ETV Bharat / bharat

পৰ্যটকৰ বাবে মুকলি হ'ল পুষ্প উপত্যকা - Valley of Flowers

author img

By ETV Bharat Assamese Team

Published : Jun 1, 2024, 10:05 AM IST

Valley of Flowers: উত্তৰাখণ্ডৰ চামোলিত বিশ্ববিখ্যাত পুষ্প উপত্যকা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে মুকলি । ৩১ অক্টোবৰলৈকে সাধাৰণ পৰ্যটকৰ বাবে মুকলি থাকিব এই উপত্যকা । শ শ বিৰল প্ৰজাতিৰ ফুলৰ বাবে বিখ্যাত এই উপত্যকা ।

Valley of Flowers
পৰ্যটকৰ বাবে মুকলি হ'ল পুষ্প উপত্যকা (ETV Bharat)

নেশ্যনেল ডেস্ক, ১ জুন : প্ৰকৃতি প্ৰেমীৰ বাবে ভাল খবৰ । পৰ্যটকৰ বাবে মুকলি কৰা হ'ল উত্তৰাখণ্ডৰ চামোলি জিলাত থকা পুষ্প উপত্যকা (ভেলী অব ফ্লাৱাৰ্ছ)। শনিবাৰে পুৱাই ধৰ্মীয় ৰীতি-নীতিৰ মাজেৰে এই পৰ্যটনস্থলী মুকলি কৰা হয় । নন্দা দেৱী ৰাষ্ট্ৰীয় উদ্যানৰ শীৰ্ষ বন বিষয়াৰ লগতে বন বিভাগৰ লোকসকল এই উপলক্ষে উত্তৰাখণ্ডৰ চামোলি জিলাৰ উচ্চ হিমালয় ভৌদাৰ উপত্যকাত অৱস্থিত ঘাংঘাৰিয়া বেচ কেম্পত উপস্থিত হয় । তাৰ পিচতে পুষ্প উপত্যকাৰ মুখ্য প্ৰৱেশ দ্বাৰসমূহ পৰ্যটক আৰু প্ৰকৃতি প্ৰেমীৰ বাবে মুকলি কৰি দিয়া হয় ।

এই পুষ্প উপত্যকা ৩১ অক্টোবৰলৈকে সাধাৰণ পৰ্যটকৰ বাবে মুকলি থাকিব । জৈৱ বৈচিত্ৰ্য আৰু বিৰল প্ৰজাতিৰ আলপাইন ফুলৰ বাবে বিখ্যাত বিশ্ব প্ৰাকৃতিক ঐতিহ্যক্ষেত্ৰ পুষ্প উপত্যকা ৰাষ্ট্ৰীয় উদ্যান মুকলি হোৱাৰ লগে লগে দেশী-বিদেশী পৰ্যটকক আদৰিবলৈ সাজু হৈছে কৰ্তৃপক্ষ ।

পুষ্প উপত্যকা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ইতিমধ্যে সকলো আনুষ্ঠানিক প্ৰস্তুতি সম্পূৰ্ণ কৰিছিল । ঘাংঘাৰিয়াৰ পৰা বামন ধোদলৈ ৫ কিলোমিটাৰ যাত্ৰা পথটো বন বিভাগে চলাচলৰ বাবে মেৰামতি কৰিছে । হিমবাহৰ মাজেৰে খোজ কাঢ়িবলৈ এটা পথো নিৰ্মাণ কৰা হৈছে ।

১৯৩২ চনত ব্ৰিটিছ পৰ্বতাৰোহী ফ্ৰেংক স্মিথে আৱিষ্কাৰ কৰা এই বিশ্ব ঐতিহ্য উপত্যকাত জুলাইৰ মাজভাগৰ পৰা ছেপ্টেম্বৰলৈকে প্ৰায় ৫০০ বিৰল প্ৰজাতিৰ ফুল ফুলে । লগতে পৰ্যটকসকলে উপত্যকাটোত বহুতো প্ৰজাতিৰ বিৰল বন্যপ্ৰাণীও প্ৰত্যক্ষ কৰিব পাৰে ।

বৰ্তমান আলপাইন প্ৰাইমুলা ফুল, জেৰেনিয়াম, পটাণ্টিলা এষ্টাৰ, বাটাৰ কেপকে ধৰি বিভিন্ন প্ৰকাৰৰ ফুল ফুলি থকা দেখা গৈছে । প্ৰতি বছৰে বিদেশৰ পৰা হাজাৰ হাজাৰ পৰ্যটক আৰু প্ৰকৃতি প্ৰেমী পুষ্প উপত্যকালৈ আহে । যাৰ দ্বাৰা চৰকাৰে যথেষ্ট পৰিমাণে ৰাজহ সংগ্ৰহ কৰে । শনিবাৰে নন্দা দেৱী ৰাষ্ট্ৰীয় উদ্যানৰ ডিএফঅ'ৱে পুষ্প উপত্যকালৈ যোৱা প্ৰথমটো পৰ্যটন দলৰ যাত্ৰাক ফ্লেগ অফ কৰে ।

উল্লেখ্য যে, পৰ্যটকসকলে নিৰ্দিষ্ট প্ৰৱেশ মাচুল দি এই উপত্যকাত প্ৰৱেশ কৰিব পাৰিব । ইফালে আবেলি ৪ বজাৰ পূৰ্বে উপত্যকা পৰিদৰ্শন কৰি পুনৰ প্ৰৱেশদ্বাৰত উপস্থিত হ'ব লাগিব । লগতে ৰাষ্ট্ৰীয় উদ্যান আৰু বন আৰু বন্যপ্ৰাণী সুৰক্ষাৰ নিয়মৰ অধীনত সকলো নিয়ম পালন কৰিব লাগিব । এইবাৰ যথেষ্ট তুষাৰপাত হোৱাৰ বাবে পৰ্যটকসকলে ইয়াত অনন্য অভিজ্ঞতা লাভ কৰিবলৈ সক্ষম হ'ব বুলি ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই আশা কৰিছে ।

লগতে পঢ়ক :পৰ্যটকৰ বাবে বন্ধ হ’ল কাজিৰঙা - Tourism In Kaziranga Shuts Down

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.