ETV Bharat / city

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Jul 25, 2022, 3:01 PM IST

3 বজাৰ শীৰ্ষ 10 টা বাতৰি
3 বজাৰ শীৰ্ষ 10 টা বাতৰি

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

President Droupadi Murmu: দৰিদ্ৰ ভাৰতীয়সকলেও আকাংক্ষা পূৰণ কৰিব পাৰে: দ্ৰৌপদী মূৰ্মু

ভাৰতৰ ১৫ তম ৰাষ্ট্ৰপতি হিচাপে সোমবাৰে শপত গ্ৰহণৰ পাছতে দ্ৰৌপদী মূৰ্মুৱে কয় যে শীৰ্ষ সাংবিধানিক পদলৈ তেওঁৰ নিৰ্বাচনে প্ৰমাণ কৰে যে ভাৰতত দৰিদ্ৰসকলে কেৱল সপোনই নহয়, সেই আকাংক্ষাবোৰো পূৰণ কৰিব পাৰে (Poor can not only dream but also fulfil those aspirations) । ভাৰতৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাই তেওঁক ভাৰতৰ ১৫ তম ৰাষ্ট্ৰপতি হিচাপে শপত বাক্য় পাঠ কৰোৱাৰ পিছত দিয়া ভাষণত মূৰ্মুৱে তেওঁক নিৰ্বাচিত কৰাৰ বাবে সকলো সাংসদ আৰু বিধায়কক ধন্যবাদ জ্ঞাপন কৰে ।

Droupadi Murmu takes oath as Indias President: ৰাষ্ট্ৰপতি হিচাপে শপত দ্ৰৌপদী মূৰ্মুৰ

নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে সোমবাৰে সংসদ ভৱনৰ চৌহদত ভাৰতৰ ১৫ তম ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে (Droupadi Murmu takes oath as Indias 15th President)। ইয়াৰ পূৰ্বে দ্ৰৌপদী মূৰ্মুক ৰাজ্যসভাৰ অধ্যক্ষ এম ভেংকায়া নাইডু আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কেন্দ্ৰীয় হললৈ আদৰি নিয়ে ।

Population Control Bill : বুমেৰাং হ'ব নেকি জনসংখ্যা নিয়ন্ত্ৰণ বিধেয়ক ?

লোকসভা ৱেবছাইটত প্ৰকাশিত তথ্য অনুসৰি (information on Lok Sabha website), মুঠ ৫৪৩ জন লোকসভাৰ সদস্যৰ ভিতৰত ৩০৩ জন বিজেপি, কংগ্ৰেছৰ ৫৩ জন, ডিএমকেৰ ২৪ জন, তৃণমূল কংগ্ৰেছৰ ২৩ জন, ৱাইএছআৰ কংগ্ৰেছৰ ২২ জন, শিৱসেনাৰ ১৯ জন, জেডি (ইউ)ৰ ১৬ জন, বিজেডিৰ ১২ জন,বিএছপিৰ ১০ জন আৰু বাকীখিনি অন্যান্য । এই 543 জন সদস্যৰ ভিতৰত, 171 জন সদস্যৰ 2 টাতকৈ অধিক সন্তান আছে । যাৰ ভিতৰত বিজেপিৰ 107 জন, কংগ্ৰেছ (10), জেডি(ইউ) (9), ডিএমকে (6) আৰু আনখিনি 25 টা অন্যান্য ৰাজনৈতিক দলৰ । ইটিভি ভাৰতৰ সৌৰভ শৰ্মাৰ প্ৰতিবেদনত এই তথ্য প্ৰকাশ ।

Accident at JKs Ramban: ৰামবানৰ দুৰ্ঘটনাত নিহতৰ সংখ্যা ছয় গৰাকীলৈ বৃদ্ধি

জম্মু-কাশ্মীৰৰ ৰামবান জিলাত সংঘটিত দুৰ্ঘটনাত নিহতৰ সংখ্যা ছয়গৰাকীলৈ বৃদ্ধি পাইছে (Death toll in accident at JKs Ramban rises)। আন দুগৰাকী লোকৰ চিকিৎসালয়ত মৃত্যু হোৱাৰ পিছত এই সংখ্য়া বৃদ্ধি হৈছে ।

Watershed moment for India: দ্ৰৌপদী মূৰ্মুৰ শপতগ্ৰহণক ঐতিহাসিক ক্ষণ আখ্যা প্ৰধানমন্ত্ৰী মোডীৰ

দেশতৰ পঞ্চদশ ৰাষ্ট্ৰপতি হিচাপে শপতগ্ৰহণ কৰিলে দ্ৰৌপদী মূৰ্মুৱে(Droupadi Murmu takes oath as Indias President) । মূৰ্মুৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Prime Minister Narendra Modi attends Murmur swearing-in ceremony) । দেশৰ প্ৰথমগৰাকী জনজাতীয় ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰা ক্ষণক ঐতিহাসিক ক্ষণ আখ্যা দিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

death threat ViKat: ছলমানৰ পিছত বিকী-কেটৰিণালৈ আহিল মৃত্যুৰ ভাবুকি

অভিনেতা বিকী কৌশল আৰু কেটৰিণা কাইফক মৃত্যুৰ ভাবুকি দিয়াৰ অভিযোগত মুম্বাই আৰক্ষীয়ে এজন অচিনাক্ত লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে ।

Vitamin B6 Benefits: গৱেষণা মতে ভিটামিন বি6 উদ্বেগ হ্ৰাস কৰাৰ সহায়ক

শেহতীয়া অধ্যয়ন অনুসৰি, উচ্চ পালিৰ (high-dose) ভিটামিন বি6 পিল ব্যৱহাৰ কৰি উদ্বেগ আৰু হতাশাৰ লক্ষণবোৰ হ্ৰাস কৰিব পাৰি (Research finds vitamin B6 helps in reducing anxiety)। জাৰ্নেল অব হিউমেন ছাইকোফাৰ্মাকোলজী ক্লিনিকেল এণ্ড এক্সপেৰিমেণ্টেলে এক অধ্যয়নৰ ফলাফলৰ প্ৰতিবেদনত এই কথা জনাইছে ।

Droupadi Murmu arrives at Rashtrapati Bhavan: বিদায়ী ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক সাক্ষাৎ দ্ৰৌপদী মূৰ্মুৰ

যোৱা ২২ জুলাইত অনুষ্ঠিত ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বী যশৱন্ত সিনহাক পৰাভূত কৰি এক ঐতিহাসিক জয় পঞ্জীয়ন কৰিছিল দ্ৰৌপদী মূৰ্মুৱে ৷ মূৰ্মু আছিল প্ৰথমগৰাকী মহিলা জনজাতীয় প্ৰাৰ্থী আৰু দেশৰ ভিতৰতে সৰ্বোচ্চ পদবী দখল কৰা দ্বিতীয়গৰাকী মহিলা ।

Mehbooba Mufti slammed Ram Nath Kovind: বিদায়ী ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক সমালোচনা মেহবুবা মুফতিৰ

নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদি মূৰ্মুৰ শপত গ্ৰহণৰ দিনাই প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক তীব্ৰ সমালোচনা জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতিৰ(Outgoing President Ram Nath Kovind has come under severe criticism) । BJPৰ ৰাজনৈতিক লক্ষ্য পূৰণ কৰা বুলি কোবিন্দক কটাক্ষ প্ৰাক্তন মুখ্য়মন্ত্ৰীগৰাকীৰ(Mehbooba Mufti slammed Ram Nath Kovind) ।

Darlings trailer: আলিয়া ভাট আৰু শ্বেফালী শ্বাহৰ যুটিয়ে আমোদ দিব দৰ্শকক

ডাৰ্লিংছক এখন ডাৰ্ক কমেডী-ড্ৰামা হিচাপে দৰ্শকৰ ওচৰলৈ আগবঢ়াই দিয়া হ’ব ৷ মায়ানগৰী মুম্বাইত মাতৃ-কন্যাই জীৱনৰ অসুবিধাবোৰৰ সৈতে মোকাবিলা কৰাৰ লগতে মিছাৰ সহায় লৈ আনৰ জীৱনত খেলিমেলিৰো সৃষ্টি কৰা দেখা গ’ল ট্ৰেইলাৰটোত ৷ অধিক জানিবলৈ আগলৈ পঢ়ক-

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.