কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এটা বনৰীয়া ম'হক লৈ সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীৰ বিশেষ পোষ্ট - Kaziranga National Park

By ETV Bharat Assamese Team

Published : May 29, 2024, 8:35 PM IST

thumbnail
এটা বনৰীয়া ম'হক লৈ সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীৰ বিশেষ পোষ্ট (ASSAM CM X ACCOUNT)

গোলাঘাট, 29 মে’ : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এটা বনৰীয়া ম'হক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত দিলে এটা বিশেষ পোষ্ট ৷ 2020 চনৰ কথা ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এটা ম'হ পোৱালি জন্মৰ এদিনৰ পাচতেই বিচ্ছিন্ন হৈছিল মাতৃৰ পৰা ৷ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই এই ম'হ পোৱালিটো উদ্ধাৰ কৰি প্ৰতিপালনৰ দায়িত্ব দিছিল চি ডব্লিউ আৰ চিক ৷ তাৰ পাচৰে পৰা সংস্থাটোৱে আৰম্ভ কৰিলে ম'হ পোৱালিটোৰ প্ৰতিপালন ৷

বৰ্তমান চাৰিবছৰীয়া হ'ল ম’হ পোৱালিটো ৷ সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশত ডাঙৰ কৰা পোৱালিটো মঙলবাৰে বুঢ়া চাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত মুকলি কৰি দিয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷ এই বাৰ্তাত সন্তুষ্টি প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীগৰাকীয়ে এয়া এক 'আশাবাদৰ খবৰ' বুলি অভিহিত কৰিছে ৷

উল্লেখ্য যে এচীয় প্ৰজাতিৰ বনৰীয়া ম'হৰ সংখ্যা বৰ্তমান 3,400 ৷ ইয়াৰে সৰ্বাধিক ম'হ আছে ভাৰতত ৷ বিশেষকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এই প্ৰজাতি ম'হৰ মূল বাসস্থান ৷ ইয়াত আছে 2,600 টা এচীয় প্ৰজাতিৰ ম'হ ৷ ইয়াৰ উপৰিও বিভিন্ন সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিভিন্ন কাৰণত মাতৃৰ পৰা বিচ্ছিন্ন হোৱা গঁড়, হাতীৰ লগতে বিভিন্ন ধৰণৰ জীৱ-জন্তু উদ্যান কৰ্তৃপক্ষই উদ্ধাৰ আৰু প্ৰতিপালন কৰি প্ৰাপ্তবয়স্ক হোৱাৰ পাচত পুনৰ ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়ে ৷

লগতে পঢ়ক : প্ৰকৃতি প্ৰেম: এজোপা আমগছক কেন্দ্ৰ কৰিয়েই সপোনৰ ঘৰটো - Built House Without Cutting Tree

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.