ETV Bharat / city

Attempting to join ULFA-I : নাগালেণ্ড আৰক্ষীৰ জালত টীয়কৰ তিনি যুৱক

author img

By

Published : Nov 27, 2021, 4:26 PM IST

চলিত বৰ্ষৰ 20 নৱেম্বৰত নাগালেণ্ডৰ মন জিলাত অসম ৰাইফল্ছে আলফা (স্বা)ত যোগদান কৰিবলৈ যোৱাৰ সন্দেহত কৰিছিল কৰায়ত্ব (Assam Rifles detained three youths in Nagaland's Mon district) টীয়কৰ তিনি যুৱকক ৷ শুকুৰবাৰে অসম ৰাইফল্ছে এই তিনিওজন যুৱকক চমজাই দিলে অসম আৰক্ষীৰ হাতত (handed over to assam police) ৷ সম্প্ৰতি অসম আৰক্ষীয়ে তিনিওজনকে চমজি লৈ অব্যাহত ৰাখিছে সোধ-পোচ ৷

assamese-youth-arrested-for-joining-ulfa-in-nagaland
Teok ulfa : নাগালেণ্ডত আৰক্ষীৰ জালত টীয়কৰ তিনিজন যুৱক

টীয়ক, 27 নৱেম্বৰ : পুনৰ আলফা (স্বা)ত যোগদান কৰিবলৈ আহি আৰক্ষীৰ জালত পৰিল তিনিজন যুৱক । এইবাৰ আলফাত যোগদান কৰিবলৈ গৈ নগালেণ্ডত অসম ৰাইফল্ছৰ হাতত কৰায়ত্ব হ'ল টীয়কৰ তিনিজন যুৱক(assamese youths arrested in Nagaland while attempting to join ULFA-I) ৷

উল্লেখ্য যে নাগালেণ্ডৰ মন জিলাত অসম ৰাইফলচে বিগত 20 নৱেম্বৰ আটক কৰিছিল এই তিনিওজন যুৱকক(Assam Rifles arrested three youths in Nagaland's Mon district) । কিন্তু শুকুৰবাৰে অসম ৰাইফলচে এই তিনিওজন যুৱকক অসম আৰক্ষীৰ হাতত চমজাই দিয়ে (handed over to assam police) ৷ গ্ৰেপ্তাৰ হোৱা তিনিজন যুৱক ক্ৰমে টীয়কৰ অৰিন্দম বৰা, তিনিচুকীয়াৰ সীমান্ত নেওঁগ আৰু ওদালগুৰিৰ বিকাশ ডেকা বুলি জানিব পৰা গৈছে ৷ সম্প্ৰতি আৰক্ষীয়ে তিনিওজনকে সোধ-পোচ অব্যাহত ৰাখিছে ৷

Attempting to join ULFA-I : নাগালেণ্ড আৰক্ষীৰ জালত টীয়কৰ তিনি যুৱক

জানিব পৰা মতে, ইতিপূৰ্বে টীয়কৰ অৰিন্দম বৰাই সামাজিক মাধ্যমত আলফাৰ সমৰ্থনত প’ষ্ট দি আৰক্ষীৰ হাতত আটক হৈছিল আৰু আগলৈ তেনেধৰণৰ কোনো প’ষ্ট পুনৰ নিদিয়ে বুলি আৰক্ষীৰ আগত দিছিল প্ৰতিশ্ৰুতি ।

কিন্তু বিগত 19 নৱেম্বৰত ঘৰৰ পৰা অৰিন্দম বৰা নিখোজ হোৱাত পৰিয়ালৰ লোকে টীয়ক কাষ চাপিছিল আৰক্ষীৰ ৷ তাৰ পৰিপ্ৰেক্ষিততে আলফালৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰি অভিযান অব্যাহত ৰাখিছিল আৰক্ষীয়ে ৷ অৱশেষত তিনিওকে অসম ৰাইফল্ছে নাগালেণ্ডত আটক কৰিবলৈ সক্ষম হয় ।

উল্লেখ্য যে চলিত বৰ্ষৰ 18 নৱেম্বৰ তাৰিখে আলফা (স্বা)ত যোগদান কৰিবলৈ গৈ নাগালেণ্ডৰ মন জিলাত গ্ৰেপ্তাৰ হৈছিল টংলাৰ বিকাশ ডেকা নামৰ আনজন যুৱক । সৰুৰে পৰা সংগীতৰ প্ৰতি আগ্ৰহ থকা বিকাশ ডেকাই জুবিন গাৰ্গক লগ ধৰিবলৈ যাম বুলি ঘৰত ফাঁকি দি আলফা (স্বা)ত যোগদান কৰিবলৈ গৈছিল । পৰৱৰ্তী সময়ত নাগালেণ্ডত অসম ৰাইফল্ছৰ হাতত আটক হৈছিল বিকাশ(Bikash was arrested by Assam Rifles in Nagaland) ৷

লগতে পঢ়ক: আলফাত যোগদান কৰিবলৈ গৈ কি হ’ল যুৱকৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.