ETV Bharat / state

ন-বোৱাৰীক হত্যাৰ অভিযোগ; চিতাৰ পৰা উঠাই নিলে আধাজ্বলা মৃতদেহ - Murder for dowry

author img

By ETV Bharat Assamese Team

Published : May 15, 2024, 10:13 PM IST

Murder in Dhakuakhana: গাৰ পৰা মাহ-হালধিৰ গোন্ধ নৌযাওঁতেই পৃথিৱী এৰিলে এগৰাকী ন-বোৱাৰীয়ে ৷ স্বামীৰ পৰিয়ালে হত্যা কৰাৰ অভিযোগত উত্তাল পৰিৱেশ ৷ নগদ ধনৰ লগতে আ-অলংকাৰ দাবী কৰি আহিছিল বুলি পিতৃ পৰিয়ালৰ অভিযোগ ৷

Murder in Dhakuakhana
ন-বোৱাৰীক হত্যাৰ অভিযোগ, উত্তপ্ত নাৰায়ণপুৰ চাপৰি গাঁও (ETV Bharat Assam)

ন-বোৱাৰীক হত্যাৰ অভিযোগ, উত্তপ্ত নাৰায়ণপুৰ চাপৰি গাঁও (ETV Bharat Assam)

ঢকুৱাখনা, ১৫ মে’ : সোণৰ গহনা আৰু দাবী কৰা অনুসৰি ৫ লাখ টকা নিদিয়াৰ বাবেই এগৰাকী নৱবিবাহিতা বোৱাৰীয়ে প্ৰাণ হেৰুৱাবলগীয়া হ’ল ৷ এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে ঢকুৱাখনা থানাৰ অন্তৰ্গত নাৰায়ণপুৰ চাপৰি গাঁৱত । নৱবিবাহিতা বোৱাৰীগৰাকীক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে । বোৱাৰীগৰাকীৰ পৰিয়ালৰ লোকে স্পষ্টভাৱে উত্থাপন কৰিছে হত্যাৰ অভিযোগ ।

উল্লেখ্য যে কেইমাহমান পূৰ্বে নাৰায়ণপুৰ গাঁৱৰ মৃদুল বৰুৱাৰ পুত্ৰ পৱন বৰুৱাই পলুৱাই আনিছিল দেৱলীনা সোণোৱাল নামৰ ১৭ বছৰীয়া কিশোৰীগৰাকীক ৷ সোণাৰী চাপৰি আৰক্ষী চকীৰ অন্তৰ্গত কেকুৰী কছাৰী গাঁৱৰ প্ৰদীপ সোণোৱালৰ জীয়ৰী আছিল দেৱলীনা সোণোৱাল ।

ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উচ্চতৰ মাধ্যমিক দ্বিতীয় বর্ষত অধ্যয়নৰত ছাত্ৰীগৰাকীক প্ৰেমৰ জালত বন্দী কৰি পৱন বৰুৱাই পলুৱাই প্ৰায় ২ মাহ পূৰ্বে সংসাৰ পাতিছিল । দেৱলীনাৰ পৰিয়ালৰ ভাষ্য যে ১৭ বছৰীয়া দেৱলীনাক কৌশলেৰে বিয়া পাতি নিয়াৰ কিছুদিনৰ পিচৰে পৰা কিশোৰী বোৱাৰীগৰাকীৰ ওপৰত অবৰ্ণনীয় শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱা হৈছিল । যি কথা ইতিপূৰ্বে মৃত কিশোৰীগৰাকীয়ে পৰিয়ালক অৱগত কৰোৱাইছিল ।

নগদ ধন, যৌতুক আৰু ঘৰত ব্যৱহার্য সামগ্ৰী বিচাৰি অকথ্য নিৰ্যাতন চলোৱাৰ পৰৱৰ্তী সময়ত পৱন বৰুৱাই পত্নীক মাতৃৰ গৃহলৈ ঘূৰি যাবলৈও বাধ্য কৰোৱাইছিল । এনেদৰে দুৰ্বিসহ জীৱন কটোৱাৰ পিচত মঙলবাৰে বিয়লি ৰহস্যজনকভাৱে দেৱলীনা সোণোৱালৰ মৃতদেহ উদ্ধাৰ হয় স্বামী গৃহত । এই খবৰ লাভ কৰি দেৱলীনাৰ পিতৃ পৰিয়াল ঘটনাস্থলীত উপস্থিত হোৱাৰ সময়ত দেৱলীনাৰ মৃতদেহ ঘৰৰ মজিয়াত পৰি থকা অৱস্থাতহে প্ৰত্যক্ষ কৰে । এই সন্দৰ্ভত পিতৃ পৰিয়ালে ঘটনাস্থলীত উপস্থিত হৈয়েই এয়া এটা পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ উত্থাপন কৰে ।

দেৱলীনা সোণোৱালৰ মূৰৰ পৰা ভৰিপৰ্যন্ত অকথ্য শাৰীৰিক নিৰ্যাতনৰ স্পষ্ট চিন থকাৰ কথা সদৰী কৰে পিতৃয়ে । এই জঘন্য কাণ্ড স্বামী পৱন বৰাই সংঘটিত কৰা বুলি দাবী কৰি ঢকুৱাখনা সদৰ থানাত পিতৃ প্ৰদীপ সোণোৱালে এখন এজাহাৰ দাখিল কৰে । পিতৃ সোণোৱালে সংবাদ মাধ্যমৰ আগত কয় যে হত্যাকাৰী পৱন বৰুৱাই কিছুদিন পূৰ্বে দেৱলীনাৰ মাতৃক ফোন কৰি নগদ ৫ লাখ টকা দাবী কৰিছিল ।

দাবী কৰা টকা নিদিয়াৰ বাবেই দেৱলীনাৰ মোবাইল ফোনো ভাঙি পেলাইছিল ৷ ইয়াৰোপৰি দেৱলীনাক প্ৰচণ্ড মাৰপিট কৰি খজুৱা তিনিআলিত এৰি থৈ গৈছিল বুলিও জনায় দুৰ্ভগীয়া পিতৃয়ে ।

ঢকুৱাখনা থানাৰ আৰক্ষীয়ে এই সন্দৰ্ভত অভিযান চলাই ঘৰৰ সমীপৰ পৰা হত্যাত অভিযুক্ত স্বামী পৱন বৰুৱাক আটক কৰিবলৈ সক্ষম হয় । পৰৱৰ্তী সময়ত বোৱাৰীগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে । আনহাতে দেৱলীনা সোণোৱালৰ হত্যাৰ প্ৰতিবাদত ঢকুৱাখনা মহকুমা মহিলা সমিতি, সোণৰি চাপৰি আঞ্চলিক মহিলা সমিতি, নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ সহযোগত কেইবা শতাধিক মহিলাই স্বামীৰ গৃহ ঘেৰাও কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে ।

ইফালে দেৱলীনাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ পিচত চাৰিকড়ীয়াৰ পাৰৰ ৰাজহুৱা শ্মশানত স্বামীৰ পৰিয়ালে চিতা পাতি মৃতদেহত মুখাগ্নি কৰে । দেৱলীনাৰ পিতৃগৃহৰ লোকে মৃতদেহ নেদেখি উত্তেজিত হৈ পৰাৰ সময়তে চাৰিকড়ীয়া নৈ পাৰৰ জলন্ত চিতাৰ পৰা আধা জ্বলা শ-দেহ নমাই নিয়ে ।পৰৱৰ্তী সময়ত দণ্ডাধীশ আৰু আৰক্ষীৰ উপস্থিতিতেই নাৰায়ণপুৰ চাপৰিৰ স্বামী গৃহৰ চৌহদলৈ আধা জ্বলা মৃতদে নি সৎকাৰ কৰে উত্তেজিত ৰাইজে ।

লগতে পঢ়ক: মুকলি আকাশৰ তলত হত্যাৰ অভিযুক্ত; কাণসাৰ নাই বগীনদী আৰক্ষীৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.