চেমখৰ বোলছবি নিষিদ্ধ কৰাৰ দাবীত হাফলঙত প্ৰতিবাদ

author img

By

Published : Sep 29, 2022, 4:19 PM IST

Dimasa

আইমী বৰুৱাৰ দ্বাৰা পৰিচালিত ডিমাছা বোলছবি 'চেমখৰ'ক লৈ বিতৰ্ক অব্যাহত (Semkhor film controversy)। বিতৰ্কিত দৃশ্যাংশকলৈ জাঙুৰ খাই উঠিছে ডিমাছা জাতীয় সংগঠনসমূহ । আইমী বৰুৱাৰ বিৰুদ্ধে আদালতৰ কাষ চাপিব কংগ্ৰেছ ।

ডিমা হাছাও, 29 ছেপ্টেম্বৰ : ডিমাছা ভাষাত নিৰ্মিত চেমখৰ ছবিখনক লৈ ডিমা হাছাও জিলাত বিতৰ্ক অব্যাহত আছে (Controversy over Semkhor film)। ছবিখনত থকা বিতৰ্কিত দৃশ্যক লৈ এতিয়া পাহাৰীয়া জিলাখনত ডিমাছা দল-সংগঠনৰ মাজতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (Protests in Haflong against Semkhor film)। ইতিমধ্যে চেমখৰ ছবিখনৰ পৰিচালক তথা অভিনেত্ৰী আইমী বৰুৱাৰ বিৰুদ্ধে ডিমা হাছাও জিলা কংগ্ৰেছে হাফলং থানাত এই সন্দৰ্ভত গোচৰ ৰুজু কৰিছে ।

ইফালে জিলাখনত ডিমাছা দল-সংগঠনৰ মাজত ব্যাপক ক্ষোভৰো উদ্গীৰণ হোৱা দেখা গৈছে । ডিমাছা জনগোষ্ঠীৰ বিভিন্ন সংগঠনে ছবিখন নিষিদ্ধ কৰাৰ দাবী উত্থাপন কৰিছে । বৃহস্পতিবাৰে ডিমাছা ইউনাইটেড য়ুথ নামৰ এটা সংগঠনে ডিমাছা ভাষাত নিৰ্মাণ হোৱা চেমখৰ ছবিখন নিষিদ্ধ কৰাৰ দাবীত হাফলং সাংস্কৃতিক ভৱনৰ পৰা এক প্ৰতিবাদী সমদল উলিয়াই ।

চেমখৰ বোলছবি নিষিদ্ধ কৰাৰ দাবীত হাফলঙত প্ৰতিবাদ

সমদলটোৱে সমগ্ৰ চহৰখনৰ মাজেৰে গৈ হাফলং জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত উপস্থিত হয় আৰু ডিমা হাছাও জিলাৰ জিলা উপায়ুক্ত নাজৰিন আহমেদৰ জৰিয়তে ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

ডিমা হাছাও জিলা কংগ্ৰেছৰ সভাপতি সমৰজিৎ হাফলংবাৰে সমগ্ৰ বিষয়টো সন্দৰ্ভত কয় যে ইতিমধ্যে তেওঁলোকে ছবিখনৰ পৰিচালক আইমী বৰুৱাৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে যদিও এতিয়ালৈকে আৰক্ষীয়ে ইয়াৰ বিৰুদ্ধে কোন পদক্ষেপ লোৱা নাই (Congress FIR against Aimee Baruah)। ৰাজ্যৰ এগৰাকী মন্ত্ৰীৰ পত্নী হোৱাৰ বাবেই আৰক্ষীয়ে আইমী বৰুৱাৰ বিৰুদ্ধে কোনো পদক্ষেপ লোৱা নাই বুলি অভিযোগ উত্থাপন কৰে সমৰজিৎ হাফলংবাৰে ।

তেওঁ অভিযোগ কৰা মতে চেমখৰ ছবিখনত এটি কণমানি শিশু আছিল আৰু ছবিখনৰ দৃশ্যগ্ৰহণৰ সময়ত শিশুটোৰ স্বাস্থ্যৰ প্ৰতি অৱহেলা কৰিছিল । যাৰ বাবে দৃশ্যগ্ৰহণৰ প্ৰায় ৪ দিন পাছতে নিউমুনিয়াত আক্ৰান্ত হৈ শিশুটোৰ মৃত্যু হয় বুলি দাবী কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ।

উল্লেখ্য যে ডিমাছা জাতিৰ আধাৰত চেমখৰ বোলছবি নিৰ্মাণ কৰাত ডিমাছাসকল যথেষ্ট সুখী যদিও ছবিখনত দেখুওৱা প্ৰসূতিৰ মৃত্যুৰ পিছত নৱজাতক কন্যা শিশুকো জীৱন্তে সমাধিস্থ কৰা দৃশ্যাংশ আপত্তিজনক । কিয়নো এই পৰম্পৰা ডিমাছা সমাজত নাই ৷

লগতে পঢ়ক :চেমখৰ বোলছবিক লৈ অসন্তুষ্টি প্ৰকাশ ডিমাছা সংগঠনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.