক স্বীকৃতি আৰু ৰাষ্ট্ৰসংঘৰ সদস্যপদৰ উপায় - Palestine UN Membership

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.