পেটৰ তাগিদাত বহিঃৰাজ্যলৈ গৈ পুনৰ সন্ধানহীন অসমৰ যুৱক - Assam youth missing

By ETV Bharat Assamese Team

Published : May 16, 2024, 4:38 PM IST

Updated : May 16, 2024, 4:52 PM IST

thumbnail
6 দিন ধৰি বহিঃৰাজ্যত সন্ধানহীন অসমৰ যুৱক (ETV BHARAT ASSAM)

তিতাবৰ, 16 মে’ : শেহতীয়াকৈ কৰ্মসংস্থাপন বিচাৰি অসমৰ পৰা বহিঃৰাজ্যলৈ অহা ব্যক্তি নিৰুদ্দিষ্ট হোৱা অথবা মৃত্যুৰ হোৱাৰ ঘটনা ক্ৰমাৎ বৃদ্ধি হ’বলৈ ধৰিছে ৷ প্ৰায় প্ৰতিদিনেই এনেধৰৰ বাতৰিয়ে সংবাদমাধ্য়মৰ শিৰোনাম দখল কৰিবলৈ লৈছে ৷ এনে বাতৰি প্ৰচাৰ হোৱাৰ পিচতে প্ৰায় সংখ্যক লোকে এই বিষয়ত ভিন্ন মত প্ৰকাশ কৰাৰ লগতে বহুতো চৰ্চা কৰে যদিও সময়ৰ লগে লগে ই পাহৰণিৰ গৰ্ভত সোমাই পৰে ৷

এইবাৰ যোৰহাট জিলাৰ তিতাবৰৰ বৰহোলাৰ এজন যুৱক বহিঃৰাজ্যলৈ যোৱা অৱস্থাত সন্ধানহীন হোৱাৰ খবৰ পোহৰলৈ আহিছে ৷ কৰ্মৰ সন্ধানত ৰে’লযোগে বেংগালুৰুলৈ যোৱা বৰহোলাৰ যুৱক বুলবুল বুঢ়াগোহাঁই বিজয়ৱাড়া ষ্টেশ্যনৰ পৰা সন্ধানহীন হয় । ইয়াৰ পিচতে চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক । ইতিমধ্যে বৰহোলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকৰ । 

জানিব পৰামতে, যোৱা 10 মে’ত ঘৰৰ পৰা কৰ্মৰ সন্ধানত বেংগালুৰুলৈ গৈছিল যুৱকজন । বৰহোলাৰ 1নং কাকডোঙা গাঁৱৰ নিৱাসী আছিল বুলবুল বুঢ়াগোহাঁই ৷ ইফালে যুৱকজনৰ লগত যোৱা লোকে জনোৱা অনুসৰি বিজয়ৱাড়া ষ্টেশ্যনত যুৱকজন নামিছিল ৷ তাৰ পিচৰ পৰাই 6 দিন পৰ্যন্ত যুৱকজনৰ কোনো সন্ধান নাই ৷ ইফালে পৰিয়ালৰ লোকে এই পৰ্যন্ত বৰহোলা আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে ৷

লগতে পঢ়ক: ন-বোৱাৰীক হত্যাৰ অভিযোগ; চিতাৰ পৰা উঠাই নিলে আধাজ্বলা মৃতদেহ - Murder for dowry

Last Updated : May 16, 2024, 4:52 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.