ETV Bharat / state

পৰ্যটকৰ বাবে বন্ধ হ’ল কাজিৰঙা - Tourism in Kaziranga Shuts Down

Tourism in Kaziranga Shuts Down : বিভিন্ন ঘটনা-পৰিঘটনা, অভিলেখ ভংগকাৰী উপাৰ্জনেৰে শুকুৰবাৰে অন্ত পৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ পৰ্যটন বৰ্ষ । ১ মে'ত হাতী চাফাৰী বন্ধ হোৱাৰ পাচত শুকুৰবাৰে বন্ধ হয় জীপ চাফাৰী ।

Tourism in Kaziranga Shuts Down
পৰ্যটকৰ বাবে বন্ধ হ’ল কাজিৰঙা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 31, 2024, 9:22 PM IST

কাজিৰঙা, ৩১ মে' : অভিলেখ পৰিমাণৰ ৰাজহ সংগ্ৰহেৰে সামৰণি পৰিল কাজিৰঙাৰ ২০২৩-২৪ পৰ্যটন বৰ্ষ । বিভিন্ন ঘটনা-পৰিঘটনা, অভিলেখ ভংগকাৰী উপাৰ্জনেৰে শুকুৰবাৰে অন্ত পৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ পৰ্যটন বৰ্ষ । উল্লেখ্য যে ১ মে'ত বন্ধ হৈছিল কাজিৰঙাত হাতী চাফাৰী । ইয়াৰ পাচত শুকুৰবাৰৰ পৰা বন্ধ হয় জীপ চাফাৰী ।

পৰ্যটকৰ বাবে বন্ধ হ’ল কাজিৰঙা (ETV Bharat Assam)

ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাজিৰঙা ভ্ৰমণ এই পৰ্যটন বছৰটোৰ উল্লেখযোগ্য দিশৰূপে গণ্য হৈছে । আনহাতে, বিখ্যাত ফুটবলাৰ বাইচুং ভূটীয়াৰ কাজিৰঙা দৰ্শনেও সুকীয়া মাত্ৰা প্ৰদান কৰিলে কাজিৰঙাক ।

ইয়াৰ উপৰি কাজিৰঙা ভ্ৰমণ কৰে ভূটানৰ ৰজায়ো ৷ প্ৰতিদিনেই বন্যপ্ৰাণীয়ে দৰ্শনীয়ভাৱে পৰ্যটকৰ সমুখত ধৰা দিয়াৰ ৰোমাঞ্চকৰ দৃশ্য যিদৰে সুলভ হৈছিল, একেদৰেই একাধিকবাৰ গঁড়ে পৰ্যটক পৰিবাহী বাহনলৈ চোঁচা লোৱাৰ লোমহৰ্ষক ঘটনাও সংঘটিত হয় ।

ইয়াৰ লগতে চলিত পৰ্যটন বৰ্ষত কাজিৰঙাত আৱিষ্কাৰ হয় মাটি গাহৰি, দীঘল নেজীয়া নিগনিৰ দৰে কেইবাবিধো বন্যপ্ৰাণী । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত চলিত বিত্তীয় বৰ্ষত পূৰ্বৰ তুলনাত পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে ৷ বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাৰ নয়নাভিৰাম দৃশ্য, অতুলনীয় জৈৱ-বৈচিত্ৰ্য দৰ্শনৰ বাবে চলিত বৰ্ষত কাজিৰঙালৈ অহা পৰ্যটকৰ পৰিসংখ্যাই পূৰ্বৰ সকলোবোৰ ৰেকৰ্ড ভংগ কৰিবলৈ সক্ষম হৈছে বুলি ইতিমধ্যেই কাজিৰঙাৰ সঞ্চালকৰ কাৰ্যালয়ে দিয়া তথ্যত প্ৰকাশ কৰিছে ৷

উল্লেখযোগ্য যে ২৮ বছৰৰ পূৰ্বে ১৯৯৬-'৯৮ বৰ্ষত কাজিৰঙালৈ অহা পৰ্যটকৰ সংখ্যা আছিল ১৮,৩৮২ গৰাকী । ইয়াৰ বিপৰীতে ২০২৩-২৪ বিত্তীয় বৰ্ষত কাজিৰঙালৈ অহা মুঠ পৰ্যটকৰ সংখ্যা ৩,২৭,৪৯৩ গৰাকী বুলি বিভাগীয় সূত্ৰত প্ৰকাশ ৷ ইয়াৰে মুঠ ৩,১৩,৫৭৪ গৰাকী দেশীয় পৰ্যটক আৰু ১৩,৯১৯ গৰাকী বিদেশী পৰ্যটক ৷ এই পৰ্যটকসকলৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলে লাভ কৰে মুঠ ৮,৮১,৮৪,১৬১ টকা পৰিমাণৰ ৰাজহ ৷

লক্ষণীয় যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ তিনিটা বন সংমণ্ডলৰ ভিতৰত পূব অসম বন্যপ্ৰাণী সংমণ্ডলে মুঠ ৩২,০৯৬১ গৰাকী পৰ্যটকৰ পৰা আৰু ৮,৫৯,৪৮,৩৫১ টকাৰ ৰাজহ, নগাঁও বন সংমণ্ডলে ৩,৪৮৪ গৰাকী পৰ্যটকৰ পৰা ৬২,৪০০ টকাৰ ৰাজহ আৰু বিশ্বনাথ বন সংমণ্ডলে ৩,০৪৮ গৰাকী পৰ্যটকৰ পৰা ১৬,১১,৮১০ টকাৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷

বিগত ২০২২-২৩ বিত্তীয় বৰ্ষত কাজিৰঙাই দেশী-বিদেশী মুঠ ৩,১৪,৭৯৬ গৰাকী পৰ্যটকৰ পৰা মুঠ ৮,৩৩,৮৫,৪৮৩ টকাৰ ৰাজহ লাভ কৰিছিল ৷ ইয়াৰ পটভূমিত পূৰ্বৰ তুলনাত ২০২৩-২৪ বিত্তীয় বৰ্ষত ১২,৬৯৭ গৰাকী দেশী-বিদেশী পৰ্যটক বৃদ্ধি পোৱাৰ উপৰি কাজিৰঙাই পূৰ্বতকৈ ৪৭,৯৮,৬৭৮ টকাৰ অধিক ৰাজহ লাভ কৰিবলৈ সক্ষম হয় ৷ ২০২৩ চনৰ অক্টোবৰৰ মাজভাগত বাৰিষাৰ পিচতেই কাজিৰঙাৰ পৰ্যটন বিশ্ব পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হয় ৷

এই পৰ্যটন বৰ্ষত কাজিৰঙাত পৰ্যটকে পূৰ্বৰ তুলানতকৈ কাৰ্বি-আংলঙত চাইকেল চলোৱাৰ সুবিধা, পাণবাৰী সংৰক্ষিত বনাঞ্চল আৰু বুঢ়াপাহাৰৰ চিৰাঙৰ ট্ৰেকিং পথৰ বিশেষ সুবিধাৰ উপৰি জনগোষ্ঠীৰ দ্বাৰা পৰিচালিত কাৰ্বি জনগোষ্ঠীৰ খাদ্য চোৰাণ-আহেম আৰু মিচিং জনগোষ্ঠীৰ দ্বাৰা পৰিচালিত মিচিং খাদ্যৰ অজুন উকুম নামৰ কেন্দ্ৰ, বুঢ়াচাপৰিৰ মহিলা নেতৃত্বাধীন ভোজনালয় বিচাগ-নাচ’ত পৰম্পৰাগত খাদ্যৰ জুতি লোৱাৰো সুবিধা লাভ কৰিছে বুলি উদ্যান কৰ্তৃপক্ষই অৱগত কৰে ৷

ইয়াৰ লগতে ব্ৰহ্মপুত্ৰ নদীত শিহু দৰ্শনৰ সুবিধাৰ বাবে নৌকা বিহাৰৰ লগতে পাণপুৰ আৰু বুঢ়াচাপৰিত জীপ আৰু চাইকেল চাফাৰীও চলিত বিত্তীয় বৰ্ষতে আৰম্ভ কৰা হৈছিল । এনে সম্ভাৱনা আৰু শংকাৰ মাজেদিয়েই ১ মে'ত হাতী চাফাৰি বন্ধ হোৱাৰ পাচত শুকুৰবাৰে জীপ চাফাৰি বন্ধৰে অন্ত পৰে কাজিৰঙাৰ ২০২৩-'২৪ পৰ্যটন বৰ্ষৰ ।

লগতে পঢ়ক :কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এটা বনৰীয়া ম'হক লৈ সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীৰ বিশেষ পোষ্ট - Kaziranga National Park

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.