ETV Bharat / bharat

প্ৰকৃতি প্ৰেম: এজোপা আমগছক কেন্দ্ৰ কৰিয়েই সপোনৰ ঘৰটো - Built House Without Cutting Tree

author img

By ETV Bharat Assamese Team

Published : May 29, 2024, 5:12 PM IST

Karnal house with mango tree inside : আমি সপোনৰ ঘৰখন নিৰ্মাণ কৰাৰ নিমিত্তে যে কি কি নকৰো ৷ জধে-মধে গছ-গছনি কাটি হ’লেও আমি নিৰ্মাণ কৰি লওঁ সপোনৰ ঘৰখন ৷ পিছে এজন ব্যক্তিয়ে গছ নকটাকৈয়ে সপোনৰ ঘৰখন নিৰ্মাণ কৰি চৰ্চালৈ আহিছে ৷ ঘটনাৰ সবিশেষ এই প্ৰতিবেদনত ৷

BUILT HOUSE WITHOUT CUTTING TREE
এই খবৰে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে (Source : Etv Bharat)

নেশ্যনেল ডেস্ক, 29 মে’: এফালে প্ৰচণ্ড গৰম, আনফালে মানুহে বাহিৰলৈ ওলালেই গছৰ শীতল ছাঁ বিচাৰি হাবাথুৰি খোৱা দৃশ্য চলিত দিনকেইটাত অতিকৈ সুলভ ৷ পিছে গছৰ ছাঁ বিচাৰিলেই জানো পাব ? জধে-মধে গছ-গছনি কাটি ঘৰ নিৰ্মাণ, ৰাষ্টা নিৰ্মাণ কৰাৰ ফলতে বাহিৰলৈ ওলালেও মানুহে নোপোৱা হৈছে গছৰ শীতল ছাঁ ৷

বিশাল শৰ্মাৰ বিশেষ ঘৰখন (Source : Etv Bharat)

আমি সপোনৰ এখন ঘৰ নিৰ্মাণ কৰিবলগীয়া হ’লেই প্ৰথমে জধে-মধে গছ-গছনি কাটি পেলাওঁ ৷ কাৰণ ঘৰ নিৰ্মাণ কৰাটোহে আমাৰ প্ৰথম পচন্দ ৷ কিন্তু গছ নাথাকিলে জানো থাকিব মানুহ ? গতিকে ঘৰ বনোৱাৰ পূৰ্বে গছপুলি ৰোপণৰ কথাহে পোনতে আমি চিন্তা কৰা উচিত ৷

এগৰাকী ব্যক্তিয়ে দাঙি ধৰিছে এনে এক নিদৰ্শন ৷ ব্যক্তিগৰাকীয়ে তেওঁৰ সপোনৰ ঘৰখন নিৰ্মাণ কৰাৰ বাবে গছ কটাৰ সলনি গছডালক নিজৰ স্থানতে ৰাখি নিৰ্মাণ কৰিছে ঘৰটি ৷ দেখাত সাধাৰণ কথা হ’লেও কিন্তু ব্যক্তিগৰাকীয়ে এই কামৰ বাবে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক: এইবাৰেই চাৰ্কাছ শেষ, ইণ্ডি এলায়েন্সে নিৰ্ণয় কৰিব দেশৰ ভৱিষ্যত : ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী চম্পাই ছোৰেন - LOK SABHA ELECTION 2024

বিশাল শৰ্মা নামৰ ব্যক্তিগৰাকীৰ বাসগৃহৰ চৌহদত আছে এডাল আমগছ ৷ উক্ত আমজোপা 17 বছৰ পূৰ্বে ৰোপণ কৰিছিল ব্যক্তিগৰাকীৰ মাতৃৰ লগতে তেওঁৰ দুটি সন্তানে ৷ বৰ্তমান আমজোপাৰ পৰা বহু পৰিমাণে ফল সংগ্ৰহ কৰে পৰিয়ালটোৱে ৷ গতিকে বিশাল শৰ্মাই আমজোপা নকটাকৈ নিৰ্মাণ কৰিব বিচাৰিছিল তেওঁৰ ঘৰখন ৷ তাৰ বাবে তেওঁ গছ নকটাকৈ নিৰ্মাণ কৰিবলগীয়া ঘৰটোৰ নক্সা প্ৰস্তুত কৰাৰ বাবে অনুৰোধ জনাইছিল ঘৰ নিৰ্মাণৰ দায়িত্বত থকা মিস্ত্ৰীক ৷

মিস্ত্ৰীয়ে অৱশেষত গছজোপা নকটাকৈ নিৰ্মাণ কৰিবলগীয়া ঘৰখনৰ নক্সা প্ৰস্তুত কৰে ৷ মিস্ত্ৰীৰ নক্সামতে ব্যক্তিগৰাকীয়ে ঘৰ নিৰ্মাণ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷

ব্যক্তিগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, ভগৱান বিষ্ণুৰ প্ৰতীক হিচাপে গণ্য কৰা হয় আম গছক ৷ যিয়ে গ্ৰীষ্মকালত তাপমাত্ৰাৰ সন্তুলনত সহায় কৰে ৷ হাৰিয়ানাৰ কৰ্ণালৰ এইগৰাকী ব্যক্তি বিশাল শৰ্মাৰ এনে পদক্ষেপক স্থানীয় বন বিভাগে প্ৰশংসাৰে ওপচাই দিছে ৷ তদুপৰি বিশাল শৰ্মাৰ দৰেই আন সকলকো গছপুলি ৰোপণৰ বাবে উৎসাহিত কৰিছে ৷ উল্লেখ্য যে, এইগৰাকী ব্যক্তিৰ বাসগৃহৰ পৰা বহু দূৰলৈকে এডালো গছ নথকা বুলি বন বিভাগৰ সূত্ৰত প্ৰকাশ পাইছে ৷

লগতে পঢ়ক: কেনেকৈ পাকিস্তানৰ জেইলৰ আলহী হ’ল নগাঁৱৰ ৱাহিদা বেগম ? - NAGAON WOMAN IN PAKISTAN JAIL

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.