ETV Bharat / bharat

এইবাৰেই চাৰ্কাছ শেষ, ইণ্ডি এলায়েন্সে নিৰ্ণয় কৰিব দেশৰ ভৱিষ্যত : ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী চম্পাই ছোৰেন - LOK SABHA ELECTION 2024

author img

By ETV Bharat Assamese Team

Published : May 29, 2024, 2:35 PM IST

Updated : May 29, 2024, 2:40 PM IST

jharkhand CM interview : ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী চম্পাই ছোৰেনে ইটিভি ভাৰতৰ ব্যুৰো চীফ ৰাজেশ কুমাৰৰ সৈতে হোৱা সাক্ষাৎকাৰৰ সময়ত প্ৰকাশ কৰে নিৰ্বাচনকেন্দ্ৰিক বহু কথা ৷ এইবাৰ লোকসভা নিৰ্বাচনত ইণ্ডি এলায়েন্সে ঝাৰখণ্ডত 14 খন আসনৰ আটাইকেইখনে লাভ কৰাৰ দাবী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

exclusive Interview of jharkhand chief minister
ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী চম্পাই ছোৰেনৰ আছুতীয়া সাক্ষাৎকাৰ (Source : Etv Bharat)

বিশেষ প্ৰতিবেদন, 29 মে’: সমগ্ৰ দেশতে অব্যাহত আছে ইণ্ডি এলায়েন্সৰ ঢৌ ৷ এইবাৰ লোকসভা নিৰ্বাচনত ইণ্ডি এলায়েন্সে ঝাৰখণ্ডত লাভ কৰিব 14 খনকৈ আসন ৷ এই দাবী ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী চম্পাই ছোৰেনৰ ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে ইটিভি ভাৰতৰ ব্যুৰো চীফ ৰাজেশ কুমাৰৰ সৈতে হোৱা সাক্ষাৎকাৰৰ সময়ত প্ৰকাশ কৰে এই কথা ৷ তেওঁ কয় যে, মোদী চৰকাৰৰ দহ বছৰীয়া কাৰ্যকাল সকলোৱে দেখিলে ৷ এইখন চৰকাৰে মাথো চাৰ্কাছ প্ৰদৰ্শন কৰি আহিছে ৷

এইখন বিজেপি চৰকাৰে নিবনুৱা সমস্যা, মূল্যবৃদ্ধি, দুৰ্নীতি, সংৰক্ষণৰ বিপক্ষে কেতিয়াও মাত নামাতিলে বুলি ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী চম্পাই ছোৰেনে বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰে ৷

এই সাক্ষাৎকাৰৰ একাংশ আগবঢ়াইছো-

ঝাৰখণ্ডত অনুষ্ঠিত হোৱা নিৰ্বাচন সন্দৰ্ভত আপোনাৰ দাবী আৰু মতামত কি ?

মুখ্যমন্ত্ৰী চম্পাই ছোৰেনে এই প্ৰশ্নৰ উত্তৰত কৈছিল যে, দেশত ইণ্ডি এলায়েন্স বিজেপিৰ এক চিন্তাৰ কাৰণ হৈ পৰিছে । ইণ্ডি এলায়েন্সে ইতিমধ্যে নিবনুৱা, মহিলাৰ উন্নতিৰ ক্ষেত্ৰত কেইবাটাও ঘোষণা কৰিছে ৷ কিন্তু দহ বছৰত দেশৰ প্ৰধানমন্ত্ৰী মোদীয়ে যি ঘোষণা কৰিলে, সেয়া মাথো ভূৱা প্ৰতিপন্ন হ’ল ৷

দেশৰ মানুহে এইটো কথা এতিয়া বুজি পাইছে । যাৰ পৰা লাভান্বিত হ'ব ইণ্ডি এলায়েন্স ৷ আমাৰ চৰকাৰে জনকল্য়াণৰ বাবে কৰা কামৰ আধাৰতহে ভোট ভিক্ষা কৰিছে ৷ দেশত দীৰ্ঘদিনে বিজেপিয়ে শাসন কৰিছিল যদিও ইয়াৰ দ্বাৰা উপকৃত হোৱা নাছিল জনজাতীয় বা খিলঞ্জীয়া অথবা দৰিদ্ৰ লোকসকল ৷

যদি বিজেপি জনজাতীয় বিৰোধী, তেন্তে অৰ্জুন মুণ্ডা কেন্দ্ৰীয় মন্ত্ৰী কেনেকৈ হ'ল ?

ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীগৰাকীক সোধা হৈছিল যে, কেন্দ্ৰীয় চৰকাৰে সাংসদ অৰ্জুন মুণ্ডাক জনজাতীয় পৰিক্ৰমা মন্ত্ৰী হিচাপে দায়িত্ব অৰ্পণ কৰিছে ৷ ভগৱান বীৰচা মুণ্ডাৰ জন্ম-জয়ন্তী আদিবাসী গৌৰৱ দিৱস হিচাপে উদযাপন কৰা হৈছে । যি আগতে হোৱা নাছিল, এয়া কেনেকৈ সম্ভৱ ?

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ছোৰেনে কয় যে, বিশ্ব জনজাতীয় দিৱসত এটাও শুভেচ্ছা জনোৱা হোৱা নাই । চাৰ্ণা ধৰ্ম সংহিতাৰ লোকপিয়ল তালিকাত কিয় এটা স্তম্ভ সন্নিৱিষ্ট কৰা হোৱা নাই ? গতিকে তেওঁলোকক কেনেকৈ জনজাতীয় পন্থী বুলি ক'ব পাৰি ?

কিহৰ ভিত্তিত ১৪ খন আসন জিকিবলৈ দাবী কৰিছে ?

এই প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী চম্পাই ছোৰেনে কয় যে, দহ বছৰ ধৰি কেন্দ্ৰত মোডী চৰকাৰে আধিপত্য বিস্তাৰ কৰি আছে । সাধাৰণ লোকসকলে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ বাবদ পইছা দিবলৈ বন্ধ কৰিছিল ৷

যাৰ বাবে আমাৰ চৰকাৰে আবুয়া আৱাস আঁচনি আৰম্ভ কৰিবলৈ বাধ্য হৈছিল । আমাৰ চৰকাৰে ইয়াত দৰিদ্ৰ লোকসকলক সৰ্বজন পেঞ্চন যোজনাৰ সুবিধা প্ৰদান কৰি আছে । ই দৰিদ্ৰ লোকসকলক পোনপটীয়াকৈ লাভান্বিত কৰিছে ।

দহ বছৰত মূল্যবৃদ্ধি আৰু নিবনুৱাৰ সন্দৰ্ভত কিয় কোনো কথা হোৱা নাছিল ?

মুখ্যমন্ত্ৰীয়ে কৈছিল যে, এই লোকসকলে(মোদী চৰকাৰে) কি সমস্যা উপস্থাপন কৰিছে ? কেতিয়াও মূল্যবৃদ্ধি আৰু নিবনুৱাৰ বিষয়ে কোনো আলোচনা নকৰিলে ৷ তাৰপিছত নাই কোনো সুবিধাৰ কথা । এই লোকসকলে 2014 চনত মূল্যবৃদ্ধিৰ প্ৰসংগৰে ক্ষমতালৈ আহিছিল ।

বৰ্তমান সময়ত একোটা গেছ চিলিণ্ডাৰৰ মূল্যই 400 ৰ পৰা 1200 টকালৈ বৃদ্ধি হৈছে ৷ পেট্ৰ’লৰ মূল্যও প্ৰতি লিটাৰত 100 টকাৰ ওপৰত বৃদ্ধি হৈছিল । তেওঁলোকৰ কোনো ঘোষণাই সঁচা বুলি প্ৰমাণিত হোৱা নাছিল ৷ তেন্তে তেওঁলোকে কিহৰ ভিত্তিত ভোট বিচাৰিছে ?

দৰিদ্ৰতা হ্ৰাস পাইছে, অৰ্থনীতি শক্তিশালী হৈছে

মুখ্যমন্ত্ৰী গৰাকীয়ে কেনেকৈ দৰিদ্ৰতা হ্ৰাস পাইছে, তাকে কৈছিল । আজিও 80 কোটি লোকক 5 কিল’গ্ৰামকৈ খাদ্য শস্য দি অহা হৈছে । এইটো স্পষ্ট যে দৰিদ্ৰতা এতিয়াও অব্যাহত আছে ।

আমি পৰৱৰ্তী পাঁচ বছৰৰ বাবে পুনৰ খাদ্যশস্য দিয়াৰ কথা কৈছো । দৰিদ্ৰসকলক কেনেকৈ সেই সীমাৰ পৰা বাহিৰ কৰিব পাৰি, তাৰ কোনো কথা বিজেপি চৰকাৰে আলোচনা কৰা নাই । এই চৰকাৰে নিশ্চিতভাৱে কেইজনমান পুঁজিপতিৰ বাবে কাম কৰিছে ।

ঝাৰখণ্ড চৰকাৰে সকলো দৰিদ্ৰলোকক পেঞ্চন দি আছে

কেন্দ্ৰীয় চৰকাৰে দৰিদ্ৰসকলৰ বাবে একো কৰা নাই । ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী চম্পাই ছোৰেনে কৈছিল যে, আমাৰ চৰকাৰে দৰিদ্ৰসকলক পেঞ্চন দি আহিছে । জলসিঞ্চনৰ ওপৰত গুৰুত্ব দিয়া হৈছে । আগন্তুক সময়ত কৃষকসকলে দেশক শস্যৰ সৈতে খাদ্য যোগান ধৰিব বুলিও মুখ্যমন্ত্ৰী ছোৰেণে দাবী কৰে ৷

কল্পনা ছোৰেন মুখ্যমন্ত্ৰীৰ সমকক্ষ নেকি ?

দৰাচলতে, গিৰিডিহৰ জে এম এম বিধায়ক সুদেৱীভা কুমাৰ চনুৱে এক কাৰ্যসূচীত কৈছিল যে, কল্পনা ছোৰেনক মুখ্যমন্ত্ৰীৰ সমকক্ষ নেতা হিচাপে ভোট দিব লাগিব । ইয়াৰ উত্তৰত তেওঁ কয় যে, এনে প্ৰশ্নৰ উত্তৰ দিয়াটো উচিত নহয় ৷ কিছু লোকে কি কয়, এজন বা দুজন লোকে কি কয় সেয়া গুৰুত্বপূৰ্ণ নহয় ।

কল্পনা ছোৰেনক সাজু কৰি তোলা হৈছে নেকি ?

কল্পনা ছোৰেনে নিৰ্দলীয়ভাৱে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা নাই । তেওঁক দলৰ দ্বাৰা কৰ্তৃত্ব দিয়া হৈছে । গাণ্ডেয়া আসনখন খালী কৰাৰ ক্ষেত্ৰত পূৰ্বৰে পৰা ই দলৰ ৰণনীতিৰ অংশ আছিল । আমি দলৰ ৰণনীতি প্ৰকাশ কৰিব নোৱাৰো বুলি চম্পাই ছোৰেনে প্ৰকাশ কৰে ।

আপোনালোকে যদি সংখ্যাগৰিষ্ঠতা পায়, তেন্তে প্ৰধানমন্ত্ৰী কোন হ'ব ?

মুখ্যমন্ত্ৰীগৰাকীক সোধা হৈছিল যে, যদি দেশত ইণ্ডি এলায়েন্সৰ ঢৌ থাকে, তেন্তে সংখ্যাগৰিষ্ঠ আসন লাভ কৰিলে কোন হ’ব দেশৰ প্ৰধানমন্ত্ৰী ? ইয়াৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰী ছোৰেনে কয় যে, ইয়াৰ বাবে এই মিত্ৰজোঁটে সিদ্ধান্ত ল'ব । তাৰ বাবে অস্থিৰ হোৱাৰ কোনো প্ৰয়োজন নাই ।

কাৰাগাৰত হেমন্ত ছোৰেনৰ সৈতে কি আলোচনা হয় ?

হেমন্ত ছোৰেন দলটোৰ কাৰ্যকৰী সভাপতি । যেতিয়াই মই তেওঁক লগ পাইছিলো, দলটোৰ বিষয়ে আলোচনা হৈছিল । মিত্ৰতাৰ অধীনত কাক টিকট দিব ? আসনখন কেনেদৰে ভাগ-বতৰা কৰা হ'ব ? সংগঠনটো কেনেদৰে অধিক শক্তিশালী কৰিব পাৰি । এই বিষয়বোৰ হেমন্ত ছোৰেনৰ সৈতে আলোচনা কৰা হয় ।

বিজেপিৰ '400+' শ্লোগানৰ কোনো ভিত্তি নাই

মুখ্যমন্ত্ৰী চম্পাই ছোৰেনে সাক্ষাৎকাৰটোত কয় যে, কিহৰ ভিত্তিত বিজেপিয়ে দাবী কৰিছে যে এইবাৰ তেওঁলোকে 400 তকৈ অধিক আসন জিকিব ? সেয়া বুজি পোৱা নাই । যদি এনেকুৱা হয়, তেন্তে প্ৰধানমন্ত্ৰীয়ে কিয় সকলো ঠাইতে নিৰ্বাচনৰ পূৰ্বে নৈশযাপন কৰিছে ?

আনকি 2019 চনত ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ সময়তো 65+ আসন লাভৰ দাবী কৰিছিল দলটোৱে । ইয়াৰ ফলাফল কি আছিল ? বিজেপিয়ে লাভ কৰিছিল মাথো 25 খন আসন ৷ সেইতো স্বাভাৱিক, কাৰণ ৰাইজে তেওঁলোকৰ মনোভাৱ বুজি পাইছে ৷

লগতে পঢ়ক: মহাৰাষ্ট্ৰত লোকসভাৰ ৪০ খনতকৈও অধিক আসন লাভ কৰিম : আত্মবিশ্বাসী মুখ্যমন্ত্ৰী একনাথ সিন্দে - Maharashtra CM Eknath Shinde

Last Updated : May 29, 2024, 2:40 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.