ETV Bharat / city

Indigenous Tribal sahitya sabha Memorandum: চেমখৰ সন্দৰ্ভত ৰাষ্ট্ৰপতিলৈ স্মাৰকপত্ৰ প্ৰেৰণ

author img

By

Published : Oct 16, 2022, 7:15 PM IST

Indigenous Tribal sahitya sabha Memorandum
চেমখৰ সন্দৰ্ভত ৰাষ্ট্ৰপতিলৈ স্মাৰকপত্ৰ প্ৰেৰণ

আইমী বৰুৱাৰ দ্বাৰা পৰিচালিত ডিমাছা চলচিত্ৰ 'চেমখৰ'ক লৈ এইবাৰ সৰৱ হৈ পৰিছে ইণ্ডিজিনিয়াছ ট্ৰাইবেল সাহিত্য সভা(Semkhor film controversy)। চলচ্চিত্ৰখনৰ প্ৰদৰ্শনৰ ওপৰত প্ৰতিবন্ধকতা লগোৱাৰ দাবীত ৰাষ্ট্ৰপতিলৈ স্মাৰকপত্ৰ প্ৰেৰণ সভাৰ ৷ আইমী বৰুৱাক চৰ্তহীন ক্ষমা খোজাৰ দাবী ইণ্ডিজিনিয়াছ ট্ৰাইবেল সাহিত্য সভাৰ ।

নিউজ ডেস্ক, 16 অক্টোবৰ: আইমী বৰুৱা প্ৰযোজিত আৰু পৰিচালিত 'চেমখৰ' চলচ্চিত্ৰখনৰ প্ৰদৰ্শনৰ ওপৰত প্ৰতিবন্ধকতা লগোৱাৰ দাবীত দেওবাৰে ইণ্ডিজিনিয়াছ ট্ৰাইবেল সাহিত্য সভাই ৰাষ্ট্ৰপতি দ্ৰৌপদ্ৰী মুৰ্মুলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে(Memorandum to President on Shemkhor) ৷ এই স্মাৰকপত্ৰখনত সভাই চেমখৰ চলচ্চিত্ৰখনত ডিমাচা সমাজৰ সংস্কৃতি আৰু পৰম্পৰাক বিকৃত আৰু কলংকিতভাৱে চিত্ৰিত আৰু প্ৰদৰ্শিত কৰাৰ কথা উল্লেখ কৰি সমাজত যাতে ভুল বাৰ্তা প্ৰচাৰ নহয় তাৰবাবে চলচ্চিত্ৰখনৰ প্ৰদৰ্শন সীমিত কৰাৰ বাবে আহ্বান জনায় ৷

তেওঁলোকে ছবিখনৰ দৃশ্যগ্ৰহণৰ প্ৰায় ৪ দিন পাছতে নিউমুনিয়াত আক্ৰান্ত হৈ মৃত্যু হোৱা শিশুটিক যোগ্য মৰ্যদা দিয়াৰ লগতে শিশুটিৰ দুৰ্ভগীয়া পিতৃ-মাতৃক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ বাবেও আহ্বান জনায় ৷ সংবেদনশীল জনজাতীয় সংস্কৃতি, ৰীতি-নীতি আৰু পৰম্পৰাক চিত্ৰিত যিকোনো চলচ্চিত্ৰক প্ৰমাণপত্ৰ দিয়াৰ পূৰ্বে প্ৰয়োজনীয় নথি সংগ্ৰহৰ বাবে চেঞ্চৰ বোৰ্ডক প্ৰয়োজনীয় নিৰ্দেশনা দিয়াৰ বাবেও সভাই আহ্বান জনায় ৷

ইয়াৰ উপৰি কোনো নিৰ্দিষ্ট জনজাতীয় সম্প্ৰদায়ৰ সংস্কৃতি, ৰীতি-নীতি আৰু পৰম্পৰাক চলচ্চিত্ৰত উপস্থাপন কৰা দিশটো চোৱাচিতা কৰাৰ বাবে চেঞ্চৰ বৰ্ডৰ এজন সহ-সদস্যক বাছনি কৰি দিয়াৰ বাবেও সভাই এই স্মাৰকপত্ৰত উল্লেখ কৰে ৷ সভাই চলচ্চিত্ৰ প্ৰযোজক আৰু পৰিচালকক ডিমাছা জনজাতীয় লোকৰ সন্মুখত ক্ষমা বিচাৰিবলৈ ৰাষ্ট্ৰপতিৰ ওচৰত দাবী জনায় ৷

ইণ্ডিজিনিয়াছ ট্ৰাইবেল সাহিত্য সভাই(Indigenous Tribal sahitya sabha) স্মাৰক পত্ৰখনত লগতে কয় যে, চেমখৰ হৈছে অসমৰ ডিমা হাচাও জিলাত অৱস্থিত এখন পৰিষ্কাৰ আৰু ধুনীয়া গাঁও ৷ ইয়াত ডিমাচা লোক বাস কৰে(Dimasa language movie Semkhor) । ডিমাচা জনজাতীয় লোকসকল অতি সৰল আৰু শান্তিপ্ৰেমী ৷ তেওঁলোকৰ পুৰণি সুকীয়া ভাষা, সংস্কৃতি, ৰীতি-নীতি আৰু পৰম্পৰা আছে ৷

কিন্তু চলচিত্ৰখনত ডিমাচাসকলৰ পৰম্পৰা-সংস্কৃতি, ৰীতি-নীতি আদিক সমৰ্থিত জ্ঞানৰ অভাৱত প্ৰদৰ্শিত কৰা হৈছে(ITSSA slams Aimee Baruah) ৷ চলচ্চিত্ৰখনত চিত্ৰিত আৰু প্ৰদৰ্শিত কিছুমান দৃশ্য, যেনে: প্ৰসূতিৰ মৃত্যুৰ পিছত নৱজাতক কন্যা শিশুকো জীৱন্তে সমাধিস্থ কৰা আৰু বাল্যবিবাহ আদি ডিমাচা সমাজৰ বাবে অজ্ঞাত । তদুপৰি চলচ্চিত্ৰখনত কাষ্টিং কৰাৰ বাবে শিশুটিক কেৱল 84 দিনতে শীতল ঢৌৰ সংস্পৰ্শলৈ অনা হৈছিল ৷ ইয়াৰ উপৰি ক’ভিড-19ৰ বাবে দেশজুৰি জাৰি কৰা লকডাউনৰ সময়ত অমানৱীয়ভাৱে মানৱ অধিকাৰৰ সকলো আইন উলংঘন কৰাও হৈছিল ।

লগতে পঢ়ক : চেমখৰ বোলছবি নিষিদ্ধ কৰাৰ দাবীত হাফলঙত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.